ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই চৰকাৰী কোষাগাৰত সোমাব ২০-২৫ হাজাৰ কোটি ধন! SBIয়ে প্ৰকাশ কৰিলে বিশেষ তথ্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ দিনাই ভৰি উঠিছে চৰকাৰৰ কোষাগাৰ। বছৰ বছৰ ধৰি মোটা অংকৰ টকা হাতলৈ আহিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ প্ৰশাসনৰ হাতলৈ। নৱ নিৰ্মিত ৰাম মন্দিৰৰ উদ্বোধনৰ সময়তে SBI য়ে দিছে চাঞ্চল্যকৰ তথ্য। সোমবাৰে পুৱা সৰযূ নদীৰ পাৰত ৰাম জন্মভূমিত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। প্রধানমন্ত্ৰী মোদীয়েই প্ৰাণ প্ৰতিষ্ঠা কৰিছে ৰামৰ। ৰাম মন্দিৰৰ এই মেগা উদ্বোধনৰ সময়তে ষ্টেট বেংকে প্ৰকাশ কৰিছে তথ্য। SBIৰ সমীক্ষা ৰিপৰ্ট অনুসৰি ২০২৫ আৰ্থিক বছৰত অতিৰিক্ত ২০ৰ পৰা ২৪ হাজাৰ কোটি টকা উপাৰ্জন কৰিব যোগী চৰকাৰে। কেৱল সেয়াই নহয় চলিত বছৰত কৰৰ জৰিয়তেই ২.৫ কোটি টকা আয় কৰিব যোগী চৰকাৰে। ইয়াৰোপৰি ২০২৩ চনৰ তুলনাত ২০২৪ চনত অযোধ্যা যাত্ৰাত পৰ্যটকৰ খৰচ দ্বিগুণ হ’ব বুলিও এই ৰিপৰ্টত দাবী কৰিছে SBIয়ে।

ষ্টেট বেংকৰ অধিকাৰীসকলে দাবী কৰামতে চলিত বছৰৰ শেষত ৰাম জন্মভূমিত পৰ্যটনৰ খৰচ বাঢ়ি ৪ লাখ কোটি হ’বগৈ। অযোধ্যাত ভৰি দিলেই ভক্তই খৰচ কৰিব লাগিব বুজন পৰিমাণৰ ধন। ২০২৩ চনত দেশীৰ পুণ্যাৰ্থীসকলৰ খৰচৰ পৰিমান আছিল ২.২ লাখ কোটি। অন্যহাতে ১০ হাজাৰ কোটি টকা ব্যয় কৰে অযোধ্যালৈ অহা বিদেশী পৰ্যটকে। উল্লেখ্য যে, ২০২২ চনত অযোধ্যালৈ আহিছিল ২.২১ কোটি পৰ্যটক। বিগত বছৰত সেই সংখ্যা ২০০শতাংশ বাঢ়ি হৈছেগৈ ৩২ কোটি। কেৱল সেয়াই নহয় বিগত বছৰৰ এই সংখ্যা আৰু বৃদ্ধি হৈছে। চলিত বছৰত এই সংখ্যা আৰু বাঢ়ি ৫০ কোটি হ’বগৈ বুলি অনুমান কৰিছে SBI-য়ে।

সমীক্ষাৰ ৰিপৰ্টৰ পাছতেই উত্তৰপ্ৰদেশৰ আৰ্থিক নীতিক ভূয়সী প্ৰশংসা কৰিছে ষ্টেট বেংকে। এছ বি আইৰ দাবী ২০২৪ চনৰ ভাৰতৰ অৰ্থনীতি যেতিয়া ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ হ’ব তেতিয়া যোগী ৰাজ্যৰ GDP-ৰ পৰিমাণ ৫০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিব। বৰ্তমান উত্তৰপ্ৰদেশৰ GDPৰ পৰিমান ২৪.৪ লাখ কোটি। এই বছৰৰ শেষত সেই সংখ্যা ২৯৮ বিলিয়ন ডলাৰ হ’বগৈ বুলি দাবী কৰিছে SBIয়ে।

উল্লেখ্য যে, অযোধ্যাৰ ৰাম মন্দিৰক কেন্দ্ৰ কৰি কৰ্মসংস্থাপনৰ সুযোগো বৃদ্ধি পাব। সৰযূ নদীৰ পাৰত আৰম্ভ হ’ব বহু বিলাসী হোটেলৰ লগতে শ্বপিং মল নিৰ্মাণৰ কামো।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *