বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

বুদ্ধ পূৰ্ণিমাত গজকেশৰী যোগ, সুনাম অৰ্জন, ধন লাভ সম্ভৱ কন্যাসহ ৬ৰাশিৰ 

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বৃহস্পতিবাৰে ২৩মেত চন্দ্ৰই আজি মঙলৰ ৰাশি বৃশ্চিকৰ বিচৰণ কৰিব৷ বৃহস্পতিয়ে আজি বৃষ ৰাশিত বিৰাজ কৰি থাকিব৷ আজি চন্দ্ৰ আৰু বৃহস্পতিয়ে এটাই আনটোৰ কেন্দ্ৰ স্থানত উপস্থিত থাকিব৷ ইয়াৰ ফলত তৈয়াৰ হ’ব গজকেশৰী যোগ৷ ইয়াৰোপৰি আজি বৌদ্ধ পূৰ্ণিমা তিথি৷ বুদ্ধ পূৰ্ণিমাৰ এই শুভ দিনটোত থাকিব সিদ্ধ যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ, অনুৰাধা নক্ষত্ৰৰ শুভ সংযোগ৷ ইয়াৰ ফলত আজিৰ দিনটোত মাহাত্ম্য বৃদ্ধি পাব পাৰে৷ একাধিক ৰাশিৰ জাতকে আত্মবিশ্বাসৰ সৈতে কাম কৰে৷ কামত বৃহৎ সাফল্য লাভ সম্ভৱ৷ সুখ-সমৃদ্ধি বাঢ়িব কেইটামান ৰাশিৰ জাতকৰ৷ বুদ্ধ পূৰ্ণিমাত কোন কোন ৰাশি লাভাম্বিত হ’ব? জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ আজিৰ দিনটো শুভ৷ অসম্পূৰ্ণ ইচ্ছাপূৰণ হ’ব৷ মনত আনন্দ থাকিব৷ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিব৷ কোনো প্ৰকল্পৰ কামত ব্যস্ত থাকিব৷ কামত সাফল্য লাভ সম্ভৱ৷ ছাত্ৰ-ছাত্ৰীসকলে পছন্দৰ বিষয় বাচনি কৰি সেই বাটেৰে আগবাঢ়িলে সফল হ’ব৷ সন্ধিয়া কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে৷ মান-সন্মন বৃদ্ধি পাব৷ আত্মবিশ্বাসৰ সৈতে সমস্ত কাম সম্পন্ন কৰিব৷ নিজৰ কামত গৰ্ব অনুভৱ কৰিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ আজিৰ দিনটো নানান সমস্যাৰে ভৰি থাকিব৷ কামত সমস্যা আহিব পাৰে৷ কঠোৰ পৰিশ্ৰম কৰিলে সফলতা আহিবই৷ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সমস্যা আহিব পাৰে৷ কামত সমস্যা বৃদ্ধি পাব পাৰে৷ কামত মনোনিৱেশ কৰাটো জৰুৰী৷ কামত ধৈৰ্য্য ৰাখক৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আগবাঢ়ক৷ পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে ভাল সময় কটাব৷ ৬৮শতাংশ ক্ষেত্ৰত ভাগ্যৰ সংগ পাব৷ গায়ত্ৰী মন্ত্ৰ পাঠ কৰক৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ আজিৰ দিনটো খুবেই ভাল৷ কামচ সফলতা লাভ সম্ভৱ৷ কামত দীৰ্ঘদিনীয়া কোনো সমস্যা থাকিলে সমাধান পাব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰম কৰিলে ফল পাব৷ স্বাস্থ্যৰ যত্ন লওক৷ কামত ধৈৰ্য্য বজাই ৰাখক৷ বন্ধু আৰু পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী৷ ভাগ্যৰ ৯১শতাংশ ক্ষেত্ৰত সহায় পাব৷ বজৰংবলীক সেন্দুৰ নিবেদন কৰক৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ আজিৰ দিনটো কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হ’ব৷ নিজৰ ওপৰত নিয়ন্ত্ৰণ বজায় ৰাখক৷ সাৱধানে কামত আগবাঢ়ক৷ ক্লান্ত আৰু চিন্তিত থাকিব৷ নিজৰ ওপৰত ভৰসা ৰাখক৷ জীৱনত নতুন কিছু ঘটিব পাৰে৷ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটোৱাৰ সুযোগ পাব৷ ৬৬শতাংশ ক্ষেত্ৰত ভাগ্যবান আপুনি৷ বিষ্ণুৰ আৰাধনা কৰক৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ আজিৰ দিনটো অত্যন্ত কঠিন৷ সমস্যা মোকাবিলাৰ বাবে কঠিন পৰিশ্ৰম কৰিব লাগিব৷ ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ’ব৷ ধৈৰ্য আৰু কঠিন পৰিশ্ৰম কৰি লক্ষ্য লাভৰ চেষ্টা কৰক৷ আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুবৰ্ণ সুযোগ পাব এই ৰাশিৰ জাতক৷ আপোনজনৰ সৈতে সময় কটাব৷ আৰ্থিক বিষয়ত মনোনিৱেশ কৰক৷ ব্যয় নিয়ন্ত্ৰণত ৰাখক৷ আৰ্থিক পৰিস্থিতি উন্নতিৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰক৷ ৭৮ শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাৰ সংগ দিব৷ শিৱ চালিছা পাঠ কৰক৷

কন্যা ৰাশি

কন্যা ৰাশিত জাতকৰ আজিৰ দিনটো খুব ভাল৷ অসম্পূৰ্ণ ইচ্ছাপূৰণ হ’ব৷ নিজৰ কামত ব্যস্ত থাকক৷ কোনো প্ৰকল্পৰ কাম কৰাৰ সুযোগ পাব৷ ছাত্ৰ-ছাত্ৰীৰ পছন্দৰ বিষয়ত সাফল্য লাভ কৰিব৷ পঢ়াশুনাত উন্নতি সম্ভৱ৷ সন্ধিয়াবেলা স্বাভাৱিক গতিবিধিত অংশগ্ৰহণ কৰিব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মান-সন্মান বাঢ়িব৷ ভাগ্যই ৬৫শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ দিব৷ সৰস্বতীৰ পূজা কৰক৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ আজিৰ দিনটো খুবেই শুভ৷ কামত সফল হ’ব৷ পৰিশ্ৰমৰ ফল হাতে হাতে পাব৷ কৰ্মক্ষেত্ৰত সতৰ্ক থকা জৰুৰী৷ বিৰোধীৰ পৰা সতৰ্ক হৈ থাকক৷ কাৰো ওপৰত ভৰসা নকৰিব৷ নিজৰ চিন্তাভাৱনা নিয়ন্ত্ৰণত ৰাখক৷ শান্তভাৱে সকলো চিন্তা কৰি আগবাঢ়ক৷ ব্যয় বাঢ়িব, ইয়াৰ ফলত অৰ্থাভাৱ অনুভূত হ’ব পাৰে৷ ভাগ্যই ৮৮শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ পাব৷ বগা বস্তু দান কৰক৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ আজিৰ দিনটো অত্যন্ত কঠিন৷ দৈনন্দিন কাম সম্পন্ন কৰিবলৈ সতৰ্কতা অৱলম্বন কৰক৷ হঠাৎ কোনো সমস্যাই জৰ্জৰিত কৰিব পাৰে৷ আত্মীয়সকলৰ পৰা বিশেষ উপহাৰ লাভ কৰিব পাৰে৷ দাম্পত্য জীৱনত প্ৰেম থাকিব৷ চাকৰিৰ প্ৰস্তুতি লৈছে যদি সু-সংবাদ লাভ কৰিব৷ ব্যয় নিয়ন্ত্ৰণত নাৰাখিলে সমস্যাই দেখা দিব পাৰে৷ কোনো কামৰ কাৰণে উৎসাহিত হ’ব পাৰে৷ সময়ৰ কাম সময়ত কৰক৷ চেলেঞ্জপূৰ্ণ দিন৷ ভাগ্যই ৭৬ শতাংশ আপোনাৰ পক্ষত থাকিব৷ শিৱলিংগত গাখীৰ নিবেদন কৰক৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকে আজি নিজৰ কামত সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ কোনো লগ্নিৰ দ্বাৰা ভাল ৰিটাৰ্ণ পাব পাৰে৷ চাকৰিয়াল জাতকৰ পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ আয়ৰ উৎস বাঢ়িব পাৰে৷ সম্পত্তি সংক্ৰান্তীয় কোনো খবৰ লাভ কৰিব পাৰে৷ আইনী গোচৰত জয়লাভ সম্ভৱ৷ জীৱনসংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে৷ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ থাকক৷ ভাগ্যই ৯৯শতাংশ আপোনাৰ পক্ষত৷ পিতৃ-মাতৃৰ আশীৰ্বাদ গ্ৰহণ কৰক৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ আজিৰ দিনটো অসাধাৰণ হ’ব৷ নিজৰ কামত সাফল্য লাভ সম্ভৱ৷ সপোনপূৰণৰ সূযোগ পাব৷ কেৰিয়াৰৰ বাবে এই সময় অত্যন্ত শুভ৷ নিজৰ ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে৷ কামত অধিক পৰিশ্ৰম কৰিব লাগিব এই ৰাশিৰ জাতকে? সুযোগৰ সদব্যৱহাৰ কৰক৷ ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো শুভ৷ পঢ়াশুনাত সাফল্য লাভ সম্ভৱ৷ প্ৰিয়জমৰ সৈতে সু-সময় কটাব৷ ভাগ্যই আজি ৯২ শতাংশ ক্ষেত্ৰত আপোনাৰ সংগ দিব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ আজিৰ দিনটো খুবেই ভাল৷ লাভ অৰ্জন কৰিব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলে ধন লাভ কৰিব পাৰে৷ আত্মীয়ৰ সৈতে বিবাদ হ’ব পাৰে৷ ভা৷আ নিয়ন্ত্ৰণত ৰাখক৷ অফিচ ৰাজনীতিৰ পৰা দূৰত থাকক৷ সন্ধিয়া প্ৰিয়জনৰ সৈতে সময় কটাব৷ বিনোদনত অৰ্থ ব্যয় কৰিব পাৰে৷ বিবাহযোগ্য জাতকে ভাল প্ৰস্তাৱ পাব পাৰে৷ নতুন ঘৰ ক্ৰয় কৰিব পাৰে৷ ব্যৱসায়ত সাফল্য লাভ সম্ভৱ৷ অৰ্থাভাৱ নাথাকিব৷ জীৱনৰ প্ৰতি ক্ষেত্ৰতেই সফলতা আহিব৷ ভাগ্যই ৯৬শতাংশ ক্ষেত্ৰত আপোনাৰ সহায় পাব৷ লক্ষ্মীৰ পূজা কৰক৷

মীন ৰাশি

মীন ৰাশিৰ জাতকে আজিৰ দিনটো কঠিন৷ স্বাস্থ্যৰ যত্ন লওক৷ কোনো অজান ৰোগত আক্ৰান্ত হ’ব পাৰে৷ স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক৷ আত্মীয়সকলৰ পৰা বিশেষ উপহাৰ পাব পাৰে৷ সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ পাব৷ দাম্পত্য জীৱনত প্ৰেম থাকিব৷ কামত ব্যস্ততা থাকিব৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ব্যয় নিয়ন্ত্ৰণত ৰখাটো জৰুৰী৷ ৬৫শতাংশ ক্ষেত্ৰত ভাগ্যই আপোনাৰ সহায় কৰিব৷ অশ্বত্থ গছত গাখীৰ মিশ্ৰিত পানী নিবেদন কৰক৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *