ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয়  কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

ভাৰতত থাকিলেও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব! আলিয়া, নৰা, জেকলিন, কেটৰীনাই কিয়  কাহানিও ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ভাৰতত?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আৰম্ভ হৈছে লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত অসম, পশ্চিমবংগ, চেন্নাইসহ কেইবাখনো ৰাজ্যৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ১ জুন পৰ্যন্ত চলিব ভোটগ্ৰহণ পৰ্ব। ৪ জুনত দিয়া হ’ব নিৰ্বাচনী ফলাফল। ৪তাৰিখে স্পষ্ট হ’ব কোন দলে চৰকাৰ গঠন কৰিব।  এপ্ৰিল-মে মাহ ধৰি চলিব সমগ্ৰ দেশৰ প্ৰথম দফাৰ নিৰ্বাচন। বলীউডৰ চেলিব্ৰিটিসকলেও ভোটদানৰ বাবে আগুৱাই আহি তেওঁলোকৰ অনুৰাগীলৈ এৰিছে বিশেষ বাৰ্তা। ভোটদানৰ অধিকাৰ গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰ সাব্যস্ত কৰক।

কিন্তু এইবাৰ নিৰ্বাচনত ভোটগ্ৰহণ কৰিব নোৱাৰিব ৰণবীৰ কাপুৰৰ পত্নী তথা অভিনেত্ৰী আলিয়া ভাট্টে। কেৱল এইবাৰেই নহয় আজীৱন তেওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক উৎসৱত অংশগ্ৰহণ কৰিব নোৱাৰিব। ইয়াৰ অন্যতম কাৰণ হৈছে আলিয়া ভাট্ট ভাৰতৰ নাগৰিক নহয়। আলিয়া ভাট্ট ভাৰতত থাকিলেও তেওঁৰ ব্ৰিটেইনৰ নাগৰিকত্ব আছে। ইয়াৰ কাৰণ আলিয়াৰ মাতৃ ছনি ৰাজদান ব্ৰিটেইনৰ নাগৰিক। সেই হিচাপেই আলিয়াই ব্ৰিটেইনৰ নাগৰিকত্ব গ্ৰহণ কৰিছে।

আলিয়াৰ ভাৰতত নাগৰিকত্ব নথকাৰ বাবেই তেওঁ ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে। কেৱল আলিয়াই নহয় কেটৰীণা কাইফ, ইমৰাণ খান, জেকলিন ফাৰ্নাণ্ডেজ, নৰা ফাতেহিসহ বহুতেই ভাৰতত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *