মঙ্গল গ্ৰহত একাধিক পাৰমাণৱিক আক্ৰমণ কৰাৰ পৰিকল্পনা এলন মাস্কৰ! মঙ্গলত কিয় পাৰমাণৱিক আক্ৰমণ চলাব খোজে মাস্কে?

মঙ্গল গ্ৰহত একাধিক পাৰমাণৱিক আক্ৰমণ কৰাৰ পৰিকল্পনা এলন মাস্কৰ! মঙ্গলত কিয় পাৰমাণৱিক আক্ৰমণ চলাব খোজে মাস্কে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দু’দশকতকৈয়ো বেছি সময় ধৰি মঙল গ্ৰহৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে আমেৰিকাই। আমেৰিকাণ গৱেষণা সংস্থা নাছাই একাধিক মহাকাশযানো পঠিয়াইছে মঙ্গললৈ। ২০২১ চনৰ পৰা মঙ্গলত আছে চীনৰ মহাকাশযান তিয়ানৱেনো। পৃথিৱী এৰি অন্য কোনো গ্ৰহত মানুহে বসবাস কৰিব পৰা পৰিবেশ তৈয়াৰ কৰিব পৰা যাবনে সেই বিষয়টো লৈয়ো পৰীক্ষা নিৰীক্ষা চলাইছে বিভিন্ন দেশৰ মহাকাশ গৱেষণা সংস্থাসমূহে। ইয়াৰোপৰি অন্য কোনো গ্ৰহত জীৱৰ সন্ধান পোৱা যাব নেকি সেই বিষয়টোক লৈয়ো গৱেষণা চলাইছে মহাকাশ সংস্থাসমূহে। ৰঙাগ্ৰহক লৈ নানান গৱেষণা চলাইছে আমেৰিকাৰ ধনকুবেৰ এলন মাস্কৰ মহাকাশ গৱেষণা সংস্থা ‘স্পেছ এক্স’য়ে।

মঙ্গল গ্ৰহক বাসোপযোগ্য কৰি তুলিবলৈ সেই গ্ৰহত পাৰমাণৱিক বোমাও পেলাব বিচাৰিছে এলন মাস্কে। এলনৰ এই মঙ্গল প্ৰীতি এতিয়াৰ নহয়। তেওঁ বহু বছৰ ধৰি মঙ্গল গ্ৰহত বসতি স্থাপনৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। ২০১৫চনত বিশ্ববাসীক চমকো দিছে মাস্কে। তেওঁ প্ৰস্তাৱ দিছিল, মঙ্গলত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হওক। এটা বিস্ফোৰণেই নহয় একাধিক বিস্ফোৰণ ঘটোৱা হওক। ২০১৫ চনত এক টেলিভিছন সাক্ষাৎকাৰত এই দাবী কৰিছিল এলন মাস্কে। কিন্তু কিয় ৰঙাগ্ৰহত পাৰমাণৱিক আক্ৰমণ চলাব বিচাৰিছে ধনকুবেৰ এলনে?

মঙ্গলৰ তাপমাত্ৰা ২০ডিগ্ৰীৰ পৰা মাইনাছ ২০০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে। দেখিবলৈ ৰঙা হ’লেও সেই গ্ৰহৰ তাপমাত্ৰা বহু কম। সূৰ্যৰ পৰা দূৰত্বত থকাৰ কাৰণেই এই গ্ৰহৰ তাপমাত্ৰা কম। এলনৰ দাবী, মঙ্গলত যদি একাধিক পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা হয় তেন্তে সেই গ্ৰহৰ তাপমাত্ৰা বহু পৰিমাণে বৃদ্ধি পাব। ইয়াৰ ফলত মঙ্গলক দ্ৰুতভাৱে বাসোপযোগ্য গ্ৰহলৈ ৰূপান্তৰিত কৰিব পৰা যাব বুলিও দাবি কৰে এলনে।

এলন মাস্কৰ এই দাবীৰ পাছতেই ২০১৯ চনত মঙ্গলত পাৰমাণৱিক বিস্ফোৰণৰ সপক্ষে যুক্তি দি বিশেষ পোষ্টো কৰে এলন মাস্কে। টেছলাৰ মালিকৰ সেই টুইটে বিজ্ঞানীমহলৰ মাজতো আলোড়নৰ সৃষ্টি কৰিছিল। বহুতে বিষয়টোক লৈ এলনক সমালোচনাও কৰিছিল। ২০১৯ চনৰ ২৯ আগষ্টত সেই পোষ্টত এলনে লিখে, ‘মঙ্গলত পাৰমাণৱিক বিস্ফোৰণ ঘটোৱা মানে সেই গ্ৰহত এটা কৃত্ৰিম সূৰ্য তৈয়াৰ কৰা। সেই কৃত্ৰিম সূৰ্যই আমাৰ দৰেই তাপ দিব সেই গ্ৰহক। তাত বিস্ফোৰণ ঘটালে মঙ্গল খুব বেছি তেজস্ক্ৰিয় হৈ উঠিব।’ এলনৰ যুক্তি, পাৰমাণৱিক বিস্ফোৰণৰ কাৰণে মঙ্গলত বৰফ বাষ্পীভূত হৈ জলীয় বাষ্প, কাৰ্বন মনোক্সাইড আৰু গ্ৰীনহাউছ গেছ তৈয়াৰ কৰিব। যিয়ে সেই গ্ৰহক উষ্ণ কৰিব। ফলত মানুহৰ বসবাসৰ উপযোগী হৈ পৰিব সেই গ্ৰহ।

‘নেশ্ব্যনেল ৱেদাৰ চাৰ্ভিছ’ অনুসৰি মঙ্গলত গড় তাপমাত্ৰা থাকে হিমাংক ৮০ ডিগ্ৰী ছেলচিয়াছৰ তলত। সেই হিমশীতল তাপমাত্ৰাত মঙ্গলৰ পানী কেৱল বৰফ বা বাষ্প হিচাপে থাকে। বিজ্ঞানীসকলৰ অনুমান ৪০০ কোটি বছৰ পূৰ্বে মঙ্গল গ্ৰহৰ জলবায়ু আৰু পৰিবেশ এনেকুৱা নাছিল। সেই গ্ৰহত নদী আছিল অৰ্থাৎ প্ৰবাহিত পানী আছিল। আকাশো নীলা আছিল। কিন্তু বিভিন্ন কাৰণত বছৰৰ পাছত বছৰ ধৰি মঙ্গলৰ পৰিবেশ সলনি হ’ব ধৰে।

মাস্কে মঙ্গলক লৈ কৰা পৰিকল্পনা সফল হ’বনে? বিষয়টোক লৈ সংশয় প্ৰকাশ কৰিছে আন্তৰ্জাতিক বিজ্ঞানী মহলে। তেওঁলোকৰ দাবী মাস্কৰ পৰিকল্পনামতে চলিলে হিতে বিপৰীত হোৱাৰো সম্ভাৱনা আছে। বিস্ফোৰণৰ ফলত ধূলিকণাই আকাশ ঢাকি ধৰিব পাৰে। যিয়ে সূৰ্যৰ পৰা পোৱা পূৰ্বৰ তাপো নোপোৱা কৰি দিব পাৰে। ইয়াৰ ফলত ৰঙাগ্ৰহ আৰু শীতল হৈ পৰিব। নাছাৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী জিম গ্ৰীণৰ মতে মঙ্গল গ্ৰহই নিজেই নিজক সলনি কৰিব। চাপ আৰু তাপমাত্ৰা বৃদ্ধি পালে প্ৰাকৃতিকভাৱেই মঙ্গলে নিজক সলনি কৰি ল’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *