চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

চন্দ্ৰত যান পঠিয়াই দেশৰ কি লাভ? চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছত কেনেকৈ কাম কৰিব প্ৰজ্ঞানে? ইছৰোৰ মূল উদ্দেশ্য কি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বুধবাৰে সন্ধিয়া ৬ বাজি ৪মিনিটত চন্দ্ৰৰ বুকুত ভৰি দিব লেণ্ডাৰ বিক্ৰমে৷ প্ৰতীক্ষাৰ অন্ত পেলাই ইতিহাস ৰচিবলৈ সাজু ইছৰো৷ চন্দ্ৰযানৰ পূৰ্বৰ ২বাৰৰ বিফলতাৰ পৰা শিক্ষা লৈ এইবাৰ সকলোবোৰ খুটিনাটি মাৰি পৰীক্ষা কৰিছে ইছৰোৰ দলে৷ পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি নহয় বুলি আশা বান্ধিছে সাধাৰণ জনতাইয়ো৷ ইছৰোৰ বিজ্ঞানীয়ে প্ৰকাশ কৰামতে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই কাম আৰম্ভ কৰিব লেণ্ডাৰ বিক্ৰমে বুকুত কঢ়িয়াই নিয়া ৰোভাৰ প্ৰজ্ঞানে?

বিক্ৰম অতি সাৱধানে আগবাঢ়িছে?
পুৰণা ভুলৰ পৰা শিক্ষা লৈ এইবাৰ অতি সতৰ্কতাৰে আগবাঢ়িছে লেণ্ডাৰ বিক্ৰম৷ স্বয়ংক্ৰিয় লেণ্ডাৰ বিক্ৰমক নিৰীক্ষণহে কৰিছে ইছৰোই৷ লেণ্ডাৰখনে নিজেই নিজৰ যাৱতীয় কাম কৰি আছে৷ চন্দ্ৰপৃষ্ঠত নামিবলৈ অনুকূল ঠাই বিচাৰিবলৈ সাজু হৈছে বিক্ৰম৷ নমাৰ পথত এখনৰ পাছত আনখন ছবি তুলি গৈছে বিক্ৰমে৷ বিক্ৰমৰ গাত লাগি থকা কেমেৰাৰে প্ৰতিমুহূৰ্ততে তুলি থকা হৈছে ফটো৷ যাত্ৰাৰ সমূহ ছবি বিক্ৰমে পঠিয়াই আছে মৰ্ত্যবাসীয়ে৷

বিক্ৰম কোনোকাৰণত বিফল হ’লে বিকল্প ব্যৱস্থা কি হ’ব?
ইছৰোৰ এগৰাকী শীৰ্ষ বিজ্ঞানীয়ে জনোৱা অনুসৰি, চন্দ্ৰৰ দক্ষিণ পৃষ্ঠত নামিবলৈ অনুকূল পৰিস্থিতি নাথাকিলে অৱতৰণৰ প্ৰক্ৰিয়া পিছুৱাই দিয়া হ’ব৷ যদি আজি নামিব নোৱাৰে তেন্তে আগন্তুক ২৭ আগষ্টৰ দিনা দ্বিতীয়বাৰৰ বাবে চেষ্টা চলাব লেণ্ডাৰ বিক্ৰমে৷

বিক্ৰমৰ বুকুত আছে প্ৰজ্ঞান
চন্দ্ৰৰ মাটিত লেণ্ডাৰ বিক্ৰম নমাৰ পাছতেই স্বয়ংক্ৰিয়ভাৱে খুলি যাব দুৱাৰ৷ এখন জখলা নিজে নিজেই নামি আহিব বিক্ৰমৰ পৰা৷ আৰু সেই জখলাৰে চন্দ্ৰপৃষ্ঠত নামিব ৰোভাৰ প্ৰজ্ঞান৷

প্ৰজ্ঞানে নামিয়েই কাম কৰিবনে?
চন্দ্ৰৰ মাটিত নামি ৪ ঘণ্টা বিশ্ৰাম ল’ব প্ৰজ্ঞানে৷ তাৰপিছতহে লাহে লাহে কাম আৰম্ভ হব প্ৰজ্ঞানৰ৷ ৬টা চকাৰ ভৰত প্ৰতি ছেকেণ্ডত ১ ছেণ্টিমিটাৰ দূৰত্বকৈ চন্দ্ৰৰ দক্ষিণ পৃষ্ঠত ফুৰিব প্ৰজ্ঞানে৷

চন্দ্ৰলোকৰ ত্ৰিৰংগা
ৰোভাৰৰ সৈতে থাকিব একাধিক দিকনিৰ্দেশক স্বয়ংক্ৰিয় কেমেৰা৷ চন্দ্ৰৰ মাটিত এটাৰ পাছত আনটো অনুসন্ধান আৰম্ভ কৰিব প্ৰজ্ঞানে৷ চন্দ্ৰৰ মাটিত প্ৰজ্ঞানে ভাৰতীয় জাতীয় পতাকা আৰু ইছৰোৰ লগ আঁকিব প্ৰজ্ঞানে৷ ইয়াৰোপৰি চন্দ্ৰপৃষ্ঠৰ অজানা একাধিক তথ্য পঠিয়াব প্ৰজ্ঞানে৷ প্ৰজ্ঞানে চন্দ্ৰৰ পৰা যিসমূহ তথ্যসংগ্ৰহ কৰিব সেই সমূহ তথ্য লেণ্ডাৰ বিক্ৰমে পৃথিৱীলৈ পঠিয়াব৷

মূলত কি কি কাম কৰিব প্ৰজ্ঞানে?
একাধিক বৈদ্যুতিন যন্ত্ৰপাতি লৈ চন্দ্ৰপৃষ্ঠত নামিব ৰোভাৰ প্ৰজ্ঞান৷ লাখ লাখ বছৰ ধৰি চন্দ্ৰৰ মাটি কেনেদৰে তৈয়াৰ হৈছে এই সকলোবোৰ তথ্য লোৱাৰ চেষ্টা চলাব প্ৰজ্ঞানে৷ আগন্তুক ২ সপ্তাহ ধৰি স্পেকট্ৰোমিটাৰ বিশ্লেষণৰ মাধ্যমেৰে চন্দ্ৰৰ মাটিত কেনে খনিজ আছে তাকো খুটি নাটি পৰীক্ষা কৰিব৷ এই সমস্ত পৰীক্ষাসমূহ কৰাৰ বাবে লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ সৈতে থাকিব অইন ৫টা বৈজ্ঞানিক যন্ত্ৰপাতি৷

সফল হ’লে ভৱিষ্যতে কি কি নতুন পৰিকল্পনা হাতত ল’ব বিজ্ঞানীয়ে?
অভিযান সফল হ’লে চন্দ্ৰৰ দক্ষিণ মেৰুত অভিযান চলোৱা ভাৰত হ’ব প্ৰথমখন দেশ৷ ইমান দিনে উদঘাটন নোহোৱা বহু তথ্য ভাৰতীয় বিজ্ঞানীয়ে লাভ কৰিব৷ ভৱিষ্যতে যদি গৱেষণা চলোৱা হয় তেন্তে এই তথ্যসমূহে বহুতকে সহায় কৰিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *