লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

লক্ষ্মীবাৰে লক্ষ্মীযোগ! সৌভাগ্যৰ গ্ৰাফ আকাশলংঘী হ’ব ৫ৰাশিৰ জাতকৰ, হাতলৈ আহিব ধন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কাইলৈ ২৮ মাৰ্চ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই শুক্ৰৰ ৰাশি তুলাত অৱস্থান কৰিব৷ কাইলৈ বুধ, বৃহস্পতি আৰু চন্দ্ৰ পৰস্পৰৰ পৰা সপ্তম, নৱম আৰু পঞ্চম স্থানত বিৰাজ কৰি ৰাজ যোগ গঠন কৰিব৷ ইয়াৰোপৰি কাইলৈ বৃহস্পতিবাৰে থাকিব লক্ষ্মী যোগ, হৰ্ষণা যোগ আৰু বজ্ৰ যোগ৷ ইয়াৰোপৰি কাইলৈ বৃহস্পতিবাৰে থাকিব প্ৰথমে স্বাতী নক্ষত্ৰ আৰু পিছবেলা বিশাখা নক্ষত্ৰৰ প্ৰভাৱ৷ পঞ্জিকা অনুসৰি কাইলৈ চ’ত মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া তিথি৷ জ্যোতিষ অনুসৰি বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ এই দিনটোত শ্ৰী বিষ্ণুৰ আৰাধনা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰিব কেইবাটাও ৰাশিৰ জাতকে৷ জ্যোতিষবিদে জনোৱা অনুসৰি কেইবাটাও শুভ যোগৰ কাৰণে কাইলৈ দিনটো বেছ লাভজনক হ’ব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ বৃহস্পতিবাৰে জ্যোতিষ গণনা অনুসৰি বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব ৫ৰাশিৰ জাতকে৷

মেষ ৰাশি
২৮মাৰ্চ ২০২৪ত বিশাখা নক্ষত্ৰৰ প্ৰভাৱত ভাগ্য খুলিব মেষ ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আনন্দেৰে পাৰ হ’ব মেষ ৰাশিৰ জাতকৰ৷ হঠাৎ হাতলৈ ধন আহিব পাৰে৷ অৰ্থলাভৰ লগতে সমাজত কাইলৈ আপোনাৰ সন্মান বৃদ্ধি পাব৷ কাইলৈ আপুনি যি কামতেই হাত নিদিয়ক কিয় সফলতা আহিবই৷ আৰ্থিক পৰিস্থিতি কাইলৈ উন্নীত হ’ব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব৷

সিংহ ৰাশি
বৃদ্ধি যোগৰ শুভ ফল কাইলৈ লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ মা লক্ষ্মীৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সংকট দূৰ হ’ব৷ পুৰণা কোনো অসুখৰ পৰা মুক্তি লাভ কৰিব৷ কাইলৈ বিশেষ সাহসৰ পৰিচয় দিব আপুনি৷ নিজৰ সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব সিংহ ৰাশিৰ জাতকে৷ প্ৰয়োজনীয় সময় পৰিয়ালৰ লোককো দিব পাৰিব এই ৰাশিৰ জাতকে৷

কন্যা ৰাশি
লক্ষ্মী যোগৰ প্ৰভাৱত ভাগ্য খুলিব কন্যা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ পাৰিবাৰিক জীৱনত সুখ আহিব আৰু নিজৰ সকলো বিৰোধীক আপুনি পৰাস্ত কৰিব পাৰিব৷ আপোনাৰ কামেৰেই কাৰ্যালয়ৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হ’ব আপুনি৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ৷ আইনী যুঁজত কাইলৈ জয়লাভ কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ত লাভ বাঢ়িব৷

বৃশ্চিক ৰাশি
স্বাতী নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই সৌভাগ্যই আপোনাক লগ দিব৷ প্ৰচুৰ এনাৰ্জিত কাইলৈ টগবগাই থাকিব আপুনি৷ ইয়াৰ ফলত নিজৰ সকলো কাম সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু পৰীক্ষাতো ভাল ফল লাভ কৰিব৷

মকৰ ৰাশি
কাইলৈ কোনো শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে মকৰ ৰাশিৰ জাতকে৷ ৰাজযোগৰ শুভ ফল লাভ কৰিব আপুনি৷ হঠাৎ ধনলাভো কৰিব পাৰে৷ দিনটো ব্যস্ততাতে পাৰ হ’লেও সন্ধ্যাবেলা বন্ধুৰ সৈতে আনন্দেৰে সময় কটোৱাৰ সুযোগ আহিব৷ পুৰণা বিনিয়োগৰ পৰা অৰ্থ লাভ হ’ব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰে৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *