কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

কিয় অষ্টমী তিথিতেই ভগৱান শ্ৰী কৃষ্ণৰ জন্ম? কৃষ্ণৰ জন্ম হৈছিল বুধবাৰে, এইবাৰো জন্মাষ্টমীত বুধবাৰ, ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ কেনেদৰে পৰিব?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ধৰ্ম, ঐশ্বৰ্য, যশ, শ্ৰী জ্ঞান আৰু বৈৰাগ্য এই ৬টা ভোগ যাৰ মাজত সম্যকভাৱে আছে তেঁৱেই ষড়ৈশ্বৰ্যময় ভগৱান। শাস্ত্ৰত কোৱা হৈছে, ‘কৃষ্ণ স্বয়ং ভগৱান।’ মথুৰাৰ যাদৱ বংশৰ বৃষ্ণি গোত্ৰৰ বাসুদেৱ আৰু দৈৱকীৰ সন্তান কৃষ্ণ। জ্যোতিষ শাস্ত্ৰৰ গণনা আৰু পুৰাণ, মহাভাৰত, ভাগৱতৰ বৰ্ণনা আৰু কিছু পাশ্চাত্য পণ্ডিতৰ মতানুসাৰে ৩২২৮ খ্ৰীষ্টপূৰ্বাব্দৰ ১৮ জুলাইত শ্ৰী কৃষ্ণৰ জন্ম হৈছিল। জ্যোতিষৰ প্ৰামান্য গ্ৰন্থ ভৃগু সংহিতাত ৰামচন্দ্ৰ আৰু শ্ৰী কৃষ্ণৰ জন্মকুণ্ডলীসহ প্ৰায় দুই হাজাৰ জন্মকুণ্ডলী সংযোজিত হৈছিল। জ্যোতিষ শাস্ত্ৰৰ বিচাৰ অনুসৰি শ্ৰী কৃষ্ণৰ জন্মকুণ্ডলী সম্পৰ্কে জনা যায়।

৫২৫২ বছৰ পূৰ্বে ভাদ মাহত কৃষ্ণপক্ষৰ মাজনিশা অষ্টমী তিথিত পৰমেশ্বৰ ভগৱান শ্ৰী কৃষ্ণৰ জন্ম হয়। তেওঁৰ জন্মৰ সময়ত নক্ষত্ৰ আছিল ৰোহিনী নক্ষত্ৰ। সেই দিনটোও আছিল বুধবাৰ। ব্ৰক্ষ্মবৈবৰ্ত পুৰাণ অনুসাৰে ভগৱান বিষ্ণুৱে পৃথিৱীত পাপৰ ভাৰ বেছি হোৱাৰ বহাবে শ্ৰী কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিছিল। মাজনিশাৰ নিস্তব্ধতাত কংসৰ কাৰাগাৰত হঠাৎ উজ্জ্বল স্বৰ্গীয় আলোকেৰে আলোকিত হৈ উঠে। লগে লগেই দৈৱকীৰ কোলালৈ আহে এটা নৱজাতক। তেওঁ আন কোনো নহয়, তেৱেই আছিল ভগৱান শ্ৰী কৃষ্ণ। বাসুদেৱ দৈৱকীয়ে নৱজাতকটোক দেখিয়েই চিনি পালে, এয়া আন কোনো নহয় এয়া বিষ্ণুৰেই আন এক ৰূপ। লগে লগেই নৱজাতকক প্ৰণাম জনাই দৈৱকী আৰু বাসুদেৱে। বাসুদেৱৰ ভক্তিত প্ৰসন্ন হৈ বালক কৃষ্ণই কয়, ‘হে পিতৃদেব-মাতৃদেৱী! আপোনালোকৰ কঠোৰ সাধনাত তুষ্ট হৈ মই আপোনালোকৰ কোলালৈ আহিলো। সত্যযুগত ১৮ হাজাৰ বছৰ কেৱলমাত্ৰ গছৰ পাত আহাৰ হিচাপে খাই আপোনালোকে তপস্যা কৰিছিল। আপোনালোকৰ কঠোৰ সাধনাত তুষ্ট হৈ মই তিনিবাৰ আপোনালোকৰ পুত্ৰ হৈ জন্ম লম বুলি বৰ দিছিলো। সেই প্ৰতিজ্ঞা পুৰণৰ বাবেএই সত্যযুগত প্ৰথমে মই যেতিয়া আপোনালোকৰ সন্তান হৈ জন্ম লৈছিলো তেতিয়া আপুনি আছিল সুতপা মুনি আৰু মাতৃদেৱী আছিল পৃশ্নি। মোৰ নাম আছিল পৃশ্নিগৰ্ভা। কোনো কোনোৱে মোক উপেন্দ্ৰ বুলিও কৈছিল। ত্ৰেতাযুগত দ্বিতীয় জন্মত আপুনি আছিল কাশ্যপ মুনি, মাতৃ আছিল অদিতি। সেই সময়ত মোৰ নাম আছিল বামন। তৃতীয় জন্মত অৰ্থাৎ দ্বাপৰ যুগত পিতা বাসুদেৱ আৰু মাতা দৈৱকীৰ অষ্টম পুত্ৰৰূপে কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্ম ললো। এই জন্মত মোক কৃষ্ণ, কানাই বাসুদেৱ, গোপাল, প্ৰভৃতি, অষ্টোত্তৰকে ধৰি শতনামেৰে মোক জানিব। মোৰ প্ৰতিজ্ঞা আৰু আপোনালোকৰ প্ৰাৰ্থনা আজি পূৰ্ণ হ’ল।’

শ্ৰী কৃষ্ণই কিয় অষ্টমী তিথিতেই জন্মগ্ৰহণ কৰিছিল?
শ্ৰী কৃষ্ণই অষ্টমী তিথিত জন্ম লোৱাক কেন্দ্ৰ কৰি বহুকেইটা লোকপ্ৰৱাদ আছে। প্ৰাচীনকালত নিশা চন্দ্ৰৰ আলোকৰ ওপৰত নিৰ্ভৰ কৰিয়েই মানুহে সকলো কৰ্ম কৰিছিল। পক্ষভেদে চন্দ্ৰকলাৰ হ্ৰাসবৃদ্ধিৰ কাৰণে হিন্দু শাস্ত্ৰানুসাৰে পূৰ্ণিমা, অমাবস্যা, একাদশী প্ৰভৃতিৰ দৰে অষ্টমী তিথিত পৰলৌকিক ক্ৰিয়া আৰু কিছু বিশেষ কৰ্মক বাদ দি কোনো শুভকৰ্ম বা মাঙ্গলিক অনুষ্ঠান কৰা নহয়। সদায়ে অৱহেলিত হৈ থাকে অষ্টমী তিথি। পাছলৈ অষ্টমী তিথি এনেকৈ অৱহেলিত হৈ থকাৰ কথাটো ভগৱান শ্ৰী কৃষ্ণৰ দৃষ্টিগোচৰ হয়। অষ্টমী তিথিয়েও বিষ্ণুৰ কাষত অভিযোগ দাখিল কৰে। অভিযোগত উল্লেখ কৰে যে, মৰ্ত্যৰ অন্যান্য সকলো তিথিয়ে যেনেকৈ মৰ্যদা লাভ কৰে তেনেকৈ অষ্টমী তিথিয়ে মৰ্যদা নাপায়। অষ্টমী তিথিক উদযাপন কৰিব পৰা উৎসৱ হিচাপে কিবা এটা উপায় দিয়ক।’

অষ্টমী তিথিৰ এই অভিযোগনামা লাভ কৰি শ্ৰীবিষ্ণুৱে জ্যোতিষ পঞ্চাঙ্গ ঘুটি দেখে যে ভাৰতবৰ্ষত মোটামুটি সকলো তিথিতেই কমবেছি পৰিমানে উৎসৱ আছে। সেই হিচাপে অষ্টমী তিথিত এটাও উৎসৱ নাই। তেতিয়াই বিষ্ণুৱে সিদ্ধান্ত লয় যে অৱহেলিত তিথিক মৰ্যদা দিবলৈকে তেওঁ স্বয়ং অষ্টম অৱতাৰ হিচাপে দ্বাপৰ যুগত মৰ্ত্যলৈ আহিব। সেই মতেই তেওঁ দৈৱকীৰ অষ্টম সন্তান হিচাপে ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্ম হয় শ্ৰী কৃষ্ণৰ।

জ্যোতিষশাস্ত্ৰ অনুসৰি অষ্টমী তিথি ৮ সংখ্যাৰ পৰিচায়ক। ৮ সংখ্যাটো শ্ৰী বিষ্ণুৰ অষ্টবিভূতি, শিৱৰ অষ্টমূৰ্তি, গণেশৰ অষ্টসিদ্ধি বা অষ্টবিনায়ক। সকলোৰে সৈতে ৮ সংখ্যাটো গভীৰভাৱে জড়িত হৈ আছে। ইফালে শ্ৰী কৃষ্ণৰ ৬৪ গোপিনী আঠে। ৬৪ সংখ্যাটো ৮ ৰ বৰ্গফল। নিউমেৰোলজিত ৮ সংখ্যাটো যৌগিক সংখ্যা। ৮ সংখ্যাটোক বাধাবহুল সংখ্যা বুলিও বহু শাস্ত্ৰত উল্লেখ আছে। ইফালে ৮ সংখ্যাৰ অধিপতি হৈছে শনি। শনিৰ দ্বাৰা প্ৰভাৱিচ এই সংখ্যাটো স্বাৰ্থপৰতাৰ প্ৰতীক। অষ্টমী বা ৮ সংখ্যাটোক লৈ বহু অপপ্ৰচাৰ বিয়পি থকাক কেন্দ্ৰ কৰি শ্ৰী কৃষ্ণই ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰৰূপে দৈৱকীৰ অষ্টম গৰ্ভত কৃষ্ণপক্ষৰ অষ্টমী তিথিত মৰ্ত্যধামত জন্ম লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *