তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

তুলসীৰ শিঁপা এই উপায়েৰে লগত ৰাখক! অশুভ শক্তি আঁতৰি যোৱাৰ উপৰিও হাতলৈ আহিব ধন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সেউজীয়াৰ মাজত থাকিলে যিকোনো ব্যক্তিৰেই মন প্ৰশান্তিৰে ভৰি পৰে। সেয়ে ঘৰত গছপুলি ৰোৱাটো শুভ বুলি কোৱা হয়। ঘৰত যিকোনো গছ ৰোৱাতকৈ কেইবিধমান বিশেষ গছ ৰুলে যোগাত্মক পৰিবেশে বিৰাজ কৰে। হিন্দু ধৰ্মত তুলসী গছ অতি পবিত্ৰ। সেয়ে ঘৰৰ চৌদিশে তুলসী গছ ৰোৱাটো অতি শুভ। ইয়াৰোপৰি তুলসীয়ে বায়ু বিশুদ্ধ কৰে।

হিন্দু ধৰ্মত তুলসী পূজনীয়। তুলসীৰ পাত, গা গছ সকলোবোৰেই প্ৰয়োজনীয়। প্ৰচলিত বিশ্বাস যে তুলসীত লক্ষ্মীৰ বাস। হিন্দু শাস্ত্ৰত তুলসীৰ পাত, শিঁপা সকলোবোৰৰ উপকাৰীতাৰ কথা উল্লেখ আছে। এই গছৰ শিঁপাৰ পৰা কি কি উপকাৰ হয়?

তুলসীৰ শিঁপাত বিষ্ণুৰ বাস
হিন্দু ধৰ্ম অনুযায়ী তুলসী গছত লক্ষ্মীয়ে বাস কৰে। তুলসীৰ শিঁপাত কিন্তু বিষ্ণুৱে বাস কৰে। শাস্ত্ৰ মতে কোনো ব্যক্তিৰ কোষ্ঠীত নৱগ্ৰহ দোষ থাকিলে তুলসীৰ শিঁপা ধাৰণ কৰিব লাগে। ইয়াৰফলত ব্যক্তিৰ জীৱনত ইতিবাচক প্ৰভাৱ বৃদ্ধি পায়। মানসিক শান্তি লাভ কৰিবলৈকো তুলসীৰ শিঁপাৰ মালা ধাৰণ কৰিব লাগে। ইয়াৰোপৰি পুজাঘৰত তুলসীৰ শিঁপাৰ মালা থোৱাটো অতিশয় শুভ। তুলসীৰ শিঁপা ঘৰত থাকিলে মানসিক শান্তি লাভ কৰা যায়। ইয়াৰোপৰি অৱসাদ দূৰ হয়। নেতিবাচক শক্তি আঁতৰি যায়।

আৰ্থিক সমস্যাৰ পৰা মুক্তি
কোনো ব্যক্তিয়ে খুবেই আৰ্থিক সমস্যাত ভূগি থাকিলে তুলসীৰ শিঁপাৰ মালা লগত ৰাখিব পাৰে। ইয়াৰোপৰি ৰঙা কাপোৰত এই মালা বান্ধি থলে অতিশয় শুভ। টকা থোৱা লকাৰত তুলসীৰ শিঁপা ৰাখিলে প্ৰচুৰ অৰ্থৰ আগমন হয়। সৌভাগ্যৰ দুৱাৰ মুকলি হয়। শাস্ত্ৰমতে তুলসীৰ শিঁপা গংগাজলেৰে ধুই লগত ৰাখিলে কলহ দোষ দূৰ হয়। আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ ৰূপৰ মাদুলিত তুলসীৰ শিঁপা সোমোৱাই ধাৰণ কৰিব পাৰে। ইয়াৰফলত আপোনাৰ জীৱনত অহা সমস্ত সমস্যা দূৰ হয়।

কৰ্মত সফলতা
জ্যোতিষ অনুযায়ী কোনো কামত বহুদিন ধৰি সফলতা লাভ নকৰিলে তুসলীৰ শিঁপা গংগাজলেৰে ধুই হালধীয়া কাপোৰেৰে বান্ধি নিজৰ সৈতে ৰাখিব পাৰে। ইয়াৰফলত শীঘ্ৰে সফলতা লাভ কৰিব পাৰে। ৰৈ যোৱা সকলো কাম সোনকালে সম্পন্ন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *