ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

ওৱেটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভাৰতত এতিয়া ঋষি ছুনাকৰ চৰ্চা। ব্ৰিটেইনত ভাৰতীয়মূলৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী ঋষি ছুনাক৷ ব্ৰিটেইনৰ ইতিহাসত সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰীও ঋষি ছুনাক৷ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাসনৰ দায়িত্বত থকা ঋষিৰ ব্যক্তিগত জীৱনৰ বিষয়সমূহো চৰ্চালৈ আহিছে৷ ভাৰতলৈ আহিয়েই সনাতন ধৰ্মক প্ৰশংসা কৰাক লৈ শিৰোনাম দখল কৰিছে ঋষি ছুনাকে। ঋষি ছুনাকৰ পত্নী অক্ষতা মূৰ্তীকলৈও আৰম্ভ হৈছে চৰ্চা৷

২০০৬ চনত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ক এমবিএ পঢ়িবলৈ গৈছিল ঋষি৷ তাতেই ইনফ’ছিছৰ প্ৰতিষ্ঠাতা নাৰায়ণমূৰ্তীৰ কন্যৰে দেখাদেখি হয় ঋষিৰ৷ প্ৰথম দেখাতেই অক্ষতাৰ প্ৰেমত পৰে ঋষি৷ তাৰ পিছতেই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এখন কফি হাউছত একেলগে কফি শ্বেয়াৰ কৰিলে ঋষি-অক্ষতায়৷ আৰম্ভ হয় বন্ধুত্ব৷ বন্ধুত্বই এদিন প্ৰেমৰ ৰূপ পালে৷ ইফালে জীয়াৰীৰ প্ৰেমৰ সম্পৰ্কৰ কথা গম পোৱাৰ পিছতেই এই সম্পৰ্কক লৈ আনন্দ প্ৰকাশ কৰে পিতৃ নাৰায়ণ মূৰ্তীয়েও৷ কিন্তু ঋষিক লগ পোৱাৰ পিছত সেই ভাললগাই ক্ষোভৰ ৰূপ লয় নাৰায়ণ মূৰ্তীৰ মনত৷ কিয়নো নাৰায়ণ মূৰ্তীৰ প্ৰেমত পৰা ঋষি তেতিয়া চাউদাম্পটনৰ এখন ভাৰতীয় হোটেলৰ ৱেইটাৰ আছিল৷ অক্ষতাৰ প্ৰেমত পৰিয়েই সলনি হ’ল ঋষিৰ ভাগ্য৷ কমসময়ৰ ভিতৰতেই ঋষি হৈ পৰিল মিলিয়নাৰ৷

তিনিবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত দুয়ো বিবাহপাশত আবদ্ধ হয়৷ অৰ্থনীতিৰ সমান্তৰালকৈ ফৰাছী ভাষাৰ ভাষাতো ডিগ্ৰী গ্ৰহণ কৰিছে অক্ষতায়৷ ফেশ্বন ডিজাইনিঙত ডিপ্লমা গ্ৰহণ কৰা অক্ষতাৰ ইনফ’ছিছতো আছে অৰ্ধ শ্বেয়াৰ৷ অক্ষতাৰ সম্পত্তিৰ তালিকাই ঋষিক বহুবাৰ বিপদতো পেলাইছে৷ ইপিনে ব্ৰিটেইনৰ ৰাণী এলিজাবেথকৈও অধিক সম্পত্তিৰ অধিকাৰী ঋষি ছুনাকৰ পত্নী অক্ষতা বুলি সামাজিক মাধ্যমত চৰ্চা চলাও পৰিলক্ষিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *