কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৩০ এপ্ৰিল ২০২৪ মঙলবাৰে পঞ্জিকা অনুসৰি ব’হাগ মাহৰ কৃষ্ণ পক্ষৰ সপ্তমী তিথি৷ চন্দ্ৰই কাইলৈ ধনু ৰাশি এৰি মকৰ ৰাশিত গোচৰ কৰিব৷ কাইলৈ কেইবাটাও শুভ যোগৰ সৃষ্টি হ’ব৷ এই শুভ যোগসমূহ হৈছে সাধ্য যোগ, ত্ৰিপুষ্কৰ যোগ আৰু ৰবি যোগ৷ ইয়াৰোপৰি কাইলৈ মঙলবাৰে দিনজুৰি থাকিব উত্তৰাষাঢ়া নক্ষত্ৰৰ প্ৰভাৱ৷ ইয়াৰ ফলত কাইলৈ দিনটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব৷ জ্যোতিষ অনুসৰি মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷

জ্যোতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ এই সকলো ৰাশিৰ জাতকে নিজৰ আৰ্থিক উন্নীত কৰাৰ সুযোগ পাব৷ জানি থওক মঙলবাৰে জ্যোতিষ গণনা অনুসৰি কাৰ কাৰ সৌভাগ্য লাভ হ’ব৷

বৃষ ৰাশি

৩০ এপ্ৰিল দুৰ্দান্ত হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ মূৰত নতুন কোনো চিন্তা আহিব৷ ইয়াৰ ফলত জীৱনত উন্নতি কৰাৰ নতুন ৰাস্তা লাভ কৰিব আপুনি৷ উপাৰ্জনৰ নতুন পথ মুকলি হ’ব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি কামৰ প্ৰতি মনোযোগী হৈ উঠিব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ কাৰ্যালয়ত উৰ্ধতন কৰ্তৃপক্ষৰ সহায় পাব৷

কৰ্কট ৰাশি

ৰবি যোগৰ শুভ প্ৰভাৱ কাইলৈ আপোনাৰ ওপৰত থাকিব৷ বজৰংবলীৰ আশীৰ্বাদো লাভ কৰিব৷ নিজৰ সকলো কাম উৎসাহ আৰু উদ্দীপনাৰ সৈতে কৰিব৷ নিজৰ ব্যৱসায় চলোৱা, বৃহৎ কোনো চুক্তিতো স্বাক্ষৰ কৰিব পাৰে৷ একাধিক উপায়েৰে টকা উপাৰ্জন কৰিব পাৰে সিংহ ৰাশিৰ জাতকে৷ পৰিয়ালত কোনো সমস্যা থাকিলে আঁতৰি যাব৷

তুলা ৰাশি

সাধ্য যোগৰ শুভ প্ৰভাৱ লক্ষ্যনীয় হ’ব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপোনাৰ জীৱনত যি সমস্যাই নাহক কিয় সমাধান পাবই৷ কাইলৈ আপুনি অইন কাৰোবাৰ ওপৰত নেতৃত্ব দিব পাৰে৷ নিজৰ প্ৰতিযোগীসকলক পিছপেলাই আগবাঢ়িব আপুনি৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ মনত সুখ শান্তি ভৰপুৰ হৈ থাকিব৷

কুম্ভ ৰাশি

৩০ এপ্ৰিলত পজিটিভ পৰিবৰ্তন আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপোনাৰ সন্মুখত অতিৰিক্ত অৰ্থ উপাৰ্জনৰ পথ মুকলি হ’ব৷ পাবলগীয়া ধন লাভ কৰিব৷ নিজৰ বেংক বেলেন্স বাঢ়িব৷ প্ৰবীণসকলৰ আশীৰ্বাদ লাভ কৰিব৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *