চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

চন্দ্ৰ-সূৰ্যতেই সপোন সীমাৱদ্ধ হৈ থাকিব জানো? এইবাৰ শুক্ৰ জয় কৰাৰ মন ISROৰ বিজ্ঞানীৰ, শুক্ৰ অভিযানক লৈ বিশেষ ঘোষণা ইছৰো প্ৰধান এছ সোমনাথৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সপোন খামুচি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চলাইছে এটাৰ পাছত আনটো গৱেষণা। গৱেষণাৰ ক্ষেত্ৰখনত ৰাছিয়া, আমেৰিকাৰ দৰে দেশকো ফেৰ মাৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে। চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰাৰ পাছত সূৰ্যলৈকো যান পঠিয়াইছে আদিত্য এল-১। মহাকাশত মানুহ পঠিওৱাৰ বাবেও ন ন গৱেষণা আৰম্ভ কৰিছে ইছৰোৱে। এইবাৰ সপোনৰ উচ্চতা আৰু অকণ ওখ হৈছে। পৃথিৱীৰ পৰাই শুক্ৰ গ্ৰহক নিৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় মহাকাশ সংস্থা ইছৰোৱে। ইছৰো প্রধান এছ সোমনাথে কৰিছে এই বৃহৎ ঘোষণা।

এইবাৰ ইছৰোৰ লক্ষ্য শুক্ৰ গ্ৰহ। সৌৰজগতৰ সকলোতকৈ উজ্জ্বল গ্ৰহটোকো হাতৰ মুঠিত অনাৰ চেষ্টা চলাইছে ইছৰোৰ দলে। ইছৰোৰ চেয়াৰমেন এছ সোমনাথে এই সন্দৰ্ভত কয়, ‘শুক্ৰ মিছনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। ভৱিষ্যত মিছনৰ বাবে পেলোডসমূহ তৈয়াৰৰ কাম আৰম্ভ হৈছে।’ দিল্লীস্থিত ইণ্ডিয়ান নেশ্ব্যনেল স্পেছ একাডেমিত বক্তব্য ৰখাৰ সময়তে এই মন্তব্য কৰিছে ইছৰো প্ৰধানে। ভৱিষ্যতে মহাকাশত একাধিক মিছনৰ পৰিকল্পনা কৰিছে ইছৰোৱে। তাৰমাজতেই শুক্ৰ মিছন অন্যতম।

শুক্ৰ মিছন প্ৰকৃততে কি?
শুক্ৰ মিছন সম্পৰ্কে ইছৰো প্ৰধানে কয়, ‘শুক্ৰ আটাইতকৈ উজ্জ্বল গ্ৰহ। এই মিছনৰ মাধ্যমেৰে মহাকাশ সম্বন্ধীয় বহু ৰহস্যৰ উন্মোচন হ’ব। শুক্ৰক লৈ সকলোৰেই আগ্ৰহ আছে। এই গ্ৰহ বৈশিষ্টপূৰ্ণ। অন্য গ্ৰহতকৈ এই গ্ৰহ বহু পৃথক। শুক্ৰৰ বায়ুমণ্ডলীয় চাপ পৃথিৱীতকৈ ১০০ গুণ বেছি। এই গ্ৰহ এছিডেৰে পৰিপূৰ্ণ। ইয়াৰ পৃষ্ঠ ভেদ কৰা দুঃসাধ্য। শুক্ৰ গ্ৰহৰ পৃষ্ঠটোক লৈ কোনো দেশেই গৱেষণা চলোৱা নাই। আমি শুক্ৰ পৃষ্ঠৰ বৈশিষ্টসমূহ জনাৰ চেষ্টা কৰিম। এদিন পৃথিৱীৰো শুক্ৰ গ্ৰহৰ দৰে অৱস্থা হ’ব পাৰে। হয়তো আজিৰ পৰা দহ হাজাৰ বছৰ পাছত পৃথিৱীৰ বৈশিষ্ট্য সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে। হয়তো তেতিয়া পৃথিৱী বাসোপযোগ্য হৈ নাথাকিব পাৰে। শুক্ৰ গ্ৰহৰ আকাৰ আৰু মধ্যাকৰ্ষণ পৃথিৱীৰ সমান। এই গ্ৰহৰ পৃথিৱীৰ সৈতে বহুক্ষেত্ৰত মিল আছে। শুক্ৰ গ্ৰহটো ছালফিউৰিক এছিডযুক্ত অত্যন্ত প্ৰতিফলিত মেঘৰ এটা অস্বচ্ছ স্তৰেৰে আবৃত।

এই গ্ৰহৰ বায়ুমণ্ডল চাৰিটা পাৰ্থিৱ গ্ৰহৰ মাজত সকলোতকৈ ঘন আৰু বেছিভাগেই কাৰ্বন ডাই অক্সাইডেৰে গঠিত। শুক্ৰ গ্ৰহৰ পৃষ্ঠৰ বায়ুমণ্ডলীয় চাপ পৃথিৱীৰ পৰা প্ৰায় ৯৩ গুণ বেছি। এই গ্ৰহত ৮মাহ পৰ্যন্ত সূৰ্য অস্ত নাযায়। এই গ্ৰহৰ এটা দিনেই পৃথিৱীৰ ৮মাহৰ সমান। শুক্ৰ গ্ৰহৰ তাপমাত্ৰা ৪৭৫ ডিগ্ৰী ছেলচিয়াছ। সূৰ্যত অভিযান চলাবলৈ যাত্ৰা কৰাৰ সময়ত নাছাৰ পাৰ্কাৰ চলাৰ প্ৰোবে নিৰীক্ষণ কৰিছে শুক্ৰগ্ৰহক। ৯ ফেব্ৰুৱাৰী ২০২২ ত নাচাই ঘোষণা কৰিছিল যে শুক্ৰৰ পৃষ্ঠতলৰ ছবি তেওঁলোকৰ যান পাৰ্কাৰ চলাৰে তুলিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *