কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

কাল পঞ্চমীত সৌভাগ্যৰ দুৱাৰ খুলিব! লক্ষ্মী-নাৰায়ণৰ কৃপাত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ১৯ অক্টোবৰত বৃহস্পতিবাৰে চন্দ্ৰত গোচৰ কৰিব ধনু ৰাশিয়ে। ইয়াৰ সৈতে তুলা ৰাশিত সূৰ্য, বুধ আৰু শুক্ৰৰ ত্ৰিগ্ৰহী যোগ তৈয়াৰ হ’ব। ইয়াৰোপৰি ১৯ তাৰিখে কাল শাৰদীয় পঞ্চমী। পঞ্চমীত দেৱীৰ স্কন্দমাতা ৰূপত পূজা কৰা হয়। এই শুভ দিনতেই গঠিত হ’ব কেইবাটাও শুভ যোগ। এইসমূহ হৈচে ৰবি যোগ, সৌভাগ্য যোগ আৰু শোভন যোগ। ইয়াৰ সৈতে থাকিব জ্যেষ্ঠ্যা নক্ষত্ৰ। এই শুভ যোগত কাল মা লক্ষ্মী আৰু বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিব এইকেইটা ৰাশিৰ জাতকে।

বৃষ ৰাশি
১৯ অক্টোবৰত শ্ৰীবিষ্ণুৰ আশীৰ্বাদত ভাগ্য উদয় হ’ব বৃষ ৰাশিৰ জাতকৰ। নিজৰ কেৰিয়াৰ আৰু আৰ্থিক অৱস্থা টনকীয়াল কৰাৰ সুযোগ লাভ কৰিব এই ৰাশিৰ জাতকে। কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰাৰ সুযোগ লাভ কৰিব। পৰিয়ালৰ সৈতে সুখৰ সময় অতিবাহিত কৰিব। ব্যৱসায়ত লাভৰ যোগ আছে। নতুন বন্ধুপ্ৰাপ্তিৰো যোগ আছে বৃষ ৰাশিৰ জাতকৰ।

কন্যা ৰাশি
বৃহস্পতিবাৰে যি কামেই হাতত নিদিয়ক কিয় লাভৰ মুখ দেখিব কন্যা ৰাশিৰ জাতকে। নিজৰ লক্ষ্য স্থিৰে ৰাখিব। আপোনাৰ যোগাযোগৰ ক্ষমতা বাঢ়িব। চাকৰিয়ালসকলৰ হাহে নতুন কোনো সাফল্য লাভ কৰিব। নতুন কোনো ব্যৱসায়িক চুক্তি লাভ কৰিব। পৰিয়ালৰ যাৱতীয় সমস্যা সমাধান কৰিব পাৰিব কন্যা ৰাশিৰ জাতকে।

তুলা ৰাশি
সৌভাগ্যৰ যোগ আছে তুলা ৰাশিৰ জাতকৰো। ব্যৱসায়ত লাভ। জনপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনা আছে তুলা ৰাশিৰ জাতকৰ। প্ৰেমৰ দিশতো শুভ। বন্ধুৰ সৈতে যাৱতীয় জটিলতা দুৰ হৈ ভাল সময় কটাব এই ৰাশিৰ জাতকে। সন্তানৰ পৰাও শুভ সংবাদ লাভ কৰিব তুলা ৰাশিৰ জাতকে।

মকৰ ৰাশি
লক্ষ্মীৰ কৃপাত পাবলগীয়া ধন লাভ কৰিব মকৰ ৰাশিৰ জাতকে। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ’ব। নতুন কিছু মানুহৰ সৈতে আলাপ হ’ব। এই পৰিচয়েই আপোনাৰ লাভৰ ৰাস্তা খুলিব। অফিচতো ভাল পাৰ্ফৰমেন্স দেখুৱাব মকৰ ৰাশিৰ জাতকে। স্বাস্থ্য ভালে থাকিব লগতে কামৰ বাবে প্ৰচুৰ এনাৰ্জী থাকিব।

মীন ৰাশি
এই দিনটো মীন ৰাশিৰ জাতকৰ বাবেও অতি শুভ। সকলোৰে সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব পাৰিব। ব্যৱসায়তো লাভৰ যোগ আছে। কৰ্মক্ষেত্ৰত অনুকূল পৰিবেশ। সহকৰ্মী আৰু বছৰ সৈতে ভাল সম্পৰ্ক বৰ্তাই ৰখাত সফল হ’ব। ভাল কোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ অফাৰো লাভ কৰিব এই ৰাশিৰ জাতকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *