দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক

দৈত্যগুৰুৰ ৰাশি পৰিবৰ্তনত বিপদ বাঢ়িব ৩ ৰাশিৰ জীৱনত, অক্টোবৰত এইকেইটা ৰাশিৰ জাতক সাৱধানে থাকক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সুখ সমৃদ্ধি, ধন-বৈভৱৰ কাৰক গ্ৰহ আৰু দৈত্যসকলৰ গুৰু শুক্ৰাচাৰ্য বা শুক্ৰ গ্ৰহই অক্টোবৰ মাহৰ দ্বিতীয় দিনাই ৰাশি পৰিবৰ্তন কৰিব। শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত কিছু ৰাশিৰ জাতকে যেনেদৰে শুভ ফল লাভ কৰিব তেনেদৰে কেইটামান ৰাশিৰ জাতকৰ জীৱনত সমস্যা বৃদ্ধি পাব। শুক্ৰৰ অশুভ প্ৰভাৱত অৰ্থাভাৱে দেখা দিব কেইটামান ৰাশিৰ জীৱনত। ২ অক্টোবৰ সোমবাৰে নিশা ১২ বাজি ৪৩ মিনিটত ৰাশি পৰিবৰ্তন কৰি সিংহত প্ৰৱেশ শুক্ৰই। আগন্তুক ৩ নৱেম্বৰ পৰ্যন্ত সূৰ্যৰ ৰাশি সিংহত শুক্ৰৰ গোচৰ হ’ব। এই এমাহত কেইবাটাও ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো ভাল। আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ লগতে পাৰিবাৰিক সমস্যাৰো উদ্ভৱ হ’ব কেইটামান ৰাশিৰ জাতকৰ। শুক্ৰৰ ৰাশি পৰিবৰ্তনৰ ফলত কোন কোন ৰাশিৰ ব্যক্তি সতৰ্ক থকাটো ভাল?

কৰ্কট ৰাশি
শুক্ৰৰ গোচৰৰ ফলত কৰ্কট ৰাশিৰ জাতকৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাই দেখা দিব। কৰ্মক্ষেত্ৰত কোনো বিষয়ক লৈ অৱসাদত ভূগিব পাৰে। এই পৰিস্থিতিত কোনো ভুল কাম কৰি নেপেলাব। সকলো কাম সুস্থিৰ মগজুৰে চিন্তা কৰি নকৰিলেই বিপদ বাঢ়িব। সম্পৰ্কত অৱসাদে দেখা দিব। চাকৰিতো সন্তুষ্ট নাথাকিব। ব্যৱসায়ত চেলেঞ্জৰ মুখামুখি হ’ব এই ৰাশিৰ জাতক। ইয়াৰোপৰি অপ্ৰয়োজনীয় ব্যয়ৰ বাবে চিন্তিত হৈ থাকিব। ইয়াৰ ফলত অৰ্থ সঞ্চয় কৰা কঠিন হ’ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মনোমালিন্য হ’ব পাৰে।

মকৰ ৰাশি
শুক্ৰই এই ৰাশিৰ অষ্টম স্থানত গোচৰ কৰিব। এই পৰিস্থিতিত এই ৰাশিৰ জাতকৰ চাকৰিত প্ৰভাৱ পৰিব। ইয়াৰ ফলত অৱসাদগ্ৰস্থ হৈ থাকিব মকৰ ৰাশিৰ জাতকসকল। ব্যৱসায়ীসকলৰ বাবেও বিভিন্ন সমস্যাই দেখা দিব। আৰ্থিক লোকচানৰ মুখামুখি হ’ব পাৰে এই ৰাশিৰ জাতক। ব্যৱসায়ত অংশীদাৰৰ সৈতে কাৰণত মনোমালিন্য হ’ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সমস্যাৰ উদ্ভৱ হ’ব।

মীন ৰাশি
এই ৰাশিৰ ষষ্ঠ স্থানত শুক্ৰৰ গোচৰ হ’ব। এই পৰিস্থিতিত এই ৰাশিৰ জাতকসকল সতৰ্ক হৈ থকাটো ভাল। বিৰোধীৰ পৰা সতৰ্ক হৈ নাথাকিলে পৰিণতি বেয়া হ’ব। এই সময়ত স্বাস্থ্যৰ বিশেষ যত্ন ৰাখক। অফিচ কাছাৰীত কাৰো সৈতে বিবাদ নকৰিব। অন্যথা আপুনি লোকচানৰ সন্মুখীন হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *