কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

কুম্ভত অস্ত যাব শনি, আগন্তুক ১মাহত ৫ ৰাশিৰ হোৰাহোৰে বাঢ়িব বেংক বেলেন্স

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কুম্ভ ৰাশিত অস্ত যাব শনি। জ্যোতিষ শাস্ত্ৰ অনুসৰি কোনো গ্ৰহ অস্ত গ’লে তাৰ প্ৰভাৱ কমি যায়। ১১ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত শনি অস্ত যোৱাৰ পাছত বেছ কিছু ৰাশিৰ জাতকৰ ওপৰত শনিৰ দুৰ্বলতাৰ প্ৰভাৱ পৰিব। ইয়াৰোপৰি কুম্ভ ৰাশিত শনিৰ অস্ত দশা ৫ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। শনি অস্ত যোৱাৰ ফলত কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব জানি থওক সবিশেষ।

মেষ ৰাশি
মেষ ৰাশিত শনিৰ তৃতীয় দৃষ্টি থাকিব। এই পৰিস্থিতিত শনি কুম্ভ ৰাশিত অস্ত যোৱাৰ পাছত প্ৰতিকূল প্ৰভাৱ কমিব। বৃহস্পতিয়েও মেষ ৰাশিত বিচৰণ কৰি আছে। এপ্ৰিল মাহত মেষ ৰাশিৰ পৰা বাহিৰলৈ আহি বৃষ ৰাশিত প্ৰৱেশ কৰিব। এই পৰিস্থিতিত অস্ত শনিয়ে মেষ ৰাশিৰ জাতকৰ ওপৰত প্ৰতিকূল প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। শনিৰ প্ৰভাৱত মেষ ৰাশিৰ জাতকৰ উন্নতিৰ পথ প্ৰশস্ত হ’ব। ধৰ্মীয় কামত মনোনিৱেশ কৰিব। যাত্ৰা কৰিব পাৰে। এই সময় আপোনাৰ খুবেই শুভ।

মিথুন ৰাশি
কুম্ভ ৰাশিত শনি অস্ত যোৱাৰ পাছতেই মিথুন ৰাশিৰ জাতকৰ ভাগ্যোদয় হ’ব। এই সময়ত বিদেশী উৎসৰ পৰা ধন লাভ কৰিব পাৰে মিথুন ৰাশিৰ জাতকে। পেছাগত জীৱনতো এই সময় শুভ। এই সময়ত আপুনি ভাল ৰিটাৰ্ণ লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত ভাল মুনাফা অৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতকে। অধিক ধন লাভৰ লগতে সাফল্য অৰ্জন কৰিব পাৰে। ব্যক্তিগত জীৱনত সংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব। আনন্দৰ মুহূৰ্ত কটাব। স্বাস্থ্য ভালেই থাকিব।

কৰ্কট ৰাশি
শনিৰ অস্ত দশাৰ কাৰণে ধন লাভৰ ওপৰিও একাধিক ভাল সুযোগ আহিব কৰ্কট ৰাশিৰ জাতকলৈ। এই সময়ত চাকৰিত পৰিবৰ্তন আহিব। এই পৰিবৰ্তন আপোনাৰ বাবে খুবেই ভাল। চাকৰি পৰিবৰ্তনৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু স্থায়ীত্ব বৃদ্ধি পাব। ইয়াৰোপৰি এই সময়ত কামত সাফল্য লাভৰ উচ্চ সম্ভাৱনা। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব। স্বাস্থ্যজনিত সমস্যা দূৰ হ’ব।

সিংহ ৰাশি
স্বৰাশিত অস্ত যোৱাৰ বাবে শনি সিংহ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। কৰ্মক্ষেত্ৰত সন্তুষ্ট থাকিব। বন্ধুৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কেৰিয়াৰৰ বাবে এই সময় শুভ। চাকৰিৰ কাৰণে দূৰ যাত্ৰা কৰিব পাৰে। সহকৰ্মীসকলৰ বাবে কিছু সমস্যা আহিব পাৰে। ব্যৱসায়ীসকলেও কাজকৰ্মত অনুকূল পৰিণাম লাভ কৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব।

বৃশ্চিক ৰাশি
শনি অস্ত যোৱাত বৃশ্চিক ৰাশিৰ জাতকে ইয়াৰ ইতিবাচক পৰিণাম পাব। এই ৰাশিত শনিৰ দশম দৃষ্টি থাকিব। এই পৰিস্থিতিত এই ৰাশিৰ জাতকৰ ওপৰত শনিৰ দুষ্প্ৰভাৱ কমিব। স্বাস্থ্যৰ দিশৰ পৰাও এই সময় শুভ। চাকৰিয়াল জাতকৰ বাবে এই সময় অত্যন্ত ভাল। কেৰিয়াৰত বহু প্ৰতীক্ষিত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *