ট্ৰাক ড্ৰাইভাৰৰ শক্তি! কেন্দ্ৰই বাতিল কৰিব নতুন আইন…

ট্ৰাক ড্ৰাইভাৰৰ শক্তি! কেন্দ্ৰই বাতিল কৰিব নতুন আইন…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ একত্ৰিত আৰু নিজৰ দাবীত অটল থাকি প্ৰতিবাদ সাব্যস্ত কৰা ট্ৰাক চালকসকলৰ প্ৰতিবাদৰ সন্মুখত নতশিৰ কেন্দ্ৰীয় চৰকাৰৰ। নতুন বছৰৰ আৰম্ভণিৰে পৰা বিভিন্ন ৰাজ্যত ট্ৰাক চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ‘হিট এণ্ড ৰান’ৰ ক্ষেত্ৰত সৰ্বোচ্চ শাস্তি ২ বছৰৰ পৰা ১০ বছৰলৈ বৃদ্ধি কৰাৰ বাবে ইয়াৰ প্ৰতিবাদত ট্ৰাক চালকসকলে ৰাজপথলৈ ওলাই আহিছিল। ট্ৰাক চালকসকলৰ প্ৰতিবাদে একপ্ৰকাৰৰ স্তদ্ধ কৰি দিছিল দেশৰ বেপাৰ-বাণিজ্যৰ প্ৰক্ৰিয়া।

কিন্তু শেহতীয়াকৈ কেন্দ্ৰৰ আহ্বানত আলোচনাত মিলিত হৈছিল । গৃহ দপ্তৰৰ সৈতে হোৱা আলোচনাত এই আইনখন প্ৰায় বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে আইনখন বাতিলৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও দুই-এদিনতে আহিব পাৰে আনুষ্ঠানিক ঘোষণা।

ইফালে এই আইনখন বাতিলৰ খবৰ বিয়পি পোৱাৰ পাছতে এতিয়া ট্ৰাক চালকসকলে ধন্যবাদ জ্ঞাপন কৰিছে কেন্দ্ৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *