চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

চাকৰিৰ সুযোগ আহিছে লাখ লাখ ভাৰতীয়লৈ! দেশলৈ আহিব বিদেশী মুদ্ৰা! ইজৰাইললৈ যাবলৈ সাঁজু ৫০০০ শ্ৰমিক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- যুদ্ধই উত্তপ্ত কৰি ৰাখিছে পশ্চিম এছিয়াক। মুহূৰ্তে মুহূৰ্তে গোলাবৰ্ষণ, মিছাইল আক্ৰমণ, গুলিৰ শব্দ এতিয়া গাজাৰ আকাশত। বাৰুদেৰে ধুৱলি-কুঁৱলি পেলেষ্টাইনৰ আকাশ। যিমানেই দিন বাঢ়িছে সিমানেই দীৰ্ঘতৰ হৈছে মৃত্যুমিছিল। বিগত ৭ অক্টোবৰৰ পৰা পেলেষ্টাইনৰ সশস্ত্ৰ গোষ্ঠী হামাছে ইজৰাইলৰ ভূখণ্ডত সোমাই আক্ৰমণ চলাইছিল তাৰপিছতেই ইজৰাইলেও এই আক্ৰমমৰ প্ৰত্তুত্ত্যৰ দিছে। ইজৰাইলৰ পৰা আঢ়ৈশৰো বেছি সাধাৰণ মানুহক বন্দী কৰিছে হামাছে। হামাছৰ এই আক্ৰমণত নিহত হৈছে ১৪০০ ৰো অধিক লোকৰ। হামাছৰ এই আক্ৰমণৰ পাছৰে পৰাই পশ্চিম এছিয়াত যুদ্ধ চলি আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছক ধ্বংস কৰাৰ প্ৰতিজ্ঞা কৰিছে। ইজৰাইলৰ প্ৰত্যাঘাতত গাজাত প্ৰায় ১০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।

পশ্চিম এছিয়াৰ এই বিধ্বংসী যুদ্ধত ভাৰত নীৰৱ দৰ্শক। হামাছৰ আক্ৰমণৰ বিৰোধিতা কৰি প্রথমে মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে পশ্চিম এছিয়াত শান্তি স্থাপনৰ কথাও কৈছে। যুদ্ধক লৈ ইজৰাইল আৰু পেলেষ্টাইন দুয়ো দেশকেই আলোচনাত বহিবলৈকো আহ্বান জনাইছে ভাৰতে। যুদ্ধক লৈ ভাৰতে যি অৱস্থান গ্ৰহণ কৰিছে সেই বিষয়টোক লৈয়ে সুখী হৈছে ইজৰাইল। ইজৰাইলে ভাৰতৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় কৰাৰো পৰিকল্পনা কৰিছে ইজৰাইলে।

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ কাৰণে ভাৰতৰ লোকচান নহয় বৰঞ্চ লাভহে হ’ব। বৈদেশিক বাণিজ্যৰ ওপৰত গৱেষণা কৰি থকাসকলে জনোৱা অনুসৰি যুদ্ধত ভাৰতৰ লোকচান নহয় লাভহে হ’ব। ইজৰাইলত কৰ্মৰত হৈ থকা প্ৰায়সকল পেলেষ্টাইনী কৰ্মীয়েই ত্যাগ কৰিছে ইজৰাইল। ইয়াৰ ফলত সংকটত পৰিছে ইজৰাইলৰ বহুকেইটা সংস্থা। কৰ্মীৰ অভাৱতেই ইজৰাইলৰ বহু কোম্পানীয়ে কাম বন্ধ ৰাখিব লগাতো পৰিছে। ইয়াৰ ফলত দেশত অৰ্থনীতি প্ৰভাৱিত হৈছে। যুদ্ধৰ খৰত বহনৰ ওপৰিও কোম্পানী বন্ধই ভঙি পেলাইছে ইজৰাইলৰ অৰ্থনীতি। ভয়েছ অৱ আমেৰিকাৰ ৰিপৰ্ট অনুসৰি, ইজৰাইলৰ নিৰ্মাণ শিল্পৰ ছেক্টৰে দেশৰ চৰকাৰৰ ওচৰত ভাৰতৰ পৰা কৰ্মী পঠিয়াবলৈ আৱেদন জনাইছে। পেলেষ্টাইনী কৰ্মীৰ অভাৱ পূৰণৰ বাবে ভাৰতৰ শ্ৰমিককেই বাচি লৈছে এইসমূহ সংস্থাই।

প্ৰাথমিকভাৱে এক লাভ ভাৰতীয় শ্ৰমিকক ইজৰাইললৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। ইজৰাইললৈ গৈ তাত কাম কৰিলে মোটা অংকৰ ধনো দিব ইজৰাইল চৰকাৰে। যুদ্ধৰ মাজতেই ইজৰাইলৰ পৰা পেলেষ্টাইনৰ প্ৰায় ৯০ হাজাৰ কৰ্মীক ছাটাই কৰা হৈছে। তেওঁলোকক ইজৰাইলত কোনো কাৰণতে কাম কৰি থাকিবলৈ নিদিয়ে ইজৰাইল চৰকাৰে। সেই শূন্যস্থান পূৰণৰ বাবেই ভাৰতীয়সকলক মাতি পঠিয়াইছে ইজৰাইলী সংস্থাসমূহে। ইজৰাইল চৰকাৰে সংস্থাসমূহৰ এই আবেদন যদি গ্ৰহণ কৰে তেন্তে ভাৰতৰ বহু শ্ৰমিকৰ বাবে বিদেশত কাম কৰাৰ ভাল সুযোগ আহিব। প্রথমতে প্ৰায় এক লাভ কৰ্মীক নিয়োগ কৰা হ’ব। পৰবৰ্তী পৰ্যায়ত আৰু অধিক শ্ৰমিকে ইজৰাইলত কাম কৰিবলৈ যোৱাৰ সুযোগ লাভ কৰিব।

এইদৰে বিদেশলৈ কাম কৰিবলৈ যোৱাৰ সুযোগতেই ভাৰতলৈ আহিব বৈদেশিক মুদ্ৰাও। ইজৰাইলত কাম কৰিবলৈ যোৱা ভাৰতীয়সকলৰ মাধ্যমেৰে সেই মুদ্ৰা দিল্লীলৈ আহিব। ভাৰতৰ পৰা ইজৰাইললৈ পূৰ্বেও বহু লোকে কাম কৰিবলৈ গৈছে। ভাৰতৰ পৰা ১০ হাজাৰ কৰ্মী ইজৰাইললৈ পঠিওৱাৰ কথা হৈছিল চলিত বছৰতেই। সেই কৰ্মীসকলৰ একাংশ নিৰ্মাণক্ষেত্ৰত আৰু একাংশ স্বাস্থ্য ক্ষেত্ৰত নিযুক্ত হ’ব বুলিও জনাইছিল। ইজৰাইল আৰু হামাছ যুদ্ধৰ কেইবামাহ বাগৰিছে। শেষৰভাগত আশা কৰা ধৰণেই ভাল খবৰ আহিছে ভাৰতীয়লৈ। ভাৰতৰ উত্তৰপ্ৰদেশৰ পৰা প্ৰায় ৫০২০জন শ্ৰমিক ইজৰাইললৈ যাবলৈ সাঁজু হোৱা বুলি খবৰ ইতিমধ্যে ভাইৰেল হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *