হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

হঠাৎ এণ্ট্ৰী, কোন এই অৰি? বলীউডৰ সকলো চেলিব্ৰিটিৰ সৈতে ফটো উঠি ফুৰা এই যুৱকক কোনোৱেই চিনি নাপায়?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জাহ্নৱী কাপূৰ, ছাৰা আলি খান, খুশি কাপূৰ, অনন্যা পাণ্ডেৰ পৰা নাইছা দেৱগান৷ বলীউডৰ বহু ষ্টাৰ কিডৰ সৈতে দেখা গৈছে এজন বিশেষ তৰুণক৷ কেতিয়াবা যদি পাৰ্টী কৰিছে, কেতিয়াবা জীমৰ বাহিৰত একেলগে৷ এই বিশেষ ব্যক্তিজন কোন কোনোৱেই তেওঁ প্ৰকৃত পৰিচয় ওলিয়াবলৈ সক্ষমো হোৱা নাই৷ বলীউড সূত্ৰই প্ৰকাশ কৰামতে যুৱকজনৰ নাম অৰি বা অৱত্ৰমণি৷ কিন্তু এই অৰি কোন?

বলীউডৰ সকলো অভিনেত্ৰীৰ সৈতে সততে দেখা যায় অৰিক৷ শেহতীয়াভাৱে দেৱালী পাৰ্টীটো বলীউড অভিনেতা অভিনেত্ৰীৰ সৈতে দেখা গৈছে অৰিক৷ ষ্টাৰ কীডৰ সৈতে অৰিৰ ফটোক লৈ বহুতেই জানিব বিচাৰিছে, বলীউডত হঠাৎ কৰ পৰা এন্ট্ৰী মাৰিলে অৰিয়ে? ক’ত কিয় কেনেকৈ বিখ্যাত অৰি? কিয় বলীউডৰ ষ্টাৰ কীডে এনেকৈ আদৰি লৈছে অৰিক?
ছাৰা ৰ পৰা জাহ্নৱীলৈকে সকলোৱেই অৰিক তেওঁলোকৰ ঘনিষ্ঠ বন্ধু বুলিয়েই পৰিচয় দিয়ে৷ সম্প্ৰতি অৰিয়ে সংবাদমাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি, তেওঁ এজন গায়ক, গীতিকাৰ, ফেশ্ব্যন ডিজাইনাৰ, ক্ৰিয়েটিভ ডাইৰেক্টৰ, ফেশ্ব্যন ষ্টাইলিষ্ট, ফুটবল খেলুৱৈ, আৰ্ট কিউৰেটৰো৷ কামেই তেওঁৰ পৰিচয়৷ বেছিভাগ সময়েই তেওঁ কামতেই ব্যস্ত হৈ থাকে৷

কামৰ বাহিৰে তেওঁ অন্য সময়ত শুই ভালপায়৷ অৰিয়ে নিজেই এই সন্দৰ্ভত কয়, ‘মই দুটা কামেই কৰো৷ হয়তো শুই থাকো নতুবা কাম কৰি থাকো৷ অত্যন্ত পৰিশ্ৰম কৰিবলৈ মই ভালপাওঁ৷ জীমলৈকো যাওঁ৷ নিজক ফিট ৰখাৰ বাবে মই যিমান পাৰো কষ্ট কৰো৷ নিজক ফিট ৰাশি মই ভালপাওঁ’৷ যোগাসনো কৰো৷’ বলীউডত যোগ দিয়াৰ প্ৰসংগতো কেইবাটাও কথা কৈছে অৰিয়ে৷ অৰিয়ে কয়, ‘মই কেইবাখনো ছবিৰ পৰা প্ৰস্তাৱ লাভ কৰিছো৷ কিন্তু হিন্দী ভালকৈ ক’ব নোৱাৰো বাবেই ছবিত কাম কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাই৷ বলীউড এতিয়াও মোৰ পৰা বহু দূৰৈত৷ কাৰণ ইয়াত কাম কৰিবলৈ হ’লে আগতে মই হিন্দী ভালকৈ শিকিব লাগিব৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *