কাইলৈ ব্যতিপত যোগৰ লাভেই লাভ ৫ৰাশিৰ, গণপতিৰ কৃপা থাকিব এইকেইটা ৰাশিৰ ওপৰত

কাইলৈ ব্যতিপত যোগৰ লাভেই লাভ ৫ৰাশিৰ, গণপতিৰ কৃপা থাকিব এইকেইটা ৰাশিৰ ওপৰত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২৪ এপ্ৰিল ২০২৪ বুধবাৰে বৈদিক পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। চন্দ্ৰই দিনজুৰি তুলা ৰাশিত বিৰাজ কৰিব। ইয়াৰ সৈতে থাকিব কেইবাটাও শুভ যোগ। এই শুভ যোগ হৈছে সিদ্ধি যোগ আৰু ব্যাতিপত যোগ। ইয়াৰোপৰি কাইলৈ বুধবাৰে দিনজুৰি থাকিব স্বাতী নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব।

জ্যোতিষ অনুসৰি বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন। জ্যোতিষবিদে জনোৱা অনুসৰি কেইবাটাও শুভ যোগৰ কাৰণে কাইলৈ দিনটো সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ। আৰ্থিক অৱস্থা উন্নীত কৰাৰ সুযোগ পাব। জ্যোতিষ গণনা অনুসৰি কোন কোন ৰাশিৰ সৌভাগ্য লাভ হ’ব জানি থওক।

বৃষ ৰাশি

২৪এপ্ৰিলৰ দিনটো শুভ হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে। ব্যাতিপত যোগৰ প্ৰভাৱত কাইলৈ সম্পদ লাভ হ’ব। বিশেষ সন্মানৰো অধিকাৰী হ’ব পাৰে। যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে বিশেষ লাভৰ মুখ দেখিব। বেচৰকাৰী চাকৰিৰ সৈতে যুক্ত হৈ থকাসকলেও নতুন চাকৰি লাভ কৰিব পাৰে।

কন্যা ৰাশি

চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱত ভাগ্যৰ সুফল লাভ কৰিব কন্যা ৰাশিৰ জাতকে। নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব। বুধবাৰে পেছাগত জীৱনত একাধিক পজিটিভ পৰিবৰ্তন দেখা পাব। বন্ধুৰ সৈতে সন্ধিয়া ভাল সময় কটাব। কাইলৈ আৰ্থিক লাভৰ যোগ আছে কন্যা ৰাশিৰ জাতকৰ।

তুলা ৰাশি

সিদ্ধি যোগৰ শুভ প্ৰভাৱত ভাগ্যোদয় হ’ব তুলা ৰাশিৰ জাতকৰ। কাইলৈ নিজৰ ব্যক্তিত্বৰে সকলোকে মুগ্ধ কৰিব পাৰিব। অংশীদাৰিত্বৰ কোনো কাম কৰিলে লাভৱান হ’ব। এই কামৰ পৰা ভৱিষ্যতেও আৰ্থিক লাভ হ’ব তুলা ৰাশিৰ জাতকে। পৰিয়ালৰ কাৰোবাৰ বিয়া ঠিক হ’ব পাৰে।

ধনু ৰাশি

২৪ এপ্ৰিলৰ দিনটোত আনন্দৰ আগমন হ’ব। সিদ্ধি যোগৰ শুভ ফল লাভ কৰিব আপুনি। গণেশৰ আশীৰ্বাদত কাইলৈ অৰ্থাগমৰ নতুন পথ মুকলি হ’ব। প্ৰেম জীৱনতো কাইলৈৰ দিনটো বেছ শুভ। ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও দিনটো শুভ।

কুম্ভ ৰাশি

বুধবাৰে ব্যতিপত যোগৰ শুভ ফল লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। কাইলৈ আপুনি উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে। পুৰণি কোনো অসুখ-বিসুখৰ পৰা ৰেহাই পাব। কুম্ভ ৰাশিৰ জাতকৰ দীৰ্ঘদিনৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব।

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *