৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-মীন ৰাশিত একেলগে ভ্ৰমণ কৰিছে শুক্ৰ আৰু ৰাহু। ৩১ মাৰ্চত কুম্ভ ৰাশিত নিজৰ যাত্ৰা সম্পন্ন কৰি মীন ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই। তাতেই পূৰ্বৰে পৰা ৰাহু বিৰাজমান। যাৰ ফলত মীন ৰাশিত বৰ্তমান শুক্ৰ আৰু ৰাহুৰ যুঁটি তৈয়াৰ হৈছে। জ্যোতিষ গণনা অনুসৰি এই যুঁটিৰ ফলত বিপৰীত ৰাজযোগ তৈয়াৰ হৈছে। ৫০ বছৰৰ পাছত মীন ৰাশিত এই দুই গ্ৰহৰ মিলনৰ বিপৰীত ৰাজযোগ তৈয়াৰ হৈছে। এই ৰাজযোগৰ শুভ প্ৰভাৱ পৰিব একাধিক ৰাশিৰ জাতকৰ ওপৰত। এই ৰাজযোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ ভাগ্য চমকি উঠিব জানি থওক সবিশেষ।

বৃষ ৰাশি
জ্যোতিষ গণনা অনুসৰি শুক্ৰ আৰু ৰাহুৰ বিপৰীত ৰাজযোগ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী। আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত এই যোগ তৈয়াৰ হৈছে। সেয়ে এই সময়ত বৃষ ৰাশিৰ জাতকৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব। ইয়াৰোপৰি আয়ৰ নতুন নতুন উৎস লাভ কৰিব। ব্যৱসায়ীসকলৰো লাভ হ’ব। জীৱনসংগীৰ সৈতে ভাৰসাম্য বজায় ৰাখিব পাৰিব। দাম্পত্য জীৱনত আনন্দ বৰ্তি থাকিব। লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক। শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীৰ মাধ্যমেৰে লাভ হ’ব।

মিথুন ৰাশি
বিপৰীত ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। আপোনাৰ গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই যুঁটি তৈয়াৰ হ’ব। ইয়াৰ ফলত কাম আৰু ব্যৱসায়ত ভাল সাফল্য লাভ কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে। কেৰিয়াৰত আগুৱাই যোৱাৰ নতুন সুযোগ পাব। এই সুযোগৰ সদ্বব্যৱহাৰ কৰি উন্নতি কৰিব পাৰিব। অন্যহাতে এই ৰাশিৰ ব্যৱসায়ীয়ে শুক্ৰ আৰু ৰাহুৰ সংযোগৰ প্ৰভাৱত নতুন অৰ্ডাৰ পাব পাৰে। যাৰ ফলত ভাল পৰিমাণৰ ধন লাভ কৰিব পাৰে। চাকৰিয়াল মিথুন ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। পদোন্নতি সম্ভৱ।

কৰ্কট ৰাশি
ৰাহু আৰু শুক্ৰৰ বিপৰীতে ৰাজযোগত কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ নৱম স্থানত এই যুঁটি হ’ব। এই সময়ত ভাগ্যৰ সংগ পাব কৰ্কট ৰাশিৰ জাতকৰ। ভাগ্যোদয় হ’ব আপোনাৰ। ইয়াৰোপৰি আয় আৰু পদ বৃদ্ধি হ’ব। ইয়াৰ ফলত সমাজত মান-সন্মান বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ। দেশ-বিদেশৰ যাত্ৰাৰ শুভ সংযোগ তৈয়াৰ হৈছে। এই সময়ত ৰৈ থকা সকলো কাম সম্পন্ন হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সময় শুভ। কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সাফল্য লাভ কৰিব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *