এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জনপ্ৰিয় ছিকিউৰিটি কোম্পানী McAfeeয়ে সম্প্ৰতি গ্লৱেল স্কেম মেছেজৰ ওপৰত প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য৷ স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক সতৰ্ক হ’বলৈ আহ্বান জনাইছে বিশেষ সংস্থাটোৱে৷ WhatsApp বা টেক্সট মেছেজত অহা ৭টা ভয়ংকৰ মেছেজৰ কথা উল্লেখ কৰি সাৱধানবাণী প্ৰদান কৰিছে সংস্থাটোৱে৷ ভুৱা মেছেজৰ পাল্লাত পৰি ইতিমধ্যেই ৮২% মানুহেই ধন হেৰুৱাইছে৷ ৰিপৰ্টত দাবী কৰামতে প্ৰতিদিনেই ভাৰতীয় লোকৰ ইমেইল, টেক্সট, বা ছচিয়েল মিডিয়াত এই ভুৱা মেছেজ আহে৷ এই পৰিস্থিতিত আপুনি কেনেকৈ সতৰ্ক হ’ব? WhatsApp বা অন্যান্য প্লেটফৰ্মত অহা কোনবোৰ মেছেজ আপুনি আওকান কৰি চলিব?

১) আপুনি পুৰস্কাৰ জিকিছে
এই ধৰণৰ ভুৱা মেছেজ WhatsAppত বা ইমেইল নতুবা টেক্সট মেছেজত সৰ্বাধিক পৰিমানে আহে৷ আপুনি পুৰস্কাৰ লাভ কৰিছে এই দাবীৰে যদি কোনো মেছেজ আহিছে বা তাৰ সৈতে কোনো লিংকো দিয়া আছে তেন্তে সেই লিংকত আপুনি ভুলতো ক্লিক নকৰিব৷ এই লিংকত ক্লিক কৰিলেই আপুনি জালত সোমাই পৰিব পাৰে৷

২) ভুৱা চাকৰিৰ অফাৰ
চাকৰি দিয়াৰ টোপ দি WhatsAppত, ইমেইলত, টেক্সট মেছেজত মেছেজ আহে৷ তাতো লিংক দিয়া থাকে৷ তেনে লিংকত ভুলতো ক্লিক নকৰিব৷ এনে মেছেজ আহিলেই এটা কথা মূৰত সোমোৱাই ল’ব যে চাকৰিৰ অফাৰ কোনো কোম্পানীয়ে আপোনাক মেছেজত নিদিয়ে৷ আৰু দিলেও লগত এনে কোনো লিংক নিদিয়ে৷

৩) URL ৰ সহযোগত বেংক এলাৰ্ট মেছেজ
বহু সময়ত বেংকৰ নামেৰে কিছু মেছেজ আহে৷ য’ত এটা লিংক দি ব্যৱহাৰকাৰীক KYC জমা দিবলৈ কোৱা হয়৷ এই ধৰণৰ মেছেজো ভুৱা মেছেজ৷ আপোনাৰ KYC আপডেট কৰিবলৈ হ’লে আপোনাৰ একাউণ্ট খোলা স্থানত গৈ খবৰ লওক নতুবা বেংক মেনেজাৰৰ সৈতে এই বিষয়ে কথা পাতক৷ মেছেজত অহা লিংকত ক্লিক নকৰিব৷

৪) সামগ্ৰী ক্ৰয় নকৰাকৈ ক্ৰয় কৰা বুলি মেছেজ
আপুনি একোৱেই ক্ৰয় কৰা নাই অথচ আপোনালৈ মেছেজ আহিছে যে আপুনি এই সামগ্ৰীবিধ ক্ৰয় কৰিছে৷ এই ধৰণৰ মেছেজো একপ্ৰকাৰে মানুহক কৰা প্ৰতাৰণা৷ এনে মেছেজত ভুল গৈ আপুনি কষ্টোপাৰ্জিত ধন হেৰুৱাই দিব পাৰে৷ এইধৰণৰ মেছেজৰ সৈতে মাল্টিশ্বেয়াৰ লিংক থাকে, য’ত ক্লিক কৰিলে আপোনাৰ ফোন হেক হোৱাৰ সম্ভাৱনাই বেছি থাকে৷

৫) নেটফ্লিক্স বা অন্যান্য OTT প্লেটফৰ্মৰ সামস্ক্ৰিপশ্ব্যন আপডেট
OTTৰ জনপ্ৰিয়তা দেশত বহু পৰিমানে বৃদ্ধি পাইছে৷ এই জনপ্ৰিয়তাৰ সুযোগ লৈয়েই এচাম দুষ্ট চক্ৰই নেটফ্লিক্স বা অটিটি প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্ব্যনৰ কথা কৈ মেছেজ পঠিয়াই৷ মেছেজত উল্লেখ কৰে যে এই লিংকত ক্লিক কৰিলে আপুনি সস্তাতেই ছাবস্ক্ৰিপশ্ব্যন ল’ব পাৰিব৷ তাতো মাল্টিশ্বেয়াৰ লিংক থাকে, এই লিংকত ক্লিক কৰিলেই আপুনি অসুবিধাৰ সন্মুখীন হ’ব৷

৬) ভুৱা ডেলিভাৰী সংক্ৰান্তীয় সমস্যা

ডেলিভাৰী সংক্ৰান্তীয় বিভিন্ন ভুৱা মেছেজ বহু ব্যক্তিৰ ফোনলৈকে আহি থাকে৷ ডেলিভাৰিৰ সমস্যাৰ কতা তুলি ধৰে বা গ্ৰাহকে তেওঁৰ প্ৰডাক্ট ডেলিভাৰী মিছ কৰিছে, পুনৰ আপুনি সামগ্ৰী বিধ পাবৰ বাবে এই লিংকত গৈ ক্লিক কৰক ইত্যাদি কেইবাটাও মেছেজ কৰে৷ এই ধৰণৰ বেছিভাগ মেছেজেই প্ৰতাৰণামূলক লিংক৷

৭) ছিকিউৰিটি এলাৰ্ট
আপোনাৰ সামাজিকমাধ্যমত থকা বিভিন্ন একাউণ্টসমূহক লৈ এলাৰ্ট বা নটিফিকেশ্ব্যন মেছেজ আহি থাকে নেকি? এই ধৰণৰ মেছেজসমূহো প্ৰতাৰণামূলক মেছেজেই৷ সামাজিক মাধ্যমত আপোনাৰ একাউণ্ট থাকিলেও সেই প্লেটফৰ্মসমূহে আপোনাক জৰুৰী এলাৰ্ট বা আপডেট দি টেক্সট মেছেজ বা হোৱাটছআপত মেছেজ নকৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *