দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

দাঁতৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব? বিশেষজ্ঞই কি কয়?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-
দাঁত ভালে ৰখাটো বহুতৰে বাবেই ডাঙৰ প্ৰত্যাহ্বান। দাঁতৰ সমস্যা সকলোৰে বাবে ডাঙৰ এক সমস্যা। কেনেকৈ দাঁত ভালে ৰাখিব পাৰি তাৰবাৰে বিশেষ কেইটামান উপায় দিছে চিকিৎসকে। দাঁত ভালে ৰখাত পুষ্টিৰ সম্পৰ্কও আছে। মুখগহ্বৰত বেক্টেৰীয়াৰ আক্ৰমণ হ’লে দাঁত বেয়া হয়। বেক্টেৰীয়াৰ সংস্পৰ্শত আহিলেই দাঁত বেয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

দাঁতৰ আয়ুস খাদ্যৰ সৈতে জড়িত হৈ আছে
ভ্ৰুণ অৱস্থাৰ পৰাই ভাল দাঁতৰ বাবে পুষ্টি পোৱাটো জৰুৰী। এই সময়ত মাতৃগৰাকীয়ে খোৱা খাদ্যৰ ওপৰত বিশেষভাৱে নজৰ দিব লাগে। কাৰণ মাতৃৰ খাদ্যৰ ওপৰতেই দাঁতৰ স্বাস্থ্য নিৰ্ভৰ কৰে। শিশু এটাৰ জন্মৰ পাছতো দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্যভাষৰ ওপৰত গুৰুত্ব দিব লাগে। পৰ্যাপ্ত পুষ্টি ঠিক সময়ত নাপালে দাঁতৰ সমস্যাই দেখা দিয়ে।

চিষ্টেমিক ফেক্টৰ আৰু লোকেল ফেক্টৰ
চিষ্টেমিক ফেক্টৰ সদ্যোজাতৰ পৰা ১২ বছৰ পৰ্যন্ত খাদ্যভাষ লুকাই থাকে। এই বয়সত দাঁত গঠনত ফ্লোৰাইডে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাধাৰণতে ফ্লোৰাইড টুথপেষ্টৰ ওপৰিও কিছু খাদ্য আছে। যেনে ফাইব্ৰাছ ফ্ৰুটছ, ফাইবাৰ সমৃদ্ধ ফল। এইসমূহ খাদ্য খালে দাঁতৰ গঠন ভাল হয়। দাঁতৰ ক্ষয় ৰোধ হয়, দাঁতেই শৰীৰৰ একমাত্ৰ অংগ যি এবাৰ ক্ষয় গ’লে পুনৰাই আকৌ গঠন নহয়। ফ্লোৰাইড ডেফিচিয়েন্সি দাঁতৰ স্বাস্থ্য বেয়া হোৱাৰ অন্যতম কাৰণ। কিন্তু অতিৰিক্ত ফ্লোৰাইডেও দাঁতৰ ক্ষতি কৰে।ইয়াৰোপৰি কম বয়সতেই কোনো ৰোগৰ কাৰণে হাই ডোজৰ এণ্টিবায়টিক আৰু ষ্টেৰয়েড বহুদিন ধৰি খাই আহিলেও দাঁতৰ ক্ষতি হয়।

লোকেল ফেক্টৰ কি কি?
আমাৰ সাধাৰণ খাদ্যভাষো ইয়াৰ প্ৰধান কাৰণ। অৰ্থাৎ দৈনিক আমাৰ যি খাদ্যভাষ সেই খাদ্যভাষৰ পৰাই দাঁতে পুষ্টি লাভ কৰে। দাঁত ভালে ৰাখিবলৈ ৩০শতাংশই নিৰ্ভৰ কৰে খাদ্যৰ ওপৰত।

খাদ্য গ্ৰহণৰ পাছত কুলকুলি কৰিবলৈ নাপাহৰিব। সাধাৰণতে খাদ্য গ্ৰহণৰ পাছত আমি বহুতেই কুলকুলি কৰিবলৈ পাহৰো। দাঁতৰ ফাঁকত খাদ্য লাগি থাকিলে একধৰণৰ এছিড তৈয়াৰ হয়। যিয়ে দাঁতৰ ক্ষতি কৰে। আনকি চাহ খোৱাৰ পাছতো কুলকুলি কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। দুগ্ধজাত খাদ্য খোৱাৰ পাছতো দাঁত পৰিষ্কাৰ কৰাটো জৰুৰী।

দাঁত বেয়া হ’লে মাংসৰ হাড় নুচুবাব
যিসকলৰ দাঁত ইতিমধ্যে ক্ষয় হ’বলৈ আৰম্ভ কৰিছে সেইসকল লোকে মাংসৰ হাড় পৰাপক্ষত নুচুবাব। কল্ড ড্ৰিংকছেও দাঁতৰ ক্ষতি কৰে। চিপছ, চকলেট আদি কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্য খোৱাৰ পৰা বিৰত থাকিব।

নিমৰ ঠাৰিৰে দাঁত মজাটো উপকাৰীনে?
পূৰ্বে ব্ৰাছৰ সলনি বহুতেই নিমৰ ঠাৰিৰে দাঁত মাজিছিল। বৈজ্ঞানিক ভিত্তিতো ইয়াৰ উপকাৰীতা প্ৰমাণ হৈছে। নিমৰ ৰসে দাঁত ভালে ৰখাত সহায় কৰে। সেয়ে প্ৰাকৃতিক উপায়েৰে দাঁতৰ যত্ন ল’ব পাৰে।

দাঁত ভালে ৰাখিবলৈ কি কি ত্যাগ কৰাটো প্ৰয়োজনীয়?
ধূমপান, গুটখা, চাধা, চুপাৰী আদিয়ে দাঁতৰ অসুখৰ সৃষ্টি কৰে। দাঁতৰ সৈতে মুখগহ্বৰৰো ক্ষতি কৰে। এইসমূহ অভ্যাস কৰ্কটৰো অন্যতম কাৰণ। দাঁত ভালে ৰাখিবলৈ দাঁত মজাটো অত্যন্ত জৰুৰী। দৈনিক খাদ্যগ্ৰহণৰ পাছত দাঁত মজাৰ অভ্যাস গঢ়ি তুলিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *