বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

বৃষলৈ আহিছে শুক্ৰ, আগন্তুক ২০ দিনত সাফল্যৰ নতুন অধ্যায় লিখিব ৭ ৰাশিৰ জাতকে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  স্বৰাশি বৃষত বিচৰণ কৰিছে শুক্ৰই৷ ১৯মেৰ পুৱা ৮ বাজি ৪২মিনিটত মেষ ৰাশিত নিজৰ যাত্ৰা সমাপ্ত কৰি বৃষ ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই৷ ১২ জুনৰ সন্ধিয়া ৬টা ২৯ মিনিট  পৰ্যন্ত এই ৰাশিত বিচৰণ কৰিছে শুক্ৰই৷ তাৰপিছতেই মিথুনত প্ৰৱেশ কৰিব৷ বৃষ ৰাশিৰ অধিপতি হৈছে শুক্ৰ৷ যি ৰাশিৰ জাতকৰ কোষ্ঠীত শুক্ৰ যোগকাৰক তেওঁলোকৰ বাবে এই সময় কোনো আশীৰ্বাদতকৈ কম নহয়৷ আকৌ বৃষ ৰাশিত আহি মালব্য ৰাজযোগ তৈয়াৰ কৰিছে শুক্ৰই৷ শুক্ৰৰ ৰাশি পৰিবৰ্তনে সমস্ত ৰাশিৰ জাতকৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব৷

মেষ ৰাশি

শুক্ৰৰ প্ৰভাৱে মেষ ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিত মজবুত কৰিব৷ বাণী কৌশলৰ জোৰত কঠিন পৰিস্থিতিও সহজে নিয়ন্ত্ৰণত আনিব পাৰিব৷ সামাজিক প্ৰভাৱ বাঢ়িব৷ পৰিয়ালৰ লোকৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ অবিবাহিত জাতকৰ বিবাহৰ দিন ঠিক হ’ব৷ বাওঁ চকুৰ সমস্যা হ’ব পাৰে৷ নিজৰ পৰিকল্পনা গোপনে ৰাখক৷ আৱেগিক হৈ কোনো সিদ্ধান্ত নল’ব৷

বৃষ ৰাশি

এই ৰাশিতেই ভ্ৰমণ কৰিছে শুক্ৰই৷ এই সময়ত আপোনাৰ সমস্ত ৰণনীতি কাৰ্যকৰী প্ৰমাণিত হ’ব৷ কেন্দ্ৰ অথৱা ৰাজ্যৰ চৰকাৰী বিভাগৰ প্ৰতীক্ষিত কাম কাম সম্পন্ন হ’ব৷ সাফল্য লাভ সম্ভৱ৷ সন্তানৰ দায়িত্ব পূৰণ কৰিব৷ বিবাহৰ আলোচনাত সফল হ’ব৷ নৱদম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে৷

 মিথুন ৰাশি

অপ্ৰত্যাশিত সুখকৰ পৰিণাম লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ বিলাসিতা পূৰ্ণ বস্তুৰ বাবে অধিক ধন ব্যয় কৰিব৷ বিদেশী কোম্পানীত ছাৰ্ভিছ বা নাগৰিকত্বৰ বাবে চেষ্টা কৰি থকাসকল সফল হ’ব৷ ছাত্ৰ-ছাত্ৰীয়ে পঢ়াশুনাৰ বাবে বিদেশ যাত্ৰাৰ চেষ্টা কৰিব পাৰে৷ মাটি-সম্পত্তি সংক্ৰান্তিয় গোচৰৰ সমাধান হ’ব৷ ঘৰ-গাড়ী ক্ৰয় কৰাৰ বাবে এই সময় শুভ৷

কৰ্কট ৰাশি

এই ৰাশিত শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ শুভ ফলাফল লাভ কৰিব৷ উচ্চাধিকাৰীসকলৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ পৰিয়ালৰ বৰিষ্ঠ সদস্য আৰু ভাতৃসকলৰ সহযোগিতা লাভ কৰিব৷ আয়ৰ উৎস বৃদ্ধি পাব এই সময়ত৷ বহুদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ চৰকাৰী বিভাগৰ কোনো কাম ৰৈ থাকিলে সাফল্য লাভ কৰিব৷ নতুন চুক্তি সাক্ষৰ কৰিবৰ বাবে এই সময় শুভ৷

সিংহ ৰাশি

শুক্ৰৰ প্ৰভাৱত আপোনাৰ সামাজিক পদ-প্ৰতিষ্ঠা বৃদ্ধি পাব৷ ইয়াৰোপৰি নতুন দায়িত্ব পালনৰ সুযোগ পাব৷ মাটি সম্পৰ্কীয় কোনো গোচৰ থাকিলে এই সময়ত সমাধান হ’ব৷ স্বাস্থ্যৰ প্ৰতি চিন্তিত থাকিব৷ বাহন ক্ৰয় কৰিব পাৰে এই ৰাশিৰ জাতকে৷ পৰিকল্পনা গোপনে ৰাখি কাম কৰিলে অধিক সাফল্য লাভ কৰিব৷

কন্যা ৰাশি

শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ প্ৰভাৱ কন্যা ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব৷ সাহস আৰু পৰাক্ৰমৰ জোৰত সহজেই কঠিন পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব৷ অন্যৰ সহায়ৰ বাবে তৎপৰ থাকিব৷ কাকো বেছি ধন ধাৰলৈ নিদিব৷ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে৷ বিদেশি কোম্পানীত চাকৰিৰ আৱেদন কৰিব পাৰে৷

তুলা ৰাশি

বৃষ ৰাশিত শুক্ৰৰ গোচৰ তুলা ৰাশিৰ জাতকৰ অকল্পনীয় ফলাফল প্ৰদান কৰিব৷ ভাগ্য পৰীক্ষাৰ চেষ্টা কৰক৷ সাফল্যই আপনাৰ হাতত ধৰিব৷ সামাজিক পদ প্ৰতিষ্ঠা বাঢ়িব৷ পুৰস্কাৰ লাভ কৰিব পাৰে৷ চাকৰিত পদোন্নতি আৰু সন্মান বৃদ্ধিৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰৰ চিকাৰ হ’ব এই ৰাশিৰ জাতক৷ বিবাদ এৰাই চলক৷

বৃশ্চিক ৰাশি

এই ৰাশিৰ জীৱনত সাফল্যৰ নতুন অধ্যায়ৰ সূচনা কৰিব শুক্রই৷ কেন্দ্ৰ আৰু ৰাজ্যৰ চৰকাৰী বিভাগত প্ৰতীক্ষিত কাম সম্পন্ন হ’ব৷ ব্যৱসায়ত অপ্ৰত্যাশিত সাফল্য লাভ কৰিব৷ নতুন চুক্তি সাক্ষৰ কৰাৰ বাবে এই সময়ত অনুকূল৷ বিবাহৰ আলোচনাত সফল হ’ব৷ দাম্পত্য জীৱনত মাধুৰ্য্য বৰ্তি থাকিব৷ প্ৰেমৰ সম্পৰ্ক গভীৰ হ’ব৷ বিদেশী নাগৰিকত্ব লাভ বা বিদেশি কোম্পানীত আৱেদন কৰিলে সফলতা লাভ সম্ভৱ৷

ধনু ৰাশি

এই সময়ত সাধাৰণ ফলাফল পাব ধনু ৰাশিৰ জাতকে৷ গোপন শত্ৰুৰ পৰা নিৰাপদে থাকক৷ ঋণ নল’ব৷ যাত্ৰাত লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ অত্যধিক ব্যয়ৰ কাৰণে অৰ্থাভাৱে দেখা দিব৷ পৰিয়ালৰ শুভ অনুষ্ঠানৰ অংশীদাৰ হ’ব৷ নতুন ব্যক্তিৰ সৈতে মিলামিছা বাঢ়িব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে শুক্ৰৰ গোচৰৰ ফলত সাফল্যৰ পথত অগ্ৰসৰ হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’লে তেওঁলোকেও শুভ ফল লাভ কৰিব৷ প্ৰেম জীৱনত সুখানুভূতি থাকিব৷ বিবাহৰ বাবেও এই সময় শুভ৷ সন্তানৰ দায়িত্ব ল’ব৷ নৱদম্পত্তিয়ে সন্তান লাভ কৰিব পাৰে৷ পৰিয়ালত বৰিষ্ঠ সদস্য আৰু ভায়েক-ভনীয়েকৰ সহযোগিতা লাভ কৰিব৷

কুম্ভ ৰাশি

শুক্ৰৰ শুভ প্ৰভাৱ পৰিব এই ৰাশিৰ জাতকৰ ওপৰত৷ বন্ধু আৰু আত্মীসকলৰ পৰা সু সংবাদ পাব৷ বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কাম সম্পন্ন হ’ব৷ চৰকাৰী বিভাগত টেণ্ডাৰৰ বাবে আৱেদন কৰাৰ ইচ্ছা থাকিলে এই সময় শুভ৷ নতুন নতুন ব্যক্তিৰ সৈতে মিলামিছা বাঢ়িব৷ সৃজনশীল কামত সাফল্য লাভ সম্ভৱ৷ নিৰ্বাচন সংক্ৰান্তীয় সিদ্ধান্তত সফল হ’ব৷ নিজৰ পৰিকল্পনা গোপনে ৰাখি নিজৰ কামত অগ্ৰসৰ হ’ব৷

মীন ৰাশি

এই সময়ত মীন ৰাশিৰ জাতকে যিমানেই পৰিশ্ৰম কৰি সিমানেই সফল হ’ব৷ ভাগ্যোন্নতি সম্ভৱ৷ সামাজিক পদ-প্ৰতিষ্ঠা বাঢ়িব৷ অসহায় ব্যক্তিৰ সহায়ৰ বাবে আগুৱাই যাওক৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ বিদেশি নাগৰিকত্ব বা বিদেশি কোম্পানীত আবেদনৰ বাবে এই সময় অনুকূল৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *