কলকাতাৰ মহিলা কাৰাগাৰত জন্ম হৈছে ১৯৬ টা শিশু, কয়দী কেনেকৈ অন্তঃসত্ত্বা হৈছে?

কলকাতাৰ মহিলা কাৰাগাৰত জন্ম হৈছে ১৯৬ টা শিশু, কয়দী কেনেকৈ অন্তঃসত্ত্বা হৈছে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেশৰ বিভিন্ন কাৰাগাৰত মহিলা কয়দী অন্তঃসত্ত্বা হোৱাটো তেনেই সাধাৰণ কথা। এইবাৰ কিন্তু কাহিনী কিছু ব্যতিক্ৰম। কলকাতা হাই কৰ্টৰ দৃষ্টি আকৰ্ষণ কৰিছে এইবাৰ এগৰাকী মহিলা কয়দীয়ে। আদালত বান্ধৱ তাপছ ভঞ্জে এইবাৰ মহিলাগৰাকীক লৈয়েই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হৈছে। বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি এছ শিৱজ্ঞানম আৰু ন্যয়াধীশ সুপ্ৰতিম ভট্টাচাৰ্যৰ দ্বাৰস্থ হৈছে তাপছ।

আদালতত তাপছ ভঞ্জে জনোৱা অনুসৰি, সম্প্ৰতি আলিপুৰ মহিলা জিলা পৰিদৰ্শনলৈ তেওঁ গৈছিল। তাতেই তেঁও দেখা পাই যে, মহিলা কয়দীসকলৰ ভিতৰত এগৰাকী অন্তঃসত্বা হৈ পৰিছে। মহিলাগৰাকী অন্তসত্বা দেখিয়েই তেওঁ উচ্চ ন্যায়ালয়ত আৰ্জি দিয়ে যে, মহিলা থকা চেলত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। ৰাজ্যৰ বিভিন্ন কাৰাগাৰত সুযোগ সুবিধাৰ কথা ভাৱিয়েই আদালতে বান্ধৱো নিয়োগ কৰিছে। বান্ধৱৰ দায়িত্ব হৈছে কয়দীয়ে যাতে ঠিকমতে খাদ্য, চিকিৎসা পায় সেই সম্পৰ্কে নজৰ দিয়া। কলকাতা হাই কৰ্টত আদালতক জমা দিয়া ৰিপৰ্ট অনুসৰি বিগত বছৰ পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন কাৰাগাৰত ১৯৬ জন শিশুৰ জন্ম হৈছে। সম্প্ৰতি আলিপুৰ মহিলা কাৰাগাৰতো এগৰাকী কয়দী অন্তঃসত্বা হৈ পৰিছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *