আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শ্ৰী কৃষ্ণ হৈছে বিশ্বৰ ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ শিক্ষক৷ তেওঁ মৰ্ত্যবাসীক ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ বাণী শিকাই গৈছে৷ তেওঁৰ মুখেৰে ওলোৱা বাণীয়েই হিন্দুৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ভাগৱত গীতাৰ সৃষ্টি কৰিছে৷ শ্ৰী কৃষ্ণৰ মুখৰ ভিতৰতেই বিশ্বৰূপৰ দৰ্শন পাইছিল অৰ্জুনে৷ ভাদ মাহৰ কৃষ্ণপক্ষত জন্মলোৱা শ্ৰী কৃষ্ণৰ শাৰীৰিক গঠনৰো কেইবাটাও বৈশিষ্ট্য আছে৷ শ্ৰী কৃষ্ণৰ শৰীৰত কেইটামান বিশেষ চিহ্ন আছে৷ এই চিহ্নসমূহ সাধাৰণ মানুহৰ গাত থকাটো অত্যন্ত শুভ বুলি কোৱা হয়৷

শ্ৰী কৃষ্ণৰ শৰীৰত থকা এই চিহ্নসমূহ কোনো লোকৰ শৰীৰত থাকিলে তেওঁৰ ওপৰত স্বয়ং শ্ৰী কৃষ্ণৰ আশীৰ্বাদ থাকে৷ জানি লওক শ্ৰী কৃষ্ণৰ শৰীৰত থকা এই চিহ্নসমূহৰ বিষয়ে৷ শ্ৰী কৃষ্ণৰ ভৰিৰ পতাত অৰ্ধচন্দ্ৰৰ দৰে এটা চিহ্ন আছিল বুলি শাস্ত্ৰত উল্লেখ আছে৷ মহাদেৱৰ মূৰতো অৰ্ধচন্দ্ৰ থাকে৷ কোনো ব্যক্তিৰ শৰীৰত যদি অৰ্ধচন্দ্ৰৰ দৰে চিহ্ন থাকে তেন্তে এয়া অত্যন্ত শুভ বুলি কোৱা হয়৷ এনে ব্যক্তিয়ে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰে৷

শঙ্খ
শ্ৰী কৃষ্ণৰ ভৰিৰ পতাত শংখ আকৃতিৰ চিহ্ন আছিল৷ শংখই আমাৰ অন্তৰাত্মা আৰু বিবেকক শুদ্ধ কৰি তোলে৷ শৰীৰৰ কোনো এলেকাত শংখৰ দৰে চিহ্ন থাকিলে সেয়া অত্যন্ত শুভ৷ ইয়াৰ প্রভাৱত জাতকৰ জীৱনলৈ সুখ, শান্তি আৰু সাফল্য আহিব৷

মাছ
শ্ৰী কৃষ্ণৰ ভৰিত মাছৰ দৰেও চিহ্ন আছিল৷ হিন্দু ধৰ্মত মাছ হ’ল বিষ্ণুৰ অন্যতম অৱতাৰ৷ আপোনাৰ শৰীৰতো যদি মাছৰ দৰে চিহ্ন আছে তেন্তে শ্ৰী কৃষ্ণৰ আশীৰ্বাদত সমাজত মান সন্মান বৃদ্ধি পাব৷

তীৰ
শ্ৰী কৃষ্ণৰ ভৰিত তীৰৰ দৰে চিহ্ন থকাটোও শুভ৷ এই চিহ্ন যাৰ শৰীৰত আছে সেই ব্যক্তিয়ে জীৱনত যিকোনো পৰিস্থিতিতেই হাৰি নাযায়৷ শৰীৰৰ ভৰিৰ ফালে এই চিহ্ন থকাটোৱে ব্যক্তিজনৰ জীৱনত সুখৰ আগমন হোৱাৰ ইংগিত দিয়ে৷

ত্ৰিভূজ
শ্ৰী কৃষ্ণৰ ভৰিৰ পতাত ত্ৰিভূজাকৃতি চিহ্ন আছিল৷ আপোনাৰ গাতো ত্ৰিভূজৰ দৰে চিহ্ন যদি আছে তেন্তে আপুনিও জীৱনত সফল হ’ব৷ জীৱনত প্ৰচুৰ ধনলাভ কৰাৰো যোগ আছে৷ এওঁলোকে খুব সুন্দৰ ৰূপত অন্যৰ সৈতে বাৰ্তালাপ কৰিব পাৰে৷

কানত তিল
কাণত তিল থকাটো অত্যন্ত শুভ৷ যিসকল ব্যক্তিৰ কাণত তিল থাকে তেওঁলোকৰ জীৱনত খুব বেছি পৰিশ্ৰম নকৰাকৈয়ে সফলতা আহে৷

হাতত তিল
শ্ৰী কৃষ্ণৰ মতে হাতত তিল থকা ব্যক্তিয়ে জীৱনত কঠোৰ পৰিশ্ৰমী আৰু সৰল প্ৰকৃতিৰ হয়৷ এওঁলোকৰ বিবাহিত জীৱন সুখৰ হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *