৫ টকীয়া দামৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীক বিবাহ বিচ্ছেদ পত্নীৰ

৫ টকীয়া দামৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীক বিবাহ বিচ্ছেদ পত্নীৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

৫ টকীয়া দামৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীক বিবাহ বিচ্ছেদ পত্নীৰ

মছলা জাতীয় স্নেক্সৰ প্ৰতি আসক্তিৰ কাৰণেই বিবাহ বিচ্ছেদলৈ গৈ পায় ঘটনা। এপেকেট ৫ টকীয়া মূল্যৰ কুৰকুৰে আনি নিদিয়াৰ বাবেই স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে পত্নীয়ে। এই আজৱ-গজৱ ঘটনা সংঘটিত হৈছে এইখন দেশতে।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এগৰাকী মহিলাই স্বামীক জনপ্ৰিয় স্নেক্স পেকেট কুৰকুৰে আনি নিদিয়াৰ বাবে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে।

মহিলাগৰাকীৰ এনে খাদ্যৰ প্ৰতি আসক্তি ইমানেই আছিল যে, স্বামীৰ চৰ্ত বান্ধি দিছিল নিতৌ এপেকেট ৫ টকীয়া দামী কুৰকুৰে আনি দিব লাগে। কিন্তু সেই কথা এদিন পাহৰি যায় স্বামীয়ে যি কথাক লৈয়ে বিবাদৰ সৃষ্টি হয়।

দৈনন্দিন ভোগ-বিলাসৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ মহিলাগৰাকীয়ে ঘৰ এৰি পিতৃ-মাতৃৰ ঘৰলৈ যোৱা বুলি জানিব পৰা গৈছে। পিছত তাই বিবাহ বিচ্ছেদ বিচাৰি আৰক্ষীৰ কাষ চাপিছিল। আগ্ৰাৰ শ্বাহগঞ্জ আৰক্ষীয়ে দম্পতীহালক ফেমিলি কাউন্সেলিঙৰ বাবে প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *