সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য

সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-শাস্ত্ৰত বসন্তক ঋতুৰাজ বুলি কোৱা হয়। মাঘৰ শুক্ল পঞ্চমী তিথিত বসন্ত ঋতুৰ আগমনয এই তিথিত সৰস্বতী পুজাৰ ওপৰিও কামদেৱ আৰু ৰতিৰ আৰাধনা কৰা হয়। বসন্ত পঞ্চমী তিথিত কিয় কামদেৱৰ পূজা কৰা হয়? ইয়াৰ মাহাত্ম্য কি, কি মন্ত্ৰৰে কামদেৱক সুখী কৰিব পাৰি সকলোবোৰ বিস্তাৰিতভাৱে আজিয়েই জানি থওক।

কামদেৱ আৰু ৰতি পূজাৰ মাহাত্ম্য
বসন্ত পঞ্চমী তিথিত এফালে যেনেকৈ সমস্ত জগৎ সংসাৰে বাণী পাইছিল তেনেকৈ এই তিথিতেই কামদেৱ আৰু ৰতিয়ে প্ৰথমবাৰ মানৱ হৃদয়ত প্ৰেম আৰু আকৰ্ষণৰ সঞ্চাৰ হৈছিল। কামদেৱৰ পূজা কৰিলে দাম্পত্য জীৱন সুখময় হৈ উঠে। ইয়াৰোপৰি পাৰিবাৰিক প্ৰেম, স্নেহ বৃদ্ধি পায়। শাস্ত্ৰত কামদেৱক প্ৰেমৰ দেৱতা বুলি কোৱা হয়। ইয়াৰোপৰি ঋতুৰাজ বসন্ত কামদেৱৰ বন্ধু। কামদেৱে ব্যক্তিৰ জীৱনত প্ৰেম আৰু ৰতি শৃঙ্গাৰৰ সঞ্চাৰ কৰে।

পৌৰাণিক ধাৰণা অনুসৰি বসন্ত পঞ্চমী তিথিত কামদেৱ আৰু ৰতি স্বৰ্গৰ পৰা পৃথিৱীলৈ আহিছিল। তেওঁৰ আগমনৰ সৈতে মৰ্ত্যত বসন্ত ঋতুৰ আগমন ঘটে। তেওঁ এই পৃথিৱীলৈ অহাৰ লগে লগেই পৃথিৱীৰ সকলো ব্যক্তিৰ মনত ইচ্ছা জাগৃত হয়। প্ৰকৃতি সেউজীয়া হৈ উঠে। বসন্ত পঞ্চমীৰ পৰাই সমগ্ৰ সৃষ্টিশীল জীৱৰ মনত প্ৰেমৰ অনুভূতি সঞ্চাৰিত হয়। শাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱ আৰু তেওঁৰ পত্নী ৰতিয়ে নৃত্যৰ দ্বাৰা পশু, পক্ষী আৰু মানুহৰ মাজত প্ৰেম আৰু কাম ভাৱ জাগৃত হয়। কামদেৱৰ আশীৰ্বাদত প্ৰেম আৰু দাম্পত্য জীৱন মধুৰ হয়। ৰতিক প্ৰেম, সৌন্দৰ্য, প্ৰতিভা আৰু কামনাৰ দেৱী বুলি কোৱা হয়।

কাম দেৱ কোন?
পুৰাণত কামদেৱক লক্ষ্মী আৰু নাৰায়ণৰ পুত্ৰ হিচাপে বিবেচনা কৰা হয়। দেৱী ৰতিৰ সৈতে তেওঁৰ বিবাহৰ হৈছিল। মতান্তৰত কামদেৱক ব্ৰহ্মাৰ পুত্ৰ হিচাপেও আখ্যা দিয়া হয়। শাস্ত্ৰ অনুসৰি কামদেৱ প্ৰেমৰ অধিপতি। তেওঁ নাথাকিলে সৃষ্টিৰ উন্নতি বাধিত হ’ব। ইয়াৰোপৰি সমস্ত প্ৰাণী আৰু মনুষ্যৰ মাজত প্ৰেমৰ অনুভূতি শেষ হৈ যাব। উল্লেখ্য যে শিৱই কামদেৱক প্ৰকৃতিত বাস কৰাৰ আশীৰ্বাদ দিছিল। এই কাৰণতেই আকাশে-বতাহে সকলোতে এই সময়ত ভালপোৱাৰ সুগন্ধ বিয়পি পৰে।

কামদেৱক সুখী কৰাৰ মন্ত্ৰ
প্ৰেম জীৱনত সাফল্য লাভ কৰা বা মনৰ মানুহক নিজৰ প্ৰতি আকৃষ্ঠ কৰিবলৈ কামদেৱৰ কিছু মন্ত্ৰ জপ কৰা উচিত। এই পৌৰাণিক মন্ত্ৰ জপৰ ফলত কাংক্ষিত ভালপোৱা লাভ কৰা সহজ হয়। বসন্ত পঞ্চমীৰ পৰা নিয়মিত এই মন্ত্ৰ জপ কৰিব লাগে।
১) ওম কামদেৱায় বিদ্মহে ৰতি প্ৰিয়য়ৈ ধামহি, তন্নো অনঙ্গ প্রচোদয়াৎ
এই মন্ত্ৰ নিয়মিত জপ কৰিলে কামদেৱ আনন্দিত হয়। প্ৰিয় মানুহ আপোনাৰ প্ৰতি আকৃষ্ঠ হ’ব।
২) ও নমো ভগবতে কামদেবায় যস্য যস্য দৃশ্যো ভবামি যস্য যস্য মম মুখং পশ্যতি তং তং মোহয়তু স্বাহা
পুৱা আৰু সন্ধিয়া ১০৮বাৰ এই মন্ত্ৰ জপ কৰিলে সুফল পাব। ২১ দিন পৰ্যন্ত এই মন্ত্ৰ জপ কৰিব লাগে। একান্তই অকলে বহি এই মন্ত্ৰ জপ কৰিলে প্ৰিয় মানুহৰ ধ্যান আকৰ্ষণ কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *