বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?

বিশেষ চাৰিটা ৰাশিৰ জাতকে বেয়া সময়ৰ মোকাবিলাৰ কিটিপ জানে! তেওঁলোকৰ শক্তিৰ উৎস কি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ অনুসৰি বিভিন্ন ৰাশিৰ জাতকৰ চাৰিত্ৰিক বৈশিষ্ট্য থাকে। বিভিন্ন ৰাশিৰ জাতকৰ স্বভাৱ চৰিত্ৰ পৃথক পৃথক। কেতিয়াবা কিছুমান ৰাশিৰ দিন বেয়া চলিলে দাতে দাতে লাগিলেও যুদ্ধ হয়। জ্যোতিষ অনুসৰি সমগ্ৰ ৰাশিচক্ৰৰ মাজত চাৰি ৰাশিৰ জাতক মানসিকভাৱে শক্তিশালী। কিন্তু কেতিয়াবা এই ৪ৰাশিৰ জীৱনলৈকো বেয়া দিন আহে। বেয়া সময়খিনি কিন্তু তেওঁলোকৰ অত্যধিক বেয়া হয়। কিন্তু যিমানেই দুৰ্ভাগ্য নাহক কিয় কেইটামান ৰাশিৰ জাতক কেতিয়াও হাৰ নামানে।

ধনু ৰাশি
অত্যন্ত আত্মবিশ্বাসী আৰু স্বাধীনচেতীয়া হয় ধনু ৰাশিৰ জাতকসকল। বেয়া সময় আহিলেও এই ৰাশিৰ জাতক হাৰ নামানে। বৰং বেয়া সময়ৰ পৰা শিক্ষা লৈ ভৱিষ্যতৰ উন্নতিৰ বাটত খোজ দিবলৈ যত্ন কৰে এই ৰাশিৰ জাতকে। বেয়া সময়ত নিজকে মানসিকভাৱে সুখী কৰাৰ মন্ত্ৰণা এই ৰাশিৰ জাতকে জানে।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক দৃঢ় আৰ নিজৰ লক্ষ্যৰ প্ৰতি স্থিৰ। এওঁলোকৰ জীৱনলৈকে মাজে মাজে বেয়া সময় আহে। কিন্তু সেই বেয়া সময়ত তেওঁলোক ভাঙি নপৰি যুঁজ কৰে। বেয়া সময়ত তেওঁলোকে আৱেগিক নহৈ বিবেকেৰে যুঁজ দিবলৈ যত্ন কৰে। পৰিস্থিতি অনুসৰি নিজকে সলনি কৰিব পাৰে কুম্ভ ৰাশিৰ জাতকে। যেতিয়া যি কামত আগবাঢ়িব লাগে তাৰ মন্ত্ৰণা তেওঁলোকে জানে।

মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকসকল কঠোৰ পৰিশ্ৰমী আৰু পৰিপাটী হয়। জীৱনত যিয়েই নঘটক কিয় তেওঁলোক কেতিয়াও লক্ষ্যৰ পৰা বিচ্যুত নহয়। বেয়া সময় জীৱনলৈ আহিলেও নিৰৱে সেই সময় অতিক্ৰমী যায় এই ৰাশিৰ জাতকে। দুৰ্ভাগ্যক তেওঁলোকে জীৱনলৈ অহা সাময়িক বাধা হিচাপেই জ্ঞান কৰে। বেয়া সময়ত তেওঁলোকে দৃঢ় মনটোৰে ভাল সময়লৈ নিৰৱেই অপেক্ষা কৰিব পৰাকৈ শক্তিশালী।

মেষ ৰাশি
এই ৰাশিৰ ব্যক্তি যিমান সাহসী, তেনেকৈয়ে মানসিকতাৰেও দৃঢ়। এওঁলোকে মনৰ জোৰতেই খুব বেছি বাধাও হেলাৰঙে পাৰ কৰে। বেয়া সময় আহিলে তাত তেওঁলোকে ভাঙি নপৰি বিষয়টোক পুনঃবিবেচনা কৰি আগবাঢ়ে। ডাঙৰ লক্ষ্যৰ পাছত দৌৰাত সময় নষ্ট নকৰি সৰু সৰু লক্ষ্য স্থিৰ কৰি সেয়া অৰ্জন কৰাৰ চেষ্টা কৰে এই ৰাশিৰ জাতকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *