পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-উত্তৰাখণ্ডৰ বিধানসভাত পেছ কৰা হৈছে অভিন্ন দেৱানী বিধি সংক্ৰান্তীয় বিল। এই বিল পেছক ঐতিহাসিক ঘটনা বুলি অভিহিত কৰিছে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে। ভাৰতত ইউনিফৰ্ম চিভিল কোড অনা প্রথমখন ৰাজ্য হৈছে উত্তৰাখণ্ড আৰু অচিৰেই এই তালিকাত দ্বিতীয় ৰাজ্য হোৱাৰ দিশে অসম। এই বিলত একাধিক বিষয়ৰ কথা উল্লেখ কৰা হৈছে। বিবাহ, সম্পত্তিৰ উত্তৰাধিকাৰ, তুলি লোৱা সন্তান আদি সকলোবোৰকেই এই বিলত সামৰি লোৱা হৈছে।

উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যাায়াধীশ ৰঞ্জন প্ৰকাশ দেছাইৰ নেতৃত্বাধীন পাঁচজনীয়া এটা কমিটিয়ে উত্তৰাখণ্ডৰ এই ইউনিফৰ্ম চিভিল কোজৰ বিশেষ খচৰা প্ৰস্তুত কৰিছে। এই বিলৰ খচৰা পুস্কৰ সিং ধামী চৰকাৰৰ হাতত তুলি দিছে ৫জনীয়া দলটোৱে। তাৰপাছতেই কেবিনেটত এই খচৰা উত্থাপন কৰিছে মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে। মুঠ ৭৪০ পৃষ্ঠাৰ খচৰা তৈয়াৰ কৰা হৈছে এই অভিন্ন দেৱানী বিধিৰ বাবে। প্ৰত্যেক নাগৰিকৰ বাবে আইনৰ সমান অধিকাৰৰ কথাও কোৱা হৈছে এই ইউনিফৰ্ম চিভিল কোডত। ইয়াৰ মাজতেই আছে বিবাহ, বিচ্ছেদ, সম্পত্তিৰ ভাগ বটোৱাৰা, উত্তৰাধিকাৰী আৰু তুলি লোৱা সন্তানৰ উত্তৰাধিকাৰ, লিভ ইন ৰিলেশ্ব্যনচিপ আদি বিষয়। প্ৰত্যেক নাগৰিকৰ বাবেই এই সমস্ত বিষয় লাঘু হ’ব বুলি উল্লেখ আছে এই বিলত।

লৰা-ছোৱালী সকলোৱে পাব সম্পত্তিৰ সমান অধিকাৰ
উত্তৰাখণ্ড চৰকাৰৰ তৰফৰ পৰা পেছ কৰা অভিন্ন দেৱানী বিধি বিল অনুসৰি, লৰা, ছোৱালী সকলোৱে সম্পত্তিৰ সমান ভাগ পাব। প্ৰত্যেক অৰ্থনৈতিক আৰু সামাজিক বৰ্গত এই নিয়ম লাঘু হ’ব।

বিবাহ বহিৰ্ভূত সন্তানেও পাব যথাযথ মৰ্যাদা
বিবাহিতা স্ত্ৰীৰ সন্তান অথৱা বিবাহ বহিৰ্ভূত সন্তান, দুজনৰেই পিতৃৰ সম্পত্তিৰ ওপৰত সমান অধিকাৰ থাকিব। বিবাহ বহিৰ্ভূত সন্তান থাকিলে তেঁওলোকৰো উত্তৰাধিকাৰৰ মৰ্যাদা থাকিব। প্ৰত্যেক সন্তানকেই বায়লজিকেল হিচাপে পৰিচয় দিব লাগিব পিতৃয়ে। সম্পৰ্ক থাকক নাথাকক, বিবাহ বহিৰ্ভূত সন্তানকো পৰিচয় আৰু মৰ্যাদা দিব লাগিব এই বিলৰ আওতাত।

তুলি লোৱা সন্তানেও পাব সমান অধিকাৰ
ইউনিফৰ্ম চিভিল কোড অনুসৰি তুলি লোৱা সন্তান, চেৰোগেছি কিম্বা IVF পদ্ধতিৰে জন্ম হোৱা সন্তানৰ মাজতো কোনো পাৰ্থক্য ৰাখিব নোৱাৰিব। বায়লজিকেল পদ্ধতিৰে জন্ম লোৱা সকলো সন্তানেই সমান।

মৃত্যুৰ পাছত সম্পত্তিৰ অধিকাৰ
কোনো ব্যক্তিৰ মৃত্যু হ’লে তেওঁৰ পত্নী আৰু সন্তানক সম্পত্তিৰ সমান অধিকাৰৰ পৰা কোনোৱে বঞ্চিত কৰিব নোৱাৰিব। ইয়াৰোপৰি মৃত ব্যক্তিৰ পিতৃ-মাতৃয়েও তেওঁৰ সম্পত্তিত সমান অধিকাৰ পাব। এই নিয়ম পূৰ্বতকৈ সম্পূৰ্ণ পৃথক। পূৰ্বে মৃতকৰ সম্পত্তিৰ ওপৰত কেৱল মাতৃৰ হে অধিকাৰ আছিল।

লীভ ইন ৰিলেশ্ব্যনচিপৰ বাবে লাগিব অনুমতি
লীভ ইন ৰিলেশ্ব্যনচিপ নৈতিকতাৰ বিৰুদ্ধ কাম। যদি এজন সংগী বিবাহিত হৈয়ো অন্যৰ সৈতে সম্পৰ্ক ৰাখে, এজন সংগী যদি নাৱালক হয়, বলপূৰ্বক কোনোবাই যদি কাৰোবাক সংগী কৰে, কাৰোবাক যদি ভুৱা পৰিচয়েৰে প্ৰতাৰণা কৰে তেন্তে কাৰাগাৰলৈ যোৱাৰ বাট নিশ্চিত। ইয়াৰোপৰি লীভ ইন ৰিলেচনশ্বিপৰ বাবে লাগিব দুয়োৰে সঠিক তথ্য। আৰু সেই তথ্য বিশেষ ৱেবচাইটত জমা দিব লাগিব। যদি বিশেষ পৰ্টেলটোত ৰেজিষ্ট্ৰেছন প্ৰত্যাখান হয় তেন্তে আপুনি লীভ ইনত থাকিব নোৱাৰিব। ২১ বছৰৰ তলৰ যুৱক বা যুৱতীয়ে লীভ ইনত থাকিবলৈ অভিভাৱকৰ অনুমতি ল’ব লাগিব।

UCC-অনাৰ প্ৰধান উদ্দেশ্য কি?
এই অভিন্ন দেৱানী বিধিৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশত এক নিৰ্দিষ্ট আইনী পৰিকাঠামো গঠন কৰা। যি পৰিকাঠামোৱে দেশৰ সমস্ত ৰাজ্যৰ নাগৰিকৰ বিবাহ, বিচ্ছেদ, সম্পত্তিৰ অধিকাৰৰ দৰে বিষয়সমূহত সমান আইনী অধিকাৰ প্ৰদান কৰে। ধৰ্ম, বৰ্ণ আৰু আৰ্থিক বৰ্গ নিৰ্বিশেষে এই নিয়ম সকলোৰে বাবে লাঘু হ’ব। ৰিপৰ্ট অনুসৰি এই বিলত বহুবিবাহ নিষিদ্ধ কৰাৰ কথাও উল্লেখ আছে। বাল্যবিবাহ সমস্ত ধৰ্মৰ বাবেই বন্ধ কৰাৰ কথাও উল্লেখ আছে এই বিলত। প্ৰত্যেক ধৰ্মৰ বিবাহযোগ্য তৰুমীৰ বাবেই বিবাহৰ এক নিৰ্দিষ্ট বয়স ধ্যৰ্য কৰি দিয়া হ’ব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *