মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

মেট্ৰিকত বিফল হোৱা ধ্ৰুৱজ্যোতিয়ে বাণিজ্য শাখাত ৫ টা বিষয়তে লেটাৰ নম্বৰ লৈ উত্তীৰ্ণ, সমানে চলাই গৈছে পানীৰ ব্যৱসায়

বিফলতা কেতিয়াও মানুহৰ জীৱনত হেঙাৰ হ’ব নোৱাৰে। বিফলতা আহিলে এদিন সফলতাও আহে। প্ৰয়োজন কেৱল কিছু কষ্টৰ। তাকেই প্ৰমাণ কৰি দেখুৱালে বৰপেটাৰ ধ্ৰুৱজ্যোতিয়ে । বিফলতাৰ পিছতে সফলতা অহাৰ দৰে এইবাৰ নাম কৰি দেখুৱালে ছাত্ৰগৰাকীয়ে।

মেট্ৰিক পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাত বিফল হোৱা বৰপেটাৰোডৰ ধ্ৰুৱজ্যোতিয়ে এইবাৰ বাণিজ্য শাখাত ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সকলোকে দেখুৱাই দিয়ে।

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল লাভৰ পাছতে সুখৰ ঢল নামিছে ধ্ৰুৱজ্যোতিৰ ঘৰলৈ। মেট্ৰিকৰ প্ৰথম দেওনা পাৰ হওতে খোকোজা লগা সেই ছাত্ৰই এইবাৰ পালে সফলতা।

তাকো এই সফলতা সামান্য কষ্টৰ বিনিময়ত নহয়। অতি দৰিদ্ৰ পৰিয়ালৰ ধ্ৰুৱজ্যোতিয়ে পঢ়াৰ সমানে চলাই গৈছিল কৰ্মও। বৰপেটাৰোডৰ সমীপৰ ধূপগুৰি গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মেধা ছাত্ৰ ধ্ৰুৱজ্যোতি বৰ্মণে পঢ়াৰ সমানে কৰি গৈছিল পানীৰ ব্যৱসায়।

পঢ়াৰ মাজতে এখন বিশুদ্ধ খোৱা পানীৰ প্ৰতিষ্ঠানত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঘৰ চলোৱাতো সহায় কৰি দিছিল দৰিদ্ৰ খেতিয়কৰ পুত্ৰ গৰাকীয়ে। তেনেদৰেই কষ্টৰ মাজতে সুখ্যাতিৰে বাণিজ্যশাখাত প্ৰথম বিভাগত উত্তীৰ্ণৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

বাণিজ্য শাখাত ৮২% শতাংশ নম্বৰেৰে উত্তীৰ্ণ ধ্ৰুৱজ্যোতি বৰ্মন বৰেপটা ৰোডৰ ব্যক্তিগত কণিষ্ঠ মহাবিদ্যালয় অসম ব্ৰিলিয়েন্ট একাডেমীৰ ছাত্ৰ আছিল। ধ্ৰুৱৰ এই সফলতাত এতিয়া উৎফুল্লিত ধ্ৰুৱৰ পৰিয়ালৰ লগতে শিক্ষাগুৰুসকলো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *