নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দু ধৰ্মত প্ৰায় সকলো দেৱ-দেৱীৰেই নিজস্ব বাহন আছে৷ কোনোবা নহয় কোনোবা পশু বা পক্ষীয়েই দেৱতাসকলৰ বাহন৷ দেৱতাসকলৰ আৰাধনাত বিশেষ মাহাত্ম্য আছে এই বাহনসমূহৰো৷ দূৰ্গা পুজালৈ মাজত এমাহ থাকোতেই আৰম্ভ হৈছে এই সকলোবোৰৰ চৰ্চা৷ আমি সকলোৱে জানো মা দুৰ্গাৰ বাহন হৈছে সিংহ৷ কিন্তু কিয় দুৰ্গাই নিজৰ বাহন হিচাপে সিংহকেই বাছি ল’লে?

শিৱ পুৰাণ অনুসৰি মহিষাসুৰক বধ কৰিবলৈ যোৱাৰ সময়ত দেৱীক সিংহ দান কৰিছিল ব্ৰহ্মাই৷ সিংহ হৈছে প্ৰচণ্ড শক্তি, প্ৰৱল খং আৰু আক্ৰমণাত্মক মনোভাৱৰ লগতে ৰাজকীয় আচৰণৰ প্ৰতীক৷ মহিষাসুৰক বধ কৰোতে দেবীয়ে চামুণ্ডাৰ ৰূপ লৈছিল৷ সিংহৰ শক্তি, খং আৰু আক্ৰমণৰ সৈতে মিলি গৈছিল দেৱীৰ চামুণ্ডা ৰূপো৷ সিংহৰ ওপৰত দহোখন হাতেৰে দশভূজা হৈ দুৰ্গা দেৱী প্ৰত্যেকবাৰেই মৰ্ত্যলৈ আহে৷ শাৰদীয় এই সময়ৰ শুভা বঢ়াই দেৱী মৰ্ত্যলৈ নামে৷ দেৱী মৰ্ত্যলৈ অহাৰ উদ্দেশ্য এয়াই যে মৰ্ত্যৰ সমস্ত পাপ আৰু অন্ধকাৰ বিনাশ কৰা৷ সিংহৰ শক্তি, সাহস আৰু নেতৃত্বতেই মৰ্ত্যলৈ আহে দেৱী৷ মহিষাসুৰৰ বিৰুদ্ধে দেৱীৰ জয় সহজ নাছিল৷ প্ৰচণ্ড যুদ্ধত তেৱোঁ ক্ষত-বিক্ষত হৈ পৰিছিল৷ কিন্তু তেওঁ যুদ্ধত পিছুৱাই নগৈ পৰাক্ৰমেৰে যুদ্ধ জয় কৰিলে৷ বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা ভাৰ নিজৰ হাতত তুলি লৈছিল দেৱীয়ে৷ শৰীৰত তেজ বিৰিঙি উঠিলেও নিজৰ কৰ্মত তেওঁ অবিচল আছিল৷ তেওঁৰ সাহস আৰু নেতৃত্বৰ বাবেই যুগে যুগে শক্তিৰ দেৱী হিচাপেও তেওঁ পুজিত হৈ আহিছে৷ ইয়াৰোপৰি তেওঁৰ বাহন সিংহইয়ো দেৱীৰ সমানেই পৰাক্ৰম প্ৰদৰ্শন কৰিছিল বাবেই দেৱীৰ সৈতে সিংহকো পৰাক্ৰমী বুলি পুজা আগবঢ়াই আহিছে ভক্তগণে৷

উল্লেখ্য যে, তথাকথিত ধাৰণাত নাৰী মানেই কোমল প্ৰকৃতিৰ৷ শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ৷ এই ধাৰণাক কিন্তু নস্যাৎ কৰিছিল দেৱী দুৰ্গাই৷ মুখামুখীকৈ যুদ্ধ কৰি পুৰুষ পৰাক্ৰমক ধৰাসায়ী কৰিছিল দুৰ্গাই৷ সিংহৰ পিঠিত আহি মা দুৰ্গাৰ অৱস্থানে সাহস আৰু পূৰ্ণতা বুজায়৷ আন এক কাহিনী অনুসৰি শিৱক স্বামী হিচাপে লাভ কৰি দেৱী পাৰ্বতীয়ে ১০০০ বছৰ ধৰি তপস্যা কৰিছিল৷ এই প্ৰৱল তপস্যাতেই দেৱীয়ে শিৱক স্বামী হিচাপে লাভ কৰে৷ বিবাহৰ পাছতেই শিৱই পাৰ্বতীক কালি বুলি সম্বোধন কৰাত মনৰ দুখত কৈলাশ ত্যাগ কৰে দেৱীয়ে৷ দেৱীয়ে কৈলাশৰ পৰা উভতি আহি আকৌ তপস্যাত বহে৷ দেৱীয়ে এনেদৰে তপস্যা কৰি থাকোতেই এটা ক্ষুধাৰ্ত সিংহই দেৱীক আক্ৰমণ কৰিবলৈ আগুৱাই আহে৷ কিন্তু সিংহটোৱে কাষ চাপি আহিও দেৱীক আক্ৰমণ নকৰিলে৷ তাৰ সলনি দেৱীৰ তপস্যা ভংগলৈ অপেক্ষা কৰি থাকিল সিংহটোৱে৷ দেৱীৰ কাষতেই সিংহটো শুই পৰিল৷ এনেকৈ কেইবাবছৰো পাৰ হৈ যায়৷ সিংহটোৱেও স্থান সলনি নকৰি দেৱীৰ কাষতেই তেনেদৰে ৰৈ থাকিল৷

দেৱীৰ এই তপস্যা ভংগ হোৱাৰ পাছত দেৱী কলাৰ পৰা গৌৰবৰ্ণা হৈ পৰিল৷ সিংহটোৱেও দেৱীক এই ৰূপত দেখি হতচকিত হৈ পৰিল৷ তাৰপিছতেই দেৱীয়ে কাষতে থকা সেই সিংহকেই বাহন কৰে৷ যিটো সিংহই দেৱীক ভক্ষণ কৰিবলৈ আহিছিল সেই বাহনেই দেৱীৰ বাহন হৈ পৰিল৷ সিংহটোৱেও দেৱীৰ একান্ত ব্যাধ্য হৈ পাছলৈ দেৱীৰ কাষে কাষে থাকিবলৈ লয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *