য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত…

য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: লণ্ডনৰ এক বিশেষ নৃত্যানুষ্ঠানত নৃত্য পৰিবেশন কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই৷ ঋষিৰ কন্যা অনুষ্কাৰ নৃত্যৰ দৃশ্য এতিয়া নেটদুনীয়াত ভাইৰেল হৈ পৰিছে৷

লণ্ডনৰ এই নৃত্যানুষ্ঠানত ৪ বছৰীয়া শিশুৰ পৰা ৮৫ বছৰীয়া বৃদ্ধলৈ প্ৰায় ১০০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছিল৷ সেই অনুষ্ঠানতেই নৃত্য পৰিবেশন কৰিছিল ঋষি ছুনাকৰ জীয়াৰী অনুষ্কাই৷ সেই অনুষ্ঠানতেই অনুষ্কাৰ আইতাক, মাক, ককাক সকলো উপস্থিত থাকে৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠান আয়োজন কৰা হৈছিল৷

বিগত অক্টোবৰত ব্ৰিটেইনৰ প্রধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে ঋষি ছুনাকে৷ ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাকৰ ভাৰতৰ সৈতে শিঁপাৰ সম্পৰ্ক আছে বুলি বহুতেই বিভিন্ন সময়ত দাবী কৰি আহিছিল৷ জীয়াৰী অনুষ্কাই এই অনুষ্ঠানত ভাগ লোৱাৰ পিছতেই প্রধানমন্ত্ৰী ছুনাকৰ কন্যা অনুষ্কাই তেওঁৰ মন্তব্যত কয়, ‘ভাৰত হ’ল এনে এখন দেশ, য’ত মোৰ শিঁপা আছে৷ ভাৰতীয় সংস্কৃতিয়েই মোৰ সংস্কৃতি৷ সেইখন দেশলৈ আমি প্ৰত্যেক বছৰেই যাওঁ৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *