সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে…DMK নেতা উদয়নিধি ষ্টেলিনৰ মন্তব্যই কঁপাইছে দেশ! সনাতন ধৰ্মক অপমান কৰাক লৈ কি ক’লে I.N.D.I.A জোঁটে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সনাতন ধৰ্মক একেবাৰে নিৰ্মূল কৰাৰ পক্ষত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়নিধি ষ্টেলিন৷ তেওঁৰ মতে সনাতন ধৰ্ম ডেংগু, মেলেৰিয়াৰ দৰে৷ এইসমূহ সমাজৰ পৰা একেবাৰেই নিৰ্মূল কৰিব লাগে৷ তেওঁৰ যুক্তি যে, জাতি আৰু লিংগৰ ভিত্তিত এই ধৰ্মই মানুহক বিভক্ত কৰে৷ এয়া সামাজিক ন্যায় বিচাৰৰ বিৰোধী৷ উদয়নিধি ষ্টেলিনৰ এই মন্তব্যৰ পাছতেই দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ উল্লেখ্য যে বিজেপি বিৰোধী জোঁট I.N.D.I.Aৰ সৈতে একলগ হৈছে ষ্টেলিনৰ দল DMK.

উদয়নিধিয়ে তেওঁৰ মন্তব্যৰ স্পষ্টীকৰণো ইতিমধ্যে দিছে৷ তেওঁ কয়, ‘সনাতন ধৰ্মত বিশ্বাসীসকলক লৈ মোৰ কোনো অসুবিধা নাই৷ কিন্তু এই ধৰ্মৰ দোহাই দি জাতি আৰু ধৰ্মৰ মাজত বিভেদ সৃষ্টি কৰাসকলক লৈ মোৰ অসুবিধা আছে৷ নিপীড়িত আৰু প্ৰান্তীয়সকলৰ হৈ মই সদায়ে মাত মাতি আহিছো৷ মাত মাতি যাম৷ এই প্ৰান্তীয় লোকসকলক ধৰ্মৰ দোহাই দি শোষণ কৰা হৈছে৷ মই তেওঁলোকক কৰা এই শোষণ দেখিছো৷ মই যি কওঁ দৃঢ়তাৰে কও৷ অম্বেগকাৰেও এই দেশক ধৰ্মনিৰপেক্ষ দেশ বুলি সংবিধানত লিখি গৈছে৷’ ইয়াৰোপৰি উদয়নিধিৰ দাবী যে, দেশত সনাতন ধৰ্মৰ দোহাই দি বহুতেই বহু বেয়া কাম কৰি আছে৷

উদয়নিধিয়ে এই মন্তব্য কৰাক লৈ BJPনেতা অমিত মালব্যই সমালোচনা কৰি টুইটত লিখিছে, ‘ৰাহুল গান্ধীয়ে নিজেই প্ৰেমৰ দোকান খোলাৰ কথা কৈছে৷ আৰু কংগ্ৰেছৰ সৈতে মিলিত হোৱা দল DMKই সনাতন ধৰ্মক উপেক্ষা কৰিছে৷ কংগ্ৰেছৰ এই নিৰবতাই তেওঁক সমৰ্থন কৰাটোহে বুজাইছে৷ INDIA জোঁটক সুযোগ দিলে তেওঁলোকে ভাৰতৰ লক্ষ বছৰীয়া সভ্যতা আৰু ঐতিহ্যক ধ্বংস কৰি পেলাব৷’

বিজেপি দলে উদয়ানিধিক সমালোচনা কৰি থকাৰ সময়তেই তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ কাষত থিয় দিছে কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংকা খৰ্গে৷ মন্ত্ৰী প্ৰিয়ংকা খৰ্গেৰ মতেও, হিন্দু ধৰ্ম এতিয়া সেই অৱস্থাত নাই৷ এই ধৰ্মইয়ো জনতাক সমান অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ধৰিছে৷ এই ধৰ্ম সঁচাকৈয়ে এতিয়া ৰোগলৈ ৰূপান্তৰ হৈছে৷ উল্লেখ্য যে শনিবাৰে, ‘সনাতন এবলিশ্বন কনফাৰেন্স’ নামৰ এটা অনুষ্ঠানত যোগ দি এই মন্তব্য কৰিছিল উদয়নিধিয়ে৷

বিজেপিৰ আইটি ছেলৰ সমূহ কৰ্মকৰ্তাই বিষয়টোক লৈ আৰম্ভ কৰিছে প্ৰচাৰ৷ তেওঁলোকে প্ৰচাৰ অভিযানত কেইটামান বিশেষ পয়েণ্ট আনি উদয়নিধিক আক্ৰমণ কৰিছে৷ তেওঁলোকৰ মতে সনাতন ধৰ্মত বিশ্বাসী দেশৰ ৮০ শতাংশ লোকক তেওঁলোকে গণহত্যাৰ মুখলৈ ঠেলি দিব বিচাৰিছে৷ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও বিষয়টোক লৈ কয় যে, সংখ্যালঘু ভোটাৰৰ পৰা ভোট লাভৰ আশাতেই এই মন্তব্য কৰিছে উদয়নিধিয়ে৷ এই বিষয়টোক লৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অন্যান্য জেষ্ঠ নেতাই কিয় কোনোধৰণৰ মন্তব্য কৰা নাই তাক লৈয়ো উত্থাপন কৰিছে প্ৰশ্ন৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *