পহিলা ফাগুন, অসমবাসীৰ বাবে ১৪ ফেব্ৰুৱাৰী বিশেষ এইকেইটা কাৰণতেই…

পহিলা ফাগুন, অসমবাসীৰ বাবে ১৪ ফেব্ৰুৱাৰী বিশেষ এইকেইটা কাৰণতেই…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

‘ফাগুনে মায়া জানে
ৰাতি হ’লে শুকান ডালে ডালে
জোন জ্বলি উঠে
হিয়া ভাঙি অমাতৰ মাত মাতে
কৰুণ কেতেকীয়ে!’

পহিলা ফাগুন। পহিলা ফাগুনৰ বিশেষত্ব হৈছে এই দিনটো প্ৰেমৰো দিন। বিশ্ববাসীয়ে জানক বা নাজানক অসমবাসীয়ে বহু পূৰ্বৰে পৰাই পালন কৰি আহিছে প্ৰেমৰ দিনটোক৷ প্ৰেম জীৱনৰ চালিকা শক্তি। উদযাপনৰ শিৰোনাম প্ৰেম। প্ৰেম তেনেকুৱাই। অতৃপ্তিৰ বাটেৰে বগুৱা বাই হৃদয় জুৰায়। পূৰ্ণতা পৰা শূন্যতালৈ অথবা শূন্যতাৰ পৰা পূৰ্ণতালৈ প্ৰেমেই কাটে বাট৷ সেই বাটেৰে কোননো নাযায়?

শীতৰ বিদায় বেলিকাত প্ৰকৃতিৰ এটি সুৰীয়া ছন্দ হৈ নামে ফাগুন। ফাগুনকলৈ হাজাৰ মত, হাজাৰটা কথকতা ফাগুনক লৈ, আছে ওজৰ-আপত্তিও৷ বহুতে কয়, ফাগুন নিলাজ, ফাগুন উতনুৱা, ফাগুন বদনামী। এফালে যদি ফাগুন মায়াৱী আনফালে আকৌ ফাগুন বৰ উদাসী। জুইফুল হৈ ফুলা শিমলু মদাৰে এই উদাসী দিনবোৰো ৰঙাই তোলে। অবাধ্য ফাগুনৰ বা বাৰুকৈয়ে লাগে যৌৱনা মদাৰ কেইজুপিতো।

‘মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিচে ব’হাগতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলেʼ
সুধাকণ্ঠ ভূপেন হাজৰিকাই তাহানিতেই দি গৈছে মদাৰৰ বৰ্ণনা৷ পূজা, সবাহ ক’তোৱেই নলগা ৰঙা মদাৰে আকুলতাৰে কাষলৈ মাতে যৌৱনক, মাতে লুকা ভাকু খেলা শৈশৱক। ৰঙা মদাৰে নিজে আহি উপচাই বহুতৰে কোলা।

কবিৰ কবিতালৈ অঁকৰাটো হৈ নামি আহে বদনামী ফাগুন-
‘মোকটো পোৱাই চিনি
মই যে ফাগুন
অঁকৰা কবিৰ সতে চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম।’

বগলী পাখি হেন কঁহুৱাই উপচি পৰে নৈ পৰীয়া বালি-চাপৰি। সৰাপাতৰ বাটেৰে ফাগুনেই নাহৰৰ কুমলীয়া পাতত বসন্তলৈ লিখে প্ৰেমৰ চিঠি। ভৱিষ্যতৰ সেউজী সম্ভাৱনাময় হেঁপাহক আদৰিবলৈকে আহে ফাগুন৷ কেতিয়াবা উদাসী অভিমান সানে প্ৰেমিকাৰ হৃদয়ত, কেতিয়াবা কলেজীয়া ‘দুপাট্টা’ত যাচে নিলাজ আলফুলীয়া চুমা। ফাগুন এইবাটেৰেই আহে৷ নৈ পৰীয়া কনেঙৰ আঁচল উৰে, আলি আই লৃগাঙত কনেঙৰ আঁচল উৰে৷ ফাগুন নিজা নিচা আছে। বৰ্ণনাতীত অতীতৰ বাট এটাৰে ফাগুনে জোকাবলৈ নেৰে বাস্তৱ ছবিবোৰক। কৰ্মব্যস্ত চহৰ এখনৰ অলিয়ে গলিয়েও ফাগুন ৰৈ থাকে৷ পানবজাৰৰ পৰা জালুকবাৰীৰ সন্ধিয়া সকলোতে চৰ্চাত ফাগুন থাকে৷

অসমীয়াৰ পহিলা ফাগুনৰ দিনটো চেইন্ট ভেলেন্টাইনৰ নামত উসৰ্গিত এটা দিন ভেলেন্টাইন ডে’ও। ১৪ ফেব্ৰুৱাৰী তাৰিখে সন্মান জনোৱা সকল হৈছে ৰোমৰ ভেলেণ্টাইন আৰু টাৰ্ণিৰ ভেলেণ্টাইন। প্ৰায় ২৬৯ খ্ৰীষ্টপূৰ্ব খ্ৰীষ্টীয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয়।

কিন্তু ফাগুনৰ বাবে কোনো নিৰ্দিষ্ট দিন উৎসৰ্গিত নহ’লেও প্ৰতিটো দিনতেই মায়া থাকে৷ বুকুৱে বুকুৱে হাহাকাৰ কৰিলেও যি বতাহ নামে তাৰ নামো অজানিতেই ফাগুন হৈ পৰে৷ এই ফাগুনেও সকলোলৈকে কঢ়িয়াই আনক সপোনখচিত বাট এটা। বতাহজাকে উৰুৱাই নিয়ক দুখ, ক্ষোভ বেদনাবোৰ। প্ৰেমৰ নামত এটা দিন উদযাপন হয়নে নহয় এই লৈও বিতৰ্ক, আলোচনাৰ অন্ত নাই। বদনামী হ’লেও এই বিতৰ্কত ফাগুন সাঙোৰ নাখায়৷ একক হৈয়েই ফাগুনে গাই যায় প্ৰেমৰ গান৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *