খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

খালী ভৰিৰেই এদিন বিশ্বক চমক দিছিল ভাৰতীয় ফুটবল দলে, এইবাৰ ফিফাত ভাৰতীয়ই সমৰ্থনৰ বাবে অন্য দেশক বাছনি নকৰিলেও হ’ব!

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ফুটবৰ বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী মেচত আৰু এঢাপ আগুৱাই গ’ল ভাৰতীয় ফুটবল দল। বৃহস্পতিবাৰে কুৱেইটৰ বিৰুদ্ধে খেলত নামিছিল টীম ইণ্ডিয়া। এই মেচত ভাৰতীয় ফুটবল দলৰ ত্ৰাতা হৈ উঠিছে মনবীৰ সিং। মেচৰ ৭৫ মিনিটত তেওঁৰ দুভৰিৰ যাদুৰেই ভাৰতক জয়ৰ সোৱাদ দিছে। ইয়াৰ সৈতে ভাৰতীয় ফুটবল দলে এই মেচত ১-০ গলত জয়লাভ কৰিছে। এই মেচত জয়লাভৰ পাছতেই ২০২৬ৰ বিশ্বকাপ টুৰ্নামেণ্টত যোগ্যতা অৰ্জনকাৰী দেশৰ ভিতৰত ভাৰতো এখন।

এই মেচত জয়লাভ কৰাৰ পাছতেই ভাৰতৰ হাতলৈ আহিছে তিনিটা পয়েণ্ট। ইয়াৰ সৈতে পয়েণ্টৰ তালিকাতো দ্বিতীয় স্থানত আছে ভাৰত। আনহাতে কাটাৰেও আফগানিস্তানক হৰুৱাই ৩পয়েণ্ট অৰ্জন কৰিছে। বৃহস্পতিবাৰে কাটাৰে আফগানিস্তানক ৮-১ গলত পৰাস্ত কৰিছে। গল পাৰ্থক্যৰ বিচাৰত কিন্তু কাটাৰেই পয়েণ্ট টেবুলৰ শীৰ্ষ স্থানত আছে। ভাৰত আৰু কুৱেইটৰ মেচৰ প্ৰথম ৪৫মিনিট কুৱেইটতকৈ বেছি গলৰ সুযোগ লাভ কৰিছিল টীম ইণ্ডিয়াই। কিন্তু শেষলৈ ভাৰতীয় দলে বিশেষ পৰাক্ৰম দেখুওৱাব নোৱাৰিলে। শেষত মনবীৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফলত ভাৰতে গল দিবলৈ সক্ষম হোৱাৰ লগতে বিজয় সাব্যস্তও কৰে।

আগন্তুক বিশ্বকাপ ভাৰতৰ বাবে বিশেষ হ’ব। ২০২২ বৰ্ষৰ ফিফা অৰ্থাৎ বিশ্বকাপ ফুটবল আৰম্ভ হৈছিল ২০ নৱেম্বৰৰ পৰা। সেইবাৰ ভাৰতীয় ফুটবল দলটোৱে টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব পৰা নাছিল। তথাপিও ভাৰতবাসীয়ে আৰ্জেণ্টিনাৰ ফিফা বিশ্বকাপ জয়ৰ সুখতেই সুখী হৈছিল। মেছিৰ হাতত ফিফা কাঁপ দেখি আনন্দিত হৈছিল ভাৰতীয় ফুটবলপ্ৰেমী। এইবাৰ কথাবোৰ সলনি হৈছে। হয়তো আগন্তুক ফিফাত ভাৰতে ভাগ ল’ব। সেইবাৰ ভাৰতীয় ফুটবলপ্ৰেমীয়ে অন্য কোনো দেশক চাপৰ্ট কৰি অন্যৰ সুখত সুখী হোৱাতকৈ নিজৰ দেশক চাপৰ্ট কৰিবলৈ আগবাঢ়ি আহিব।

২০২২ৰ ফিফা বিশ্বকাপত মুঠ ৩২ খন দেশে অংশগ্ৰহণ কৰিছিল। অহাবাৰ এই তালিকাত হয়তো ভাৰতো থাকিব। বিগত বৰ্ষত ভাৰতীয় দলটোৱে টুৰ্নামেন্টতো অংশগ্ৰহণ কৰিব নোৱাৰিলে। প্ৰতিভাৱান ফুটবলাৰ সুনীল ছেত্ৰীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে দ্বিতীয় ৰাউণ্ডতেই পৰাস্ত হৈ দেশলৈ উভতি আহিবলগা হৈছিল। এইবাৰ কথাবোৰ হয়তো সলনি হ’ব। ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া ফিফাত এছিয়া মহাদেশৰ অন্যান্য দেশৰ সৈতে ভাৰতো থাকিব! কিন্তু ইয়াৰ মাজতেই এটা কথা বহুতেই নাজানে যে ভাৰতীয় দলটোৱে পূৰ্বেও ফিফাত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছিল।

খালী ভৰিৰেই ভাৰতীয় দলে অৰ্জন কৰিছিল ফিফা বিশ্বকাপ খেলাৰ যোগ্যতা

১৯৫০ চনৰ কথা। সেইবাৰ ফিফা বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছিল ব্ৰাজিলত। সেইবাৰৰ বিশ্বকাপ খেলাৰ বাবে ভাৰতীয় ফুটবল দলটোৱেও যোগ্যতা অৰ্জন কৰিছিল। কিন্তু যোগ্যতা থকা স্বত্ত্বেও ভাৰতীয় দলটোৱে বিশ্বকাপত খেলিব নোৱাৰিলে। কাৰণ সেই সময়ত ভাৰতীয় ফুটবল দলে খালী ভৰিৰে খেলিছিল। সেইবাবেই দলটোৱে যোগ্যতা অৰ্জন কৰা স্বত্তেও খেলিব নোৱাৰিলে। ১৯৫০ চনত ভাৰতীয় দলটোৰ এজন খেলুৱৈ মহম্মদ আব্দুল ছেলিমে তেতিয়া স্কটলেণ্ডৰ এটা ক্লাবৰ হৈ খালী ভৰিৰেই খেলত অংশগ্ৰহণ কৰিছিল। কিন্তু সেই সময়ত ফিফাৰ নিয়ম অনুসৰি সকলোৱেই জোতা পৰিধান কৰিব লাগে। কিন্তু ভাৰতীয় ফুটবলাৰৰ জোতা পিন্ধাৰ অভ্যাসেই নাছিল। সেয়ে জোতা পিন্ধি খেলিবলৈ অস্বস্তি অনুভৱ কৰিছিল ভাৰতীয় দলটোৱে যাৰবাবে টুৰ্নামেন্টত ভাগ ল’বলৈ অস্বীকাৰ কৰে দলটোৱে।

১৯৫০ৰ পাছত ফিফাৰ বাবে যোগ্যতা অৰ্জন কৰিছেনে ভাৰতীয় দলে?

দ্বিতীয়তে ভাৰতীয় দলে যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ কাৰণ আছিল খৰচ। কিয়নো বিদেশলৈ গৈ খেলৰ অনুশীলন চলাবলৈ ভাৰতীয় ফুটবল ফেডাৰেছনৰ হাতত ইমান ধন নাছিল। কিন্তু ফিফাই ভাৰতীয় দলটোৰ যোগ্যতাৰ বিষয়ে গম পায় খেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সমূহ খৰচ বহনো কৰিছিল। কিন্তু তাৰপিছতো ভাৰতীয় দলো ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব নোৱাৰিলে। এইবাৰ সুনীল ছেত্ৰীৰ নেতৃত্বত বিশ্বৰ ১০০খন ফুটবেল খেলা দেশৰ তালিকাত ভাৰতীয় ফুটবল টীমে স্থান লাভ কৰিবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *