শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দ্বাপৰ যুগত বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে দৈৱকীৰ কোষত জন্মগ্ৰহণ কৰিছিল ভগৱান কৃষ্ণই৷ শ্ৰী মদ্ভগৱত পুৰাণ অনুযায়ী কৃষ্ণৰ জন্ম ভাদমাহৰ কৃষ্ণপক্ষত৷ অষ্টমী তিথি, ৰোহিনী নক্ষত্ৰ, বুধবাৰে তেঁঁওৰ জন্ম৷ সেয়ে প্ৰতিবছৰে এই তিথিত কৃষ্ণৰ জন্মোৎসৱ পালন কৰা হয়৷ এই দিনটোক কৃষ্ণ জন্মাষ্টমী নামেৰে জনা যায়৷ এই বছৰৰ জন্মাষ্টমী বিশেষ৷ কাৰণ এইবাৰ বুধবাৰেই জন্মাষ্টমী পালন কৰা হ’ব৷ কিন্তু ৬ নে ৭ ছেপ্টেম্বৰত জন্মাষ্টমী সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ ২০২৩ চনৰ জন্মাষ্টমীৰ শুভক্ষণ, ৰোহিনী নক্ষত্ৰৰ সময় ইত্যাদি সম্পৰ্কে জানি লওক৷

জন্মাষ্টমী তিথি
ভাদমাহৰ কৃষ্ণ জন্মাষ্টমী তিথি আৰম্ভ হ’ব ৬ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বাজি ৩৭ মিনিটৰ পৰা৷ শেষ হ’ব ৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৪ বাজি ১৪ মিনিটত।

৬ নে ৭ ছেপ্টেম্বৰ, জন্মাষ্টমী কেতিয়া?

৬ ছেপ্টেম্বৰ
এই তাৰিখত গৃহস্থসকলে জন্মাষ্টমী পালন কৰা হ’ব৷ এই দিনা ৰোহিনী নক্ষত্ৰ আৰু ৰাত্ৰি পুজাৰ শুভক্ষণ৷ এই দিনটোতেই মাজনিশা মথুৰাত কংসৰ কাৰাগাৰত কৃষ্ণৰ জন্ম হৈছিল৷ চলিত বছৰৰ ছেপ্টেম্বৰৰ ৬ তাৰিখে মথুৰাত জন্মাষ্টমী পালন কৰা হ’ব৷

৭ ছেপ্টেম্বৰ
পঞ্জিকা অনুযায়ী এই দিনটোত বৈষ্ণৱ সম্প্ৰদায়ে জন্মাষ্টমী পালন কৰিব৷ সাধু, সন্যাসীৰ মাজতো কৃষ্ণ পুজাৰ পৃথক বিধান আছে৷ শাস্ত্ৰ পঞ্চদেৱৰ উপাসক, অৰ্থাৎ স্মাৰ্ত সম্প্ৰদায়ৰ ব্যক্তিসকলে কৃষ্ণ উপাসনাৰ পৃথক পদ্ধতি অৱলম্বন কৰে৷


জন্মাষ্টমীত ৰোহিনী নক্ষত্ৰৰ সময়
কৃষ্ণ পুজাৰ সময়ঃ ৬ ছেপ্টেম্বৰৰ নিশা ১১ বাজি ৫৭ মিনিটৰ পৰা নিশা ১২ বাজি ৪২ মিনিট পৰ্যন্ত৷
পুজাৰ মুঠ সময় এইবাৰ ৪৬ ঘণ্টা৷ মাজনিশা ১২ বাজি ২ মিনিট শুভ সময়৷
৬ ছেপ্টেম্বৰ ৰোহিনী নক্ষত্ৰ আৰম্ভ হোৱাৰ সময় ৯ বাজি ২০ মিনিট৷ ৭ ছেপ্টেম্বৰৰ পুৱা ১০ বাজি ২৫ মিনিট পৰ্যন্ত এই নক্ষত্ৰ থাকিব৷

ব্ৰত ভংগৰ সময়
যিসকলৰ জন্মাষ্টমীত লঘোণে থাকে তেওঁলোকে ৭ ছেপ্টেম্বৰৰ নিশা ৬ বাজি ২ মিনিটত ব্ৰত ভংগ কৰিব পাৰে৷ প্ৰচলিত প্ৰথা অনুসৰি কৃষ্ণ পুজাৰ পাছত মাজ নিশাৰ পৰাই ব্ৰতত থাকিব লাগে৷

জন্মাষ্টমী পুজাৰ নিয়ম
এই তিথিত কৃষ্ণক গাখীৰ আৰু গংগাজলেৰে গা ধুৱাব লাগে৷ তাৰপিছতেই নতুন পোছাক পিন্ধাব লাগে৷ কৃষ্ণৰ প্ৰিয় ময়ুৰৰ পাখী, বাঁহীও অৰ্পন কৰক৷ মুকুট আৰু বৈজয়ন্তী মালা পৰিধান কৰাবলৈ নাপাহৰিব৷ কৃষ্ণক তুলসী দিয়াটোও শুভ৷ ইয়াৰোপৰি লাড্ডু গোপালক মাখন, মিষ্টিৰ ভোগ নিবেদন কৰিব পাৰে৷ ইয়াৰপাছতেই কৃষ্ণৰ মূৰ্তীৰ কাষত প্ৰদীপ জ্বলাবলৈ নাপাহৰিব৷ পূজা সম্পন্ন হোৱাৰ পাছত প্ৰসাদ যিমান পাৰে সিমান বিতৰণ কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *