প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিল বিক্ৰমো! ইছৰোৱে জনালে বিক্ৰম আৰু প্ৰজ্ঞানৰ অন্তিম সময়ৰ কথা

প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিল বিক্ৰমো! ইছৰোৱে জনালে বিক্ৰম আৰু প্ৰজ্ঞানৰ অন্তিম সময়ৰ কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰোভাৰ প্ৰজ্ঞান নিৰৱে শুই পৰিল চন্দ্ৰপৃষ্ঠত৷ লেণ্ডাৰ বিক্ৰমো প্ৰজ্ঞানৰ কাষতেই শুই পৰিছে৷ লেণ্ডাৰখন দেওবাৰে পুৱা এবাৰ সক্ৰিয় হৈ উঠিছিল৷ কিন্তু এতিয়া বিক্ৰম মৃতপ্ৰায় অৱস্থাত আছে৷ এতিয়াও বেটাৰী শেষ হোৱা নাই বিক্ৰমৰ৷ চন্দ্ৰত এতিয়াও যিহেতু কম পৰিমানে হ’লেও সূৰ্যৰ পোহৰ পৰি আছে সেয়ে বিক্ৰমক আংশিক সক্ৰিয় কৰি ৰাখিব পৰা গৈছে বুলি জনাইছে ইছৰোৰ দলে৷

সূৰ্যৰ পোহৰ একেবাৰে কমি গ’লেই বিক্ৰমৰ মৃত্যু হ’ব বুলি জনাইছে বিজ্ঞানীয়ে৷ ইছৰোৰ তৰফৰ পৰা কৰা টুইটত জনোৱা অনুসৰি মৃত্যু ঘটাৰ শেষ পৰ্যন্তলৈকে ৰম্ভা আৰু ইলছা পেলোডসমূহ সক্ৰিয় হৈ থাকিব৷ চন্দ্ৰৰ মাটিত বিক্ৰম আৰু প্ৰজ্ঞানে গৱেষণা সামৰিছে৷ বিক্ৰম আৰু প্ৰজ্ঞানে লাভ কৰা সমূহ তথ্য ইছৰোলৈ পঠিয়াইছে৷ আগন্তুক ২২ ছেপ্টেম্বৰত আকৌ সূৰ্যোদয় হ’ব চন্দ্ৰত৷ তেতিয়াই লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰক পুনৰ জীৱন দিবলৈ চেষ্টা কৰিব বিজ্ঞানীয়ে৷ কিন্তু বৰ্তমান সময়ত বিক্ৰম আৰু প্ৰজ্ঞান দুয়োৱেই নিজৰ কাম সামৰি শুই পৰিছে৷ প্ৰজ্ঞানৰ নিচেই কাষতেই শুই পৰিছে প্ৰজ্ঞান৷

দেওবাৰে চন্দ্ৰপৃষ্ঠত শেষবাৰৰ বাবে সক্ৰিয় হৈ উঠিছিল বিক্ৰম৷ চন্দ্ৰপৃষ্ঠৰ পৰা ৪০ ছেণ্টিমিটাই ওপৰলৈ গৈ আকৌ ছফট লেণ্ডিং কৰিছিল বিক্ৰমে৷ বিক্ৰমৰ এই পাৰদৰ্শিতাতেই বিজ্ঞানীৰ দলটো আশাবাদী হৈ পৰিছে৷ আগন্তুক সময়ত চন্দ্ৰলৈ মানৱ যান পঠিয়ালে আকৌ উভতাই আনিব পৰা যাব৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *