পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

পাতালত ধীৰে ধীৰে প্ৰৱেশ কৰিছে চীনে! বেইজিং আৰু কেইবাখনো বৃহৎ চহৰ মাটিৰ তলত সোমাই যোৱাৰ তথ্য প্ৰকাশ বিজ্ঞানীৰ, অচিৰেই নিচিহ্ন হ’ব নেকি এই অত্যাধুনিক চহৰ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ক্ৰমে মাটিৰ তললৈ সোমাই গৈ আছে চীনৰ এখনৰ পাছত আনখন চহৰ। ইয়াৰ মাজতেই কেইখনমান চহৰৰ অৱস্থা উদ্বেগজনক। ১০০ৰ ভিতৰত ১খনকৈ চহৰ প্ৰতিবছৰে পাতালত সোমাই গৈ আছে। প্ৰায় ১০ মিলিঃ মিঃলৈ একোখন চহৰ মাটিৰ তললৈ সোমাই গৈছে। জাৰ্নেল ছায়েন্সে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰই দাবী কৰিছে এই কথা। তালিকাত আছে চীনৰ ৰাজধানী বেইজিং চহৰো। কিন্তু কিয় মাটিৰ তলত সোমাই গৈ আছে এই চহৰ?

গৱেষকে জনোৱা অনুসৰি মাটিৰ তলত অতিৰিক্ত পৰিমাণৰ পানী শোষণ আৰু মাটিৰ ওপৰত ওখ ওখ নিৰ্মাণেই বিপদ মাতিছে চীনলৈ। চীনত নিৰ্মাণৰ সংখ্যা অত্যাধিক হাৰত বাঢ়ি আছে। যাৰফলত চীনৰ চহৰাঞ্চলৰ ৪৫ শতাংশ এলেকাৰ মাটি বছৰি ৩ মিলি মিটাৰ কৈ মাটিৰ তলত সোমাই গৈ আছে। মাটি পাতালত সোমাই গৈ থকা ঘটনা চীনত এয়াই প্ৰথম নহয়। পূৰ্বেও চীনৰ কেইবাখনো চহৰ মাটিৰ তলত সোমাই গৈছে।

প্ৰায় দুটা শতকৰ পূৰ্বে চীনৰ ছাংহাই আৰু তিয়ানজিন চহৰো মাটিৰ তলত সোমাই গৈছিল। কিন্তু সেই তুলনাত বৰ্তমান মাটিৰ তলত সোমাই যোৱাৰ শতাংশ বৃদ্ধি পাইছে। পূৰ্বৰ তুলনাত ৩মিটাৰ বেছিকৈ সোমাই যাব ধৰিছে চহৰকেইখন। ২০১৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত চীনৰ চহৰসমূহৰ জনসংখ্যা ২০লাখতকৈয়ো বেছি হৈছে। সেই চহৰসমূহতেই মাটি তললৈ সোমাই যোৱাৰ শতাংশও বাঢ়িছে।

চীনৰ মুঠ ২৮খন চহৰৰ মাটি পৰীক্ষা কৰি এই তথ্য লাভ কৰিছে বিজ্ঞানীয়ে। চেণ্টিনেল-১ উপগ্ৰহৰ পৰা তোলা ছবি দেখিলেই বুজা যায় কেনেকৈ মাটিৰ তললৈ সোমাই গৈ আছে চহৰকেইখন। কেৱল চীনতেই এই ঘটনা ঘটিছে তেনে নহয়। হাউষ্টন আৰু মেক্সিকো চহৰো এই তালিকাত আছে। ইয়াৰোপৰি ভাৰতৰ ভিতৰত দিল্লীত এই ঘটনা লক্ষ্য কৰিছে বিজ্ঞানীমহলে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *