বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

বাঢ়িছে জলস্তৰ, সমগ্ৰ বেংককেই এদিন ডুবি যাব সমুদ্ৰৰ তলত,থাইলেণ্ডে আৰম্ভ কৰিছে নতুন ৰাজধানী নিৰ্মাণৰ প্ৰক্ৰিয়া?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বাঢ়িছে সমূদ্ৰৰ জলস্তৰ৷ টোপনি হেৰাইছে থাইলেণ্ডবাসীৰ৷ সলনি হ’ব পাৰে থাইলেণ্ডৰ ৰাজধানীও৷ পৰিস্থিতি যদি এনেকৈয়ে থাকে তেন্তে থাইলেণ্ডৰ ৰাজধানী বেংককৰ পৰা অন্য স্থানলৈ লৈ যাব লগা হ’ব বুলিও একপ্ৰকাৰে খাটাং হৈ পৰিছে থাইলেণ্ড প্ৰশাসন৷ সংবাদ সংস্থা এএফপিক বুধবাৰে এই উদ্বেগৰ খবৰ জনাইছে থাইলেণ্ডৰ জলবায়ু সংক্ৰান্তিয় কাৰ্যালয়ৰ এগৰাকী ছিনিয়ৰ অফিচাৰে৷ ধাৰাবাহিকভাৱে যি ছবি দেখা গৈছে সেই ছবিক লৈ শংকিত হৈছে থাইলেণ্ডবাসী৷

জলবায়ু বিশেষজ্ঞসকলৰ একাংশৰ অনুমান, এই শতাব্দী শেষ হোৱাৰ পূৰ্বেই সমুদ্ৰৰ তলিত সোমাই পৰিব বেংকক চহৰ৷ বৰ্ষাকালত থাইলেণ্ডৰ ৰাজধানীৰ বেছিভাগ চহৰেই প্লাবিত হৈ আছে৷  সেয়ে চিন্তা বাঢ়িছে জলবায়ু বিশেষজ্ঞসকলৰো৷ থাইলেণ্ড চৰকাৰে জলবায়ু পৰিবৰ্তন আৰু পৰিবেশ বিভাগৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল পাভিচ কেছাভাওঙে সাৱধান বাণী দি কয়, ‘বৰ্তমান উষ্ণায়নৰ যি পৰিস্থিতি সেই পৰিস্থিতিত বিশ্বৰ সৈতে খোজ মিলাব নোৱাৰিব বেংককে৷ আমি ইতিমধ্যেই ১.৫ডিগ্ৰী চেলছিয়াছ বেছিতেই আছো৷ এই পৰিস্থিতিত আমি অভিযোজনৰ বিষয়েও ভাৱিব লাগিব৷ এই পৰিস্থিতিত থাকিলে আমি অচিৰেই সাগৰ তলিত ডুব যাম৷’

নেদাৰলেণ্ডৰ দৰে বেংকক চহৰতো ডাইক নিৰ্মাণৰ চিন্তাভাৱনা চলাইছে স্থানীয় প্ৰশাসনে৷ কিন্তু এই ক্ষেত্ৰত চিন্তাভাৱনা কৰি আগুৱাই যোৱা উচিত বুলি জনাইছে পাভিছে৷ তেওঁৰ মতে সমগ্ৰ বিষয়টোৱেই অনুমানৰ ভিত্তিহে৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *