চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

চন্দ্ৰলোকত অৱতৰণৰ বাবে কিয় বুধবাৰৰ সন্ধিয়াকেই বাছি লৈছে ইছৰোই? ৰহস্য লুকাই আছে দিন ৰাতিৰ হিচাপত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মাত্ৰ কেইটামান ঘণ্টা হাতত। আৱেগ, উদ্বেগ সামৰি দেশবাসীয়ে প্ৰহৰ গণিছে। বুধবাৰে সন্ধিয়া চন্দ্ৰপৃষ্ঠত নামিব চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে। সন্ধিয়া ৬বাজি ৪ মিনিটত লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠত নামিব। আৰু লেণ্ডাৰখন নমাৰ পাছতেই বিক্ৰমৰ ভিতৰৰ পৰা ওলাই আহিব প্ৰজ্ঞান। কিন্তু চন্দ্ৰপৃষ্ঠত বুধবাৰেই কিয় নামিব লেণ্ডাৰ বিক্ৰম? ভাৰতীয় মহাকাশ সংস্থাই কিয় বুধবাৰৰ দিনটোৱেই বাছি ল’লে লেণ্ডাৰখন অৱতৰণৰ বাবে?

ইছৰোৰ বিজ্ঞানীৰ চন্দ্ৰযান-৩ৰ সফল অৱতৰণ হ’বই। লেণ্ডাৰখনক নমাবৰ বাবে ২৩ আগষ্ট দিনটো বহু ভাৱি গুনীয়েই বাছি লৈছে ইছৰোৰ বিজ্ঞানীৰ দলে? চন্দ্ৰলোকত অৱতৰণৰ পাছতেই লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে বাকী অভিযান আগুৱাই নিব। ইয়াৰ বাবে ব্যৱহাৰ হ’ব সৌৰশক্তি। ইফালে পৃথিৱীৰ ১৪ দিনত চন্দ্ৰত এদিন হয়। ইফালে চন্দ্ৰতো ১৪ দিন পোহৰ আৰু ১৪ দিন ৰাতি হৈ থাকে। ৰাতি হৈ থকা ১৪ দিনত চন্দ্ৰপৃষ্ঠত অভিযান চলোৱা সম্ভৱ নহয়। সেয়ে পোহৰ হৈ থকা ১৪ দিনতেই অভিযান চলাব ইছৰোই। সেয়ে ২৩ আগষ্ট বুধবাৰৰ দিনটো অভিযানৰ বাবে বাছি ল’লে ইছৰোই। কাৰণ এতিয়া চন্দ্ৰত পোহৰ হৈ আছে।

ইছৰোয়ে যানখন পঠিওৱাৰ পূৰ্বেই সকলো হিচাপ কৰি লৈছে। কাৰণ ২২ আগষ্টলৈ চন্দ্ৰত ৰাতি হৈয়েই আছিল। ২৩ আগষ্টৰ পৰা আকৌ দিন হৈছে চন্দ্ৰত। সেয়ে ২৩ আগষ্টতেই চন্দ্ৰৰ দক্ষিণ মেৰুত নামিব লেণ্ডাৰ বিক্ৰম। এই সময়ত সূৰ্যৰ পোহৰে উজলাই ৰাখিব চন্দ্ৰপৃষ্ঠ। ২৩ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈকে পোহৰ পৰি থাকিব চন্দ্ৰপৃষ্ঠত। ফলত সৌৰশক্তিৰ ব্যৱহাৰ কৰি নিজৰ কাম কৰিব বিক্ৰমৰ পৰা ওলাই অহা প্ৰজ্ঞানে।

ইছৰোৰ প্ৰাক্তন ডাইৰেক্টৰ প্ৰমোদ কালৰ মতে, চন্দ্ৰৰ দক্ষিণ মেৰুৰ তাপমাত্ৰা মাইনাছ ২৩০ ডিগ্ৰী পৰ্যন্ত নামি যায়। আন্ধাৰত ঠাণ্ডাও বাঢ়ি যায়। তীব্ৰ শীতত দক্ষিণ মেৰুত চন্দ্ৰযানে অভিযান চলাব নোৱাৰে। সেয়ে চন্দ্ৰযান অৱতৰণৰ বাবে এই সময়েই বাছি লৈছে চন্দ্ৰযান-৩য়ে। পৰিকল্পনা মতেই সকলো আগবাঢ়িছে। বিক্ৰম বিজ্ঞানীৰ কাঢ়া নজৰত আছে। বিক্ৰম সঠিক সময়তেই অৱতৰণ কৰিব বুলি আত্মবিশ্বাসী এতিয়া চন্দ্ৰযান-৩ৰ সৈতে জড়িত প্ৰতিজন বিজ্ঞানীয়েই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *