মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

মে মাহত গ্ৰহগতিৰ প্ৰভাৱত তিনিবাৰকৈ ত্ৰিগ্ৰহী যোগ, কেৰিয়াৰত সাফল্যৰ লগতে হাতলৈ ধন আহিব ৩ৰাশিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ অনুসৰি মে মাহৰ গ্ৰহগতি নানান দিশৰ পৰা লাভজনক প্ৰমাণিত হ’ব৷ এই মাহত তিনি বাৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব৷ ১মে বৃষ ৰাশিত বৃহস্পতিয়ে প্ৰৱেশ কৰিছে৷ ইয়াৰোপৰি এই মাহত বুধ, সূৰ্য আৰু শুক্ৰই ৰাশি পৰিবৰ্তন কৰিব৷ এই গ্ৰহ গোচৰৰ ফলত একাধিক ৰাজযোগ তৈয়াৰ হ’ব৷ ইয়াৰ মাজত অন্যতম হৈছে ত্ৰিগ্ৰহী ৰাজযোগ৷ বিভিন্ন গ্ৰহ যুঁটিৰ ফলত তিনিবাৰ এই ৰাজযোগ তৈয়াৰ হ’ব৷ প্ৰতিক্ষেত্ৰতেই ইয়াৰ শুভ প্ৰভাৱ পৰিব তিনি ৰাশিৰ ওপৰত৷ কোন কোন গ্ৰহই কেতিয়া ত্ৰিগ্ৰহী যোগ তৈয়াৰ কৰিব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ দিনটো আৰ্থিক দিশৰ পৰা শুভ৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ এই ৰাশিৰ জাতকৰ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ উচ্চশিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ আয়ৰ নতুন উৎস হাতলৈ আহিব৷ ভাগ্যৰ সংগ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ পৰিয়াল আৰু আৰ্থিক পৰিস্থিতিত মনোনিৱেশ কৰিব পাৰে৷ সাফল্য অৰ্জন কৰিব৷ চাকৰিয়াল আৰু ব্যৱসায়ী প্ৰচুৰ লাভাম্বিত হ’ব৷ কেৰিয়াৰত উন্নতিৰ যোগ৷ অপ্ৰত্যাশিত কোনো চাকৰি লাভ কৰিব পাৰে৷ এওঁলোকে পৰিশ্ৰমৰ ফল লাভ কৰিব৷ পুৰণা লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ ইয়াৰোপৰি ধন লাভৰ সম্ভাৱনা আছে৷ শুক্ৰৰ প্ৰভাৱত স্থাৱৰ সম্পত্তি ক্ৰয় কৰিব পাৰে৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

বৃষ ৰাশি

মে মাহত তিনিবাৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হোৱাত ভাগ্য চমকি উঠিব বৃষ ৰাশিৰ জাতকৰ৷ সমস্ত ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব৷ দীৰ্ঘদিন ধৰি পাবলগীয়া ধন এই সময়ত লাভ কৰিব৷ ইয়াৰোপৰি ধন-ধ্যান বৃদ্ধি পাব৷ আয়ৰ নতুন উৎস লাভ কৰিব এই ৰাশিৰ জাতকে৷ ইয়াৰ ফলত অৰ্থাভাৱৰ পৰা মুক্তি পাব৷ ইয়াৰোপৰি অৰ্থ সঞ্চয় কৰিলে সফল হ’ব৷ পাৰিবাৰিক বিবাদৰ সমাধান হ’ব আৰু পৰিয়ালৰ সৈতে শুভ সময় কটাব৷ বুদ্ধি, কৌশল আৰু বাকচাতুৰ্যৰ কাৰণে নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে৷ আপোনাৰ কাম আৰু একাগ্ৰতা দেখি কৰ্মস্থানৰ উচ্চপদস্ত বিষয়াসকল প্ৰসন্ন হ’ব৷ পদোন্নতি আৰু বেতনবৃদ্ধি সম্ভৱ৷ স্বাস্থ্য ভালে থাকিব৷

মিথুন ৰাশি

এই ৰাশিৰ জাতকৰ বাবে মে মাহত গঠিত ৰাজযোগসমূহ লাভজনক৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সময় শুভ৷ নতুন উৎসৰ পৰা আয় বৃদ্ধি হ’ব৷ ইয়াৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ শ্বেয়াৰ মাৰ্কেট, ষ্টক মাৰ্কেটৰ সৈতে জড়িত জাতকৰ বাবে মে মাহ অত্যন্ত লাভজনক৷ এই ৰাশিত অঙ্গাৰক যোগৰ প্ৰভাৱ থকাৰ বাবেই শুভ সময় অতিবাহিত কৰিব৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *