নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

নৱবৰ্ষৰ প্ৰথম দিনাই ত্ৰিপুষ্কৰ যোগ, প্ৰথম ব’হাগৰ দিনটোত লক্ষ্মীৰ কৃপা লাভ কৰিব এই ৫ৰাশিয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কাইলৈ ১৪ এপ্ৰিল ২০২৪ৰ দেওবাৰ পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথি। চন্দ্ৰ কাইলৈ মিথুন ৰাশিত দিনজুৰি থাকিব। ইয়াৰোপৰি কাইলৈ হৈছে প্ৰথম ব’হাগ। কাইলৈ আৰম্ভ হ’ব ১৪৩১ অসমীয়া নতুন বছৰ। এইদিনটোক বিশেষভাৱে পালন কৰে প্ৰতিজন অসমীয়াই। ইয়াৰোপৰি কাইলৈ পালিত হ’ব চ’ত নৱৰাত্ৰি ষষ্ঠী। কাইলৈ পূজা কৰা হ’ব দেৱী কাত্যায়নীৰ। কাইলৈৰ দিনটোত আছে কেইবাটাও শুভ যোগ।

এই শুভ যোগসমূহ হৈছে সুকৰ্ম যোগ, ত্ৰিপুষ্কৰ যোগ আৰু ৰবি যোগ। ইয়াৰোপৰি কাইলৈ দেওবাৰে থাকিব আদ্ৰা নক্ষত্ৰৰ প্ৰভাৱ। ইয়াৰ ফলত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব। জ্য়োতিষ অনুসৰি দেওবাৰ হৈছে সূৰ্য দেৱতাৰ নিজৰ দিন। ইয়াৰোপৰি চ’ত নৱৰাত্ৰি চলি থকাৰ বাবে এই সময়ত মা দূৰ্গাৰ আশীৰ্বাদ আপুনি লাভ কৰিব। জ্য়োতিষবিদে জনোৱা অনুসৰি এইসমূহ শুভ যোগৰ কাৰণে প্ৰথম বহাগৰ দিনটো সুখকৰ হ’ব কেইটামান ৰাশিৰ জাতকৰ। জানি থওক কাইলৈ জ্য়োতিষ গণনা অনুসৰি সৌভাগ্য লাভ হ’ব কোন কোন পাঁচ ৰাশিৰ?

মেষ ৰাশি

১৪ এপ্ৰিল শুভ হ’ব মেষ ৰাশিৰ জাতকৰ বাবে। কাইলৈ আপোনাৰ মনত প্ৰচুৰ আনন্দ থাকিব। নিজৰ বুদ্ধিৰে কাইলৈ আপুনি সকলো কাম কৰিব পাৰিব। কাইলৈ বছৰৰ প্ৰথম দিনটো আপুনি আনন্দৰে কটাব। পৰিয়ালৰ সৈতে শুভ সময় কটাব। ব্য়ৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ সম্ভাৱনা আছে। সমাজত জনপ্ৰিয়তা বাঢ়িব মেষ ৰাশিৰ জাতকৰ।

 মিথুন ৰাশি

ত্ৰিপুষ্কৰ যোগৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতকে কাইলৈ ভাল খবৰ পাব পাৰে। কাইলৈ বছৰৰ প্ৰথম দিনটোত আপুনি বন্ধুৰ সৈতে শুভ সময় কটাব। পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰিব মিথুন ৰাশিৰ জাতকে। ইয়াৰ ফলত নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ থাকিব আপোনাৰ।

বৃশ্চিক ৰাশি

কাইলৈ সুকৰ্ম যোগৰ শুভ ফল লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। কাইলৈ পৰিয়ালৰ লোকৰ সৈতে ভাল সময় কটাব। প্ৰথম বহাগৰ দিনটো উদ্যমৰে কটাব আপুনি। কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ পৰিচয় হ’ব। আৰ্থিকভাৱে কাইলৈ লাভৱান হ’ব পাৰে বৃশ্চিক ৰাশিৰ জাতক।

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব। নতুন বছৰৰ প্ৰথম দিনাই কোনো আইনী জটিলতাৰ পৰা মুক্তি লাভ কৰিব। শত্ৰু পৰাস্ত হ’ব। অৰ্থ সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত কাইলৈ ল’ব পাৰে। ৰবি যোগৰ শুভ প্ৰভাৱত কাইলৈ সকলো সমস্যাৰ পৰা মুক্তি পাব ধনু ৰাশিৰ জাতকৰ। ব্যৱসায়ত কাইলৈ ডাঙৰ সিদ্ধান্ত ল’ব পাৰে আপুনি।

মীন ৰাশি

১৪এপ্ৰিল লাভজনক হ’ব মীন ৰাশিৰ জাতকৰ বাবে। স্বাস্থ্যও কাইলৈ উন্নিত হ’ব। দেওবাৰে ছুটিৰ দিনটো আনন্দেৰে কটাব। সংগীৰ সৈতে সম্পৰ্ক গাঢ় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *