কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ

কৰ্কটত আক্ৰান্ত হৈ মাত্ৰ কেইটামান দিনৰ অতিথি! চিৰবিদায়ৰ পূৰ্বে প্ৰেমিকৰ সৈতে বিবাহৰ অনুষ্ঠাৰ ১০ বছৰীয়া কন্যাৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অইন পাঁচটা শিশুৰ দৰে তেওঁ আব্দাৰ কৰা নাছিল পিতৃ-মাতৃক। যি বিচাৰিছিল সেয়া শুনি পিতৃ-মাতৃয়েই আচৰিত হৈ পৰিছিল। তেওঁ ১০ বছৰ বয়সতেই প্ৰেমিকৰ সৈতে বিয়াত বহিব খুজিছিল। পিতৃ-মাতৃক জনাইছিল যে সংসাৰ কৰি তেওঁ সন্তানৰ মাতৃও হ’ব খোজে। মাতৃ হোৱাৰ সপোন আধৰুৱা হৈ ৰ’লেও বিবাহৰ সপোন কিন্তু সঁচা হয়। মৃত্যুৰ ১২ দিন পূৰ্বে প্ৰেমিকৰ সৈতে বিয়া কৰাইছে ১০ বছৰীয়া এমা এডওৱাৰ্ডছে। নৰ্থ কেৰোলাইনৰ ৱালনাট কোভ এলেকাত কৰ্কট আক্ৰান্ত কন্যা শিশুটিৰ মনোকামনা পূৰণ কৰিবলৈকে পিতৃ-মাতৃয়ে আয়োজন কৰে বিবাহ অনুষ্ঠানৰ।

আমেৰিকান সংবাদমাধ্যম ‘নিউ ইয়ৰ্ক পোষ্ট’ৰ প্ৰতিবেদন অনুসৰি ২৯ জুনত প্ৰেমিৰ ডেনিয়েল মাৰ্ছেল ক্ৰিষ্টোফাৰ ‘ডিজে’ উইলিয়ামছৰ সৈতে বিবাহৰ অনুষ্ঠান আয়োজন কৰে এমাৰ পিতৃ-মাতৃয়ে। বিয়াবৰ ১২ দিন পাছত অৰ্থাৎ ১১ জুলাইত মৃত্যু হৈছে এমাৰ। এই সন্দৰ্ভত তেওঁৰ মাতৃ এলিনাই কয়, ‘এমাৰ সপোনবোৰ অন্য শিশুৰ দৰে নাছিল। এমাই কেতিয়াও আন শিশুৰ দৰে ডিজনিলেণ্ড যোৱাৰো সপোন দেখা নাছিল। এমাই সপোন দেখিছিল তেওঁ বিবাহ কৰাব। সন্তানৰ মাতৃ হ’ব।’

আইনগত বাধা থকা স্বত্ত্বেও নাৱালিকা কন্যাৰ ভুৱা বিবাহৰ আয়োজন কৰে এমাৰ পিতৃ-মাতৃয়ে। এই অনুষ্ঠানত সকলোবোৰ সঁচা বিবাহৰ দৰেকৈয়ে আয়োজন কৰা হ’ল। সংবাদমাধ্যমৰ আগত কন্যাৰ স্মৃতিচাৰণ কৰি এলিনাই কয়, ‘এমা বৰ মৰমলগা শিশু আছিল। মই সকলো সময়তে এই কথা কওঁ। আমি তাইৰ শেষ ইচ্ছা, বিবাহ কৰোৱা এই সপোনটোক পূৰ কৰিবলৈকে এই ভুৱা বিয়া পাতি দিলো।’

এডৱাৰ্ড দম্পত্তিয়ে লগতে কয়, ‘বিগত বৰ্ষৰ এপ্ৰিল মাহত হঠাৎ এমা অসুস্থ হৈ পৰিছিল। তাই পোনতে পৰি গৈছিল। তেতিয়াই ভৰিত আঘাত লাগিছিল। তাৰপিছতেই বমিও হ’বলৈ ধৰে। আমি লগে লগে এমাক হাস্পতাললৈ লৈ গ’লো। লগে লগে এমাৰ চিকিৎসাও আৰম্ভ হয়। কিন্তু চিকিৎসকে আমাৰ আচৰিত কৰি জনায় যে এমাৰ অস্থিমজ্জাত কৰ্কটে বাহৰ পাতিছে। তেজতো কৰ্কটৰ বীজানু আছে। একিউট লিম্ফোব্লাষ্টিক লিউকোমিয়াত আক্ৰান্ত এমা। সেই সময়ত চিকিৎসকে এমা সুস্থ হৈ উঠিব বুলি আশ্বাসো দিছিল। চিকিৎসকে কৈছিল শিশুসহ বয়স্কসকলৰ মাজত এই কৰ্কট বিৰল নহয়। কিন্তু পাছলৈ বিগত জুন মাহত চিকিৎসকে জনাই যে এমা আৰু এই পৃথিৱীত বেছি দিনৰ অতিথি নহয়।

মাতৃ এলিনাই এই সন্দৰ্ভত কয়, ‘চিকিৎসকৰ পৰা এনে কথা শুনিম আমি সপোনতো কল্পনা কৰা নাছিলো। আমি ভাৱিছিলো এমা সুস্থ হৈ উঠিব। এমাৰ কোনো চিকিৎসাই নাই সেই কথা সপোনৰো অগোচৰ আছিল।’ যাৱতীয় সকলো চেষ্টা কৰাৰ পাছতেই চিকিৎসকে জনায় যে, এমাৰ বিদায়ৰ ক্ষণ নিচেই কাষত। কন্যাৰ আসন্ন মৃত্যুসংবাদ লাভ কৰি তাইৰ ইচ্ছাপূৰণৰ কথাবোৰকেই পিতৃ-মাতৃয়ে গুৰুত্ব দিবলৈ ধৰিলে। এমাৰ সপোন বিয়া কৰোৱা, এই সপোনটো পূৰ কৰিবৰ বাবে এমাৰ প্ৰেমিক ডিজেৰ মাকক লগ কৰে এলিনাই। এলিনাই কন্যাৰ ইচ্ছাৰ কথা জনোৱাত ডিজেৰ মাতৃয়েও পূৰ্ণ সহযোগিতা আগবঢ়ায়। লগে লগেই দুয়োৰে বিবাহৰ দিন ধ্যাৰ্য কৰে এমাৰ মাতৃয়ে। অনুষ্ঠানটোত পবিত্ৰ বাইবেল পঢ়োৱাই এডৱাৰ্ডছ পৰিয়ালে কন্যাৰ বিবাহৰ অনুষ্ঠান আয়োজন কৰে।

এলিনাই লগতে কয়, ‘নাবালিকা কন্যাৰ বিবাহৰ সমস্ত উপহাৰ দান কৰি দিয়ে এমাৰ পিতৃ-মাতৃয়ে। এমাৰ বিবাহৰ ১২ দিন পাছতেই মৃত্যু হয়। কন্যাৰ মৃত্যুৰ পাছত শোকত ভাঙি পৰিছে এমাৰ পৰিয়াল। এমাৰ স্মৃতিচাৰণত এমাৰ মাতৃ এলিনাই কয়, ‘ডিজেৰ দৰে ইমান মৰমলগা শিশু ক’তো নাপাম। এমাক সঁচাকৈয়ে ভালপাইছিল সি।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *