কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

কোষ্ঠীত এই যোগ আছে যদি নিশ্চিন্ত থাকক! কম পৰিশ্ৰমতেই প্ৰচুৰ সফলতা অৰ্জন কৰে এই যোগ  থকা জাতকে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ শাস্ত্ৰত কুবেৰ যোগক অত্যন্ত শুভ যোগ হিচাপে চিহ্নিত কৰা হৈছে৷ জ্যোতিষ অনুসৰি যি ব্যক্তিৰ জীৱনত কুবেৰ যোগ সৃষ্টি হয় তেতিয়াই ব্যক্তিজনৰ জীৱন ভৌতিক সুখ-সম্পদেৰে ভৰি উঠিব৷ কুবেৰ যোগক ধন লাভৰ সৈতে সম্পৰ্কযুক্ত বুলি কোৱা হয়৷ কোন ব্যক্তিৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হয়, ইয়াৰ উপকাৰিতা কি, বিস্তাৰিতভাৱে জানি থওক৷

কোষ্ঠীত কুবেৰ যোগ

কোষ্ঠীত গ্ৰহৰ কিছু বিশেষ পৰিস্থিতিত তৈয়াৰ হয় কুবেৰ যোগ৷ কোষ্ঠীৰ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতিয়ে নিজৰ ৰাশি বা উচ্চ ৰাশিত উপস্থিত থাকিলে এই যোগ সৃষ্টি হয়৷ দ্বিতীয় আৰু একাদশ স্থানৰ অধিপতিৰ মাজত পৰস্পৰ ৰাশি বিনিময় বা যুঁটি হ’লে এই কক্ষৰ অধিপতিসকলৰ ওপৰত অন্য শুভ গ্ৰহৰ দৃষ্টি থাকিলে কুবেৰ যোগ আৰু শক্তিশালী হয়৷

জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বিতীয় কক্ষত ধন, অৰ্থ, সম্পত্তি, পাৰিবাৰিক সংসাধনৰ কাৰক গ্ৰহ৷ একাদশ স্থানটো লাভ, আয় আৰু ইচ্ছাপূৰণৰ প্ৰতিনিধিত্ব কৰি থাকে৷ জন্মছকৰ দ্বিতীয় কক্ষৰ অধিপতি ধন আৰু সম্পত্তিৰ কাৰক গ্ৰহ৷ দ্বিতীয় কক্ষ আৰু তাৰ সৈতে সম্পৰ্কযুক্ত গ্ৰহে ব্যক্তিৰ আৰ্থিক পৰিস্থিতি আৰু ভৌতিক সম্পত্তিক অত্যন্ত প্ৰভাৱিত কৰে৷ কোষ্ঠীৰ একাদশ স্থান আৰু তাৰ অধিপতি গ্ৰহ লাভ, আয় আৰু ইচ্চাপূৰণৰ কাৰক গ্ৰহ৷ আশা, আকাংশা আৰু বিভিন্ন মাধ্যমেৰে ধন লাভৰ কাৰক কক্ষ এয়া৷

কোষ্ঠীত কুবেৰ যোগৰ প্ৰভাৱ

কোনো ব্যক্তিৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হ’লে তেওঁলোকৰ জীৱনত কেতিয়াও অৰ্থাভাৱে দেখা নিদিয়ে৷ অৰ্থ সঞ্চয়ৰ সুযোগ লাভ কৰে এই জাতকে৷ কেৰিয়াৰত নতুন সাফল্য আহিব৷ আৰ্থিক স্থায়ীত্ব বজায় ৰাখিব পাৰিব৷ জীৱনত সুখ-সমৃদ্ধি সদায়ে থাকিব৷

যি জাতকৰ কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হয় তেতিয়াই দৰমহাৰ ওপৰিও অন্যান্য উৎসৰ পৰা ধন লাভ কৰিব পাৰিব৷ বিশেষকৈ ব্যৱসায়ীসকলৰ আমদানি দ্ৰুততাৰে বৃদ্ধি পাব৷ ভৌতিক সুখ বৃদ্ধি হ’ব৷ ব্যক্তিয়ে নতুন ঘৰ, বাহন, সম্পত্তি ক্ৰয় কৰিব পাৰিব৷

কোষ্ঠীত কুবেৰ যোগ তৈয়াৰ হোৱাৰ ফলত ব্যৱসায়ত লাভ হ’ব৷ যি জাতকৰ জন্মছকত এই যোগ থাকে তেওঁ সামান্য চেষ্টাতেই ব্যৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব পাৰিব৷ ইয়াৰোপৰি কুবেৰ যোগৰ প্ৰভাৱত অৰ্থ সঞ্চয়ৰ পৰিমাণ বৃদ্ধি পায়৷ এই জাতকে সঠিক স্থানত অৰ্থ বিনিয়োগ কৰিব জানে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *