বিহুত এইবাৰ বিহু নাগাওঁঃ জুবিন গাৰ্গ

বিহুত এইবাৰ বিহু নাগাওঁঃ জুবিন গাৰ্গ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আজাৰাৰ পৰা জুবিন গাৰ্গে আৰম্ভ কৰিলে এই বৰ্ষৰ বিহুৰ সংগীতানুষ্ঠান। মায়াবীনী ৰাতিৰ বুকুৰে আকৌ এবাৰ হাৰ্টথ্ৰ’বে শিহৰণ তুলিছে প্ৰতিজন জুবিন অনুৰাগীৰ। ১৯৯২ চনত অনামিকাৰে আৰম্ভ হোৱা সুৰীয়া যাত্ৰাটো আজিও যেন একেদৰেই আছে।

অনুৰাগীৰ আশাক কাহানিও নিৰাশ কৰা নাই জুবিনে। এইবাৰো বিহু মঞ্চত অনুৰাগীক আমোদ দিবলৈকে সাঁজু হৈছে জুবিন। প্ৰথম দিনাৰ অনুষ্ঠানত খুবেই শান্ত সমাহিত দেখা গৈছে জুবিনক। অনুৰাগীৰ পাৰভঙা উছাহৰ মাজতে জুবিনে গাই গৈছে এটাৰ পাছত আনটো হৃদয়স্পৰ্শী গীত।

জনপ্ৰিয় গীতসমূহেৰে আমোদ দি থকাৰ মাজতেই অৱশ্যে জুবিনে প্ৰথম দিনাৰ অনুষ্ঠানতেই কৈছে, ‘এইবাৰ বিহু নাগাওঁ। বিহু গাবলৈ বেলেগ আৰ্টিষ্ট আছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *