মেষ ৰাশিত সূৰ্য-শুক্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, ৰাজসুখ ৫ৰাশিৰ কপালত

মেষ ৰাশিত সূৰ্য-শুক্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, ৰাজসুখ ৫ৰাশিৰ কপালত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-  বৈদিক জ্যোতিষত বিভিন্ন গ্ৰহৰ স্থান পৰিবৰ্তনৰ বিশেষ ভূমিকা আছে। একাধিক গ্ৰহৰ ওপৰিও গ্ৰহৰ অৱস্থানেও আমাৰ জীৱনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰি থাকে। একাধিক গ্ৰহই এক গ্ৰহত আহি অৱস্থান কৰিলে শুভ যোগ গঠন হয় বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। এনে এটি শুভ যোগেই বৰ্তমান গঠিত হৈছে। মেষ ৰাশিত বিগত ২৪এপ্ৰিলৰ পৰা গঠিত হৈছে ত্ৰিগ্ৰহী যোগ। ২৪ এপ্ৰিলৰ নিশা ১১ বাজি ৫৮ মিনিটত মেষ ৰাশিত গোচৰ কৰিছে শুক্ৰই। তাতেই পূৰ্বৰে পৰাই অৱস্থান কৰিছে সূৰ্য আৰু বৃহস্পতিয়েও। শুক্ৰৰ গোচৰৰ ফলত মেষ ৰাশিত ত্ৰিগ্ৰহী যোগ গঠন হৈছে। এই যোগ কেইটামান ৰাশিৰ জাতকৰ বাবে শুভ। জানি থওক ত্ৰিগ্ৰহী যোগৰ শুভ প্ৰভাৱ কোনে কোনে লাভ কৰিব?

মিথুন ৰাশি

এই সময়ত সমাজৰ ক্ষমতাশালী কোনো লোকৰ হাত আপোনাৰ মূৰৰ ওপৰত থাকিব। মিথুন ৰাশিৰ জাতকে শত্ৰুক পৰাজিত কৰাব পাৰিব। কামৰ পথত বাধা আহিব কিন্তু সেয়া দূৰো হ’ব। সকলো বাধা অতিক্ৰমী বিজয় লাভ কৰিব মিথুন ৰাশিৰ জাতকে। ব্যৱসায়িক পৰিস্থিতি আপোনাৰ অনূকূল থাকিব। অৰ্থ উপাৰ্জনৰ নতুন পথ মুকলি হ’ব।

​কন্যা ৰাশি

ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত ব্য়ৱসায়ত আৰ্থিক লাভ বাঢ়িব কন্যা ৰাশিৰ জাতকৰ। এই সময়ত আপুনি মোটা মূল্যৰ সম্পত্তি লাভ কৰিব। দাম্পত্য জীৱনত সুখ আৰু ভালপোৱা বৰ্তী থাকিব। এই সময়ত স্বাস্থ্য ভালে থাকিব কন্যা ৰাশিৰ জাতকৰ। আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব আপুনি। বন্ধু আৰু আত্মীয়সকলৰ পৰা প্ৰয়োজনীয় সহায় লাভ কৰিব।

বৃশ্চিক ৰাশি

ত্ৰিগ্ৰহী যোগৰ উপকাৰী ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। এই সময়ত এনাৰ্জি আৰু আত্মবিশ্বাস তুংগত থাকিব। আৰ্থিক পৰিস্থিতিও বেছ শক্তিশালী হৈ থাকিব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব আপুনি। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি বৰ্তি থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত। পুৰণা কোনো অসুখৰ পৰা মুক্তি লাভ কৰিব।

মকৰ ৰাশি

ত্ৰিগ্ৰহী যোগৰ উপকাৰী ফল পাব মকৰ ৰাশিৰ জাতকে। সম্পত্তি সংক্ৰান্তীয় কোনো সমস্যা চলি থাকিলে এই সময়ত দূৰ হ’ব।ব্যৱসায়ত মোটা টকা লাভ কৰাৰ যোগ আছে। পূৰ্বতকৈ স্বাস্থ্য ভাল। বহু দিন ধৰি কৰোবাত ধন পাবলগীয়া থাকিলে সেই ধন লাভ কৰিব। বিলাসবহুল কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে মকৰ ৰাশিৰ জাতকে।

কুম্ভ ৰাশি

শুক্ৰ, সূৰ্য আৰু বৃহস্পতিৰ মিলনত যি ত্ৰিগ্ৰহী যোগ গঠিত হ’ব তাৰ শুভ প্ৰভাৱ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। জীৱনৰ সকলো ক্ষেত্ৰতেই সাফল্য লাভ কৰিব। কোনো আইনি যুঁজত জয়ী হ’ব। স্বাস্থ্য ভালে থাকিব। প্ৰেমৰ সম্পৰ্কত মাধুৰ্য বৰ্তি থাকিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *