আজি অক্ষয় তৃতীয়া, সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আনিলে লগত আহিব লক্ষ্মী, পাছে এই ৫ টা বস্তু ভুলতো নিকিনিব

আজি অক্ষয় তৃতীয়া, সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আনিলে লগত আহিব লক্ষ্মী, পাছে এই ৫ টা বস্তু ভুলতো নিকিনিব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আজি অক্ষয় তৃতীয়া, সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আনিলে লগত আহিব লক্ষ্মী, পাছে এই ৫ টা বস্তু ভুলতো নিকিনিব

বৈদিক পঞ্জিকা অনুসৰি বহাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়া পালন কৰা হয় ৷ এই দিনটোত যিকোনো শুভ কাম কৰিলে ইয়াৰ ফল অতিকে শুভ বুলি বিশ্বাস কৰা হয়। এইবাৰ ১০ মে’ আজি ​উদযাপন কৰা হ’ব অক্ষয় তৃতীয়া।

এই দিনটোত মা লক্ষ্মীক পূজা কৰা প্ৰথা। অক্ষয় তৃতীয়াৰ দিনটোত বজাৰ কৰাটোও অতি শুভ। বিশেষকৈ এই দিনটোত সোণ বা ৰূপ কিনিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়। অক্ষয় তৃতীয়াত বজাৰ কৰাটো শুভ হ’লেও কিছুমান কথা পাহৰিব নালাগে। অন্যথা তীব্ৰ দৰিদ্ৰতা আপোনাৰ পৰিয়ালৰ সংগী হৈ থাকিব। কি কিনিব নালাগে –

ধাৰ থকা বস্তু
অক্ষয় তৃতীয়াত কটাৰী, কেচি, চুৰি আদি কোনো ধৰণৰ ধাৰ থকা বস্তু কিনিব নালাগে। ফলত ঘৰত ঋণাত্মক শক্তি বিয়পি পৰে। পাৰিবাৰিক সম্পৰ্কতো দেখা দিব পাৰে বিভাজন।

প্লাষ্টিকৰ সামগ্ৰী
অক্ষয় তৃতীয়াৰ দিনা কোনো ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী কিনিব নালাগে। জনবিশ্বাস অনুসৰি এই দিনটোত প্লাষ্টিকৰ সামগ্ৰী কিনিলে আপোনাৰ পৰিয়ালত দৰিদ্ৰতাৰ আবিৰ্ভাৱ ঘটিব। মা লক্ষ্মীৰ ক্ৰোধত আপোনাৰ জীৱনৰ পৰা সুখ আৰু শান্তি গুচি যাব।

ক’লা কাপোৰ
অক্ষয় তৃতীয়াৰ দিনা ক’লা কাপোৰ বা ক’লা সাজ কিনিব নালাগে। গতানুগতিকভাৱে বিশ্বাস কৰা হয় যে ক’লা ৰঙে আমাৰ জীৱনত অশুভ প্ৰভাৱ পেলায়। অক্ষয় তৃতীয়াৰ শুভ দিনত ক’লা কাপোৰ পৰিধান নকৰাটো ভাল।

ক’লা বস্তু
কেৱল ক’লা কাপোৰেই নহয়, অক্ষয় ত্ৰিতীয়াৰ দিনা ক’লা সামগ্ৰীয়ো কিনিব নালাগে। ফলত নেতিবাচক শক্তিয়ে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। তদুপৰি অক্ষয় তৃতীয়ত ক’লা বস্তু কিনিলে বিভিন্ন গ্ৰহৰ বেয়া প্ৰভাৱৰ মুখামুখি হ’ব লাগিব।

এলুমিনিয়ামৰ বস্তু
অক্ষয় তৃতীয়াৰ শুভ দিনত জ্যোতিষীসকলে এলুমিনিয়ামৰ সামগ্ৰী ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰে। বিশেষকৈ এই দিনটোত এলুমিনিয়ামৰ বাচন-বৰ্তন কিনিলে আৰ্থিক সংকটৰ সন্মুখীন হ’ব লাগিব। ডাঙৰ আৰ্থিক লোকচান হ’ব পাৰে। এই কু প্ৰভাৱে আপোনাক বহু দিনলৈ খেদি ফুৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *