সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এটা নিৰ্দিষ্ট সময়ৰ পাছে পাছে ৰাশি পৰিবৰ্তন কৰে শুক্ৰ৷ জ্যোতিষ শাস্ত্ৰত শুক্ৰক দৈত্যসকলৰ গুৰু বুলি কোৱা হয়৷ এই গ্ৰহৰ আকৌ প্ৰেম, ভালপোৱা, সুখ-সৌভাগ্য, আকৰ্ষণৰ কাৰক বুলি কোৱা হয়৷ শুক্ৰই ৰাশি পৰিবৰ্তন কৰিলে এই সমস্ত ক্ষেত্ৰসমূহ প্ৰভাৱিত হয়৷ আগন্তুক মাহতেই ৰাশি পৰিবৰ্তন কৰিব শুক্ৰই৷ ২ অক্টোবৰৰ নিশা ১২ বাজি ৪৩ মিনিটত সূৰ্যৰ আধিপত্যযুক্ত সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ ৩ নৱেম্বৰ পৰ্যন্ত এই সিংহ ৰাশিত থকাৰ পাছত কন্যাত প্ৰৱেশ কৰিব শুক্ৰই৷ উল্লেখ্য যে সূৰ্য আৰু শুক্ৰৰ মাজৰ সম্পৰ্ক শত্ৰুৰ দৰে৷ কিন্তু তাৰ মাজতো শুক্ৰ ৰাশিৰ পৰিবৰ্তনৰ ফলত তিনি ৰাশিৰ ভাগ্য চমকি উঠিব৷

মেষ ৰাশি
এই ৰাশিৰ পঞ্চম স্থানত শুক্ৰই প্ৰৱেশ কৰিব৷ এই পৰিস্থিতিত অক্টোবৰ মাহটো মেষ ৰাশিৰ জাতকৰ বাবে বিশেষ হ’ব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে৷ আয়ৰ নতুন উৎস হাতলৈ আহিব৷ ব্যয়ৰ পৰিমাণ বাঢ়িব৷ প্ৰেমত শুভ৷ অফিচত আপোনাৰ ওপৰত কামৰ প্ৰেছাৰ বাঢ়িব৷ ব্যৱসায়ীসকলৰ ভাগ্যোদয় হ’ব৷ কামৰ কাৰণে দূৰ যাত্ৰা কৰাৰ যোগ আছে৷

বৃষ ৰাশি
শুক্ৰৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব৷ নতুন ঘৰ ক্ৰয়ৰ সম্ভাৱনা৷ গাড়ী ক্ৰয়ৰ পৰিকল্পনা থাকিলে অক্টোবৰতেই সফল হ’ব৷ আয়ৰ নতুন উৎস হাতলৈ আহিব৷ ব্যৱসায়ীসকলৰ লাভ যোগ৷ এই মাহত বৃষ ৰাশিৰ জাতকৰ নিজৰ ক্ষমতা আৰু সামৰ্থ্য অনুযায়ী সুযোগৰ সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিলে সফলতা লাভ কৰিব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ দাম্পত্য জীৱনত সুখ আহিব৷ এই ৰাশিৰ ধন-ধ্যান বৃদ্ধি হ’ব৷ সমাজত মান সন্মান বৃদ্ধি পাব৷

সিংহ ৰাশি
এই ৰাশিতেই শুক্ৰই প্ৰৱেশ কৰিব৷ এই সময়ত সিংহ ৰাশিৰ জাতক বিশেষভাৱে লাভবান হ’ব৷ পৈতৃক সম্পত্তিৰ মাধ্যমেৰে অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ অৰ্থ লাভৰ যোগ৷ ইয়াৰ ফলত ধন-সম্পত্তি বৃদ্ধি পাব৷ সিংহ ৰাশিৰ জাতকৰ বিদেশ যাত্ৰাৰ যোগ৷ চাকৰিজীৱীয়ে প্ৰশংসা লাভ কৰিব৷ ভাল কাম কৰিলে পদোন্নতিৰ যোগ৷ বিদেশত চাকৰি লাভৰ যোগ৷ ব্যৱসায়ত ধন লাভ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *