সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

সাৱধান হওক! ফেছিয়েল কৰাবলৈ গৈ HIVত আক্ৰান্ত ৩মহিলা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বিশেষ কছমেটিক চিকিৎসা ‘ভেম্পায়াৰ ফেছিয়েল’ৰ ইঞ্জেকশ্ব্যনক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰত তিনিগৰাকী মহিলা এইডছত আক্ৰান্ত হৈছে৷ আমেৰিকাৰ দক্ষিণ পশ্চিমাঞ্চলীয় অংগৰাজ্য নিউ মেক্সিকোৰ সকলোতকৈ জনবহুল চহৰ আলবুকাৰ্কত এই ঘটনা৷ মাৰ্কিন চৰকাৰৰ কেন্দ্ৰীয় ৰোগ নিয়ন্ত্ৰক আৰু প্ৰতিৰোধ সংস্থা চেণ্টাৰ ফল ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেনশ্ব্যনে সোমবাৰে এক বিবৃত্তি দিছে৷

বিবৃত্তিত উল্লেখ থকামতে, মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে৷ কছমেটিক ইঞ্জেকশ্ব্যনৰ মাধ্যমেৰে এইডছৰ সংক্ৰমণ ঘটিছে৷ নিউ মেক্সিকোত থকা এই স্পাখনৰ কোনো লাইচেঞ্চো নাছিল বুলি প্ৰকাশ কৰিছে স্বাস্থ্য সংস্থাটোৱে৷ ২০১৮ চনত এই স্পা বন্ধও কৰিছিল প্ৰশাসনে৷ বৰ্তমানো এই স্পাৰ মালিক কাৰাগাৰতেই আছে৷ শেহতীয়া সেই স্পাত ফেছিয়েল কৰা এগৰাকী মহিলাৰ শৰীৰত এইডছৰ বীজাণু লাভ কৰাৰ পাছতেই সষ্টম হৈ পৰিছে প্ৰশাসন৷

মহিলাগৰাকীয়ে সেই স্পাত ভেম্পায়াৰ ফেচিয়েল কৰিছিল৷ ভাইৰেল খবৰ অনুসৰি তেওঁলোকে একেই সা সৰঞ্জাম একাধিকবাৰ ব্যৱহাৰ কৰাৰ ফলতেই এই ৰোগ বিয়পিছে৷ স্বাস্থ্য সংস্থাৰ ৰিপৰ্ট অনুসৰি বৰ্তমানলৈকে সেই স্পা লৈ যোৱা তিনিগৰাকী মহিলাৰ শৰীৰত এইডছৰ বীজাণু ধৰা পৰিছে৷ এই ৩ মহিলাৰ কোনো অনিৰাপদ যৌন সম্পৰ্কও নাছিল৷ তেওঁলোকে কোনো এইডছ ৰোগীৰ পৰা তেজো গ্ৰহণ কৰা নাছিল৷

এই ঘটনাৰ পাছতেই স্পাত তন্নতন্নকৈ স্বাস্থ্যকৰ্মীৰ দলে পৰীক্ষা চলাইছে৷ পৰীক্ষাত লাভ কৰা তথ্য অনুসৰি তেওঁলোকে ভেম্পায়াৰ ফেচিয়েলৰ বাবে ব্যৱহাৰ কৰা ইঞ্জেকছনতেই এই বীজাণুৰ সন্ধান লাভ কৰিছে৷ ৩গৰাকী আক্ৰান্ত মহিলাৰ ভিতৰত দুগৰাকীৰ শৰীৰত ২০১৮ চনত এই বীজাণু ধৰা পৰিছে আৰু তৃতীয়গৰাকীৰ শৰীৰত চলিত বৰ্ষতেই এই বীজাণুৰ সন্ধান পোৱা গৈছে৷

বহুল প্ৰচলিত ভেম্পায়াৰ ফেছিয়েল কি?

বয়সৰ সৈতে ছাল সোতোৰা পৰে৷ চালৰ সৌন্দৰ্য ধৰি ৰখাৰ বাবে পুষ্টিকৰ খাদ্য, নামীদামী প্ৰসাধনী ব্যৱহাৰ কৰিও যদি আশানুৰূপ ফল লাভ নহয় তেন্চতে বহুতেই এই চিকিৎসা কৰাবলৈ আগবাঢ়ি আহে৷ এই ফেছিয়েলৰ সহায়ত বালিৰেখা, দাগ আদি আঁতৰাই দিব পাৰি৷ যিসকল ব্যক্তিয়ে এই ফেছিয়েল কৰিব বিচাৰে তেওঁলোকৰ শৰীৰৰ পৰা প্ৰথমে তেজৰ নমুনা সংৰক্ষণ কৰা হয়৷ তাৰপাছতেই সেই তেজৰ পৰা প্লাজমা পৃথক কৰা হয়৷ ছালৰ ওপৰৰ স্তৰত সেই বিশেষ তৰণ প্ৰৱেশ কৰোৱা হয় বেজীৰ জৰিয়তে৷ যাৰফলত নতুন কোষ তৈয়াৰ হয়৷ পুৰণি দাগ আঁতৰাই ছালত নতুনকৈ প্ৰটিন আৰু কোলাজেন উৎপাদন হ’ব ধৰে৷ এই সমগ্ৰ পদ্ধতিত এনাছথেচিয়াও প্ৰয়োগ কৰা হয়৷ এই কাম কৰোতে সেয়ে ছালত কোনো বিষ অনুভৱ নকৰে৷ কিন্তু এই ফেচিয়েলত বেজীৰ ব্যৱহাৰ হয়৷ সেয়ে এই পদ্ধতিত ব্যৱহাৰ কৰা বেজী পৰিস্কাৰ পৰিচ্ছন্ন হোৱাটো খুবেই জৰুৰী৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *