হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

হঠাৎ আপোনাৰ WhatsApp বন্ধ হৈ পৰিছে নেকি? এই ৫ভুল কেতিয়াও নকৰিব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- যোগাযোগ বা মেছেজ পঠিওৱাৰ ক্ষেত্ৰত বহুল ব্য়ৱহৃত এপ হৈছে ৱাটচএপ৷ বিশ্বজুৰি বহুল প্ৰচলিত এই এপ্লিকেশ্বন৷ ভাৰততো ৱাটছএপৰ কেইবাশ কোটি গ্ৰাহক আছে৷ দিনে ৰাতিয়ে এই এপ ব্যৱহাৰ কৰে গ্ৰাহকে৷ কিন্তু এই এপ ব্যৱহাৰত সামান্যতম ভুল হ’লেও বন্ধ হৈ পৰিব এই ৱাটছএপ একাউণ্ট৷ গ্ৰাহকৰ কি কি ভুলৰ বাবে বন্ধ হৈ পৰে ৱাটছএপ একাউণ্ট?

এই ভুল কাহানিও নকৰিব

১. আপুনি যদি ৱাটছএপ চলাবৰ বাবে থাৰ্ড পাৰ্টী এপ ব্য়ৱহাৰ কৰে তেন্তে কোম্পানীয়ে আপোনাৰ বিৰুদ্ধে বিহিত ব্য়ৱস্থা ল’ব পাৰে৷ জিবি ৱাটছএপ, ৱাটছএপ প্লাছ, ৱাটছএপ ডেল্টাৰ দৰে এপত যিকোনো মুহূৰ্ততে আপোনাৰ একাউণ্ট বন্ধ হৈ পৰিব পাৰে৷

২. অন্য় কোনো নম্বৰৰ তথ্য দি ৱাটছএপ একাউণ্ট তৈয়াৰ কৰিলেও কোম্পানীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ এই ধৰণৰ ৱাটছএপ একাউণ্ট তৈয়াৰ কৰিলে স্থায়ীভাৱে নিষিদ্ধ কৰা হ’ব পাৰে আপোনাৰ একাউণ্ট? অন্য কাৰো তথ্যৰে ৱাটছএপ একাউণ্ট তৈয়াৰ কৰাটো নিষিদ্ধ৷

৩. আপুনি যদি ক্ৰমাগতভাৱে কোনো অচিনাকি ব্য়ক্তিক বাৰ্তা পঠিয়াই থাকে তেন্তে আপোনাৰ একাউণ্ট বন্ধ হ’ব পাৰে৷ আপোনাৰ পৰিচিত তালিকাত নথকা নাম্বাৰত বাৰে বাৰে মেছেজ দি থকাটো ৱাটছএপৰ সংবিধানত নিষিদ্ধ৷ সেয়ে এনে কামৰ পৰা বিৰত থাকক৷

৪. যদি বহু লোকে আপোনাৰ ৱাটছএপ একাউণ্টত ৰিপৰ্ট বা ব্লক মাৰে তেন্তে বুজিব আপোনাৰ একাউণ্ট বিপদত৷

৫. আপুনি যদি আপোনাৰ ৱাটছএপ একাউণ্টৰ মাধ্যমেৰে নিষিদ্ধ, অশ্লীল বিষয়বস্তু প্ৰেৰণ কৰে বা ধমকিসূচক বাৰ্তা পঠিয়াই তেন্তে আপোনাৰ ৱাটছএপ একাউণ্ট বন্ধ হৈ পৰিব পাৰে৷ কোম্পানীৰ নিয়মৰ বিৰুদ্ধে গ’লেই বন্ধ কৰিব পাৰে আপোনাৰ একাউণ্ট৷

ৱাটছএপ একাউণ্ট বন্ধ কৰিলে কি কৰিব?

আপুনি যদি ভাৱে আপোনাৰ একাউণ্টটো  কাৰণবিহীনভাৱেই বন্ধ হৈছে তেন্তে আপুনি এই একাউণ্ট খুলিবৰ বাবে অনুৰোধ কৰিব পাৰে৷ ইয়াৰ বাবে ৱাটছএপলৈ গৈ ৰিকুৱেষ্ট এ ৰিভিউ অপশ্ব্যনত ক্লিক কৰিব৷ ৱাটছএপে আপোনাৰ সেই ৰিকুৱেষ্ট পৰীক্ষা কৰি একাউণ্টটো খুলিবনে সেই বিবেচনা কৰিব৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *