এই কল্পনা, কল্পনাই কৰা নাছিল! বিধৱা কল্পনাৰ শিৰত সেন্দুৰ আঁকি প্ৰশান্তই দিলে নতুন পৰিচয়…

এই কল্পনা, কল্পনাই কৰা নাছিল! বিধৱা কল্পনাৰ শিৰত সেন্দুৰ আঁকি প্ৰশান্তই দিলে নতুন পৰিচয়…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: কল্পনাই হয়তো এই দিনটোৰ কল্পনা নিজেও কৰা নাছিল৷ এবাৰ ভাঙি যোৱা সপোন দুনাই দেখাৰো কল্পনা কৰা নাছিল কল্পনাই৷ কিন্তু এইযে কোৱা হয় বিধাতাই বিচাৰিলে নোহোৱাৰ প্ৰশ্নই নাই৷ হেমন্ততো ফাগুন আহিল কল্পনাৰ জীৱনলৈ৷ উকা হৈ ৰোৱা শিৰৰ পদুলিত পলাশ সৰিল৷ উকা সাজ সলাই ৰঙীন সাজ পিন্ধি কইনা হ’ল নলবাৰীৰ বিধৱা নাৰী কল্পনা ভাগৱতী৷

প্ৰশান্ত শৰ্মা নামৰ যুৱকজনে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে কল্পনাৰ শিৰত আঁকি দিলে সেন্দুৰ৷ সমাজক সাক্ষী কৰি বালিলেছাৰ কালী মন্দিৰত যুগ্ম জীৱনৰ পাতনি মেলিছে কল্পনা-প্ৰশান্তই৷ কল্পনা-প্ৰশান্তৰ বিবাহৰ কিছু দৃশ্যাংশ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বহুতেই প্ৰশান্তৰ এই মহানুভৱতাৰ শলাগো লৈছে৷ ইপিনে বৈধ্যৱক আঁকোৱালী জীৱন অতিবাহিত কৰা কল্পনাৰ এজনী ৮ বছৰীয়া কন্যা সন্তানো আছে৷ এই বিবাহ অনুষ্ঠানত কল্পনাৰ ৮ বছৰীয়া কন্যা সন্তানটিও উপস্থিত থাকে৷

ইপিনে এই বিবাহক লৈ দাঙি ধৰা মন্তব্যত প্ৰশান্তই কয় যে, এই বিবাহ পৰিয়ালৰ সন্মতিতেই হৈছে৷ তেওঁ কল্পনাৰ সমান্তৰালকৈ কন্যাটিক আঁকোৱালী লোৱাত কোনো আপত্তি নাই বুলি জনোৱাতহে কল্পনাই এই বিবাহত মত দিয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *